বিশ্ব গ্ৰন্থ দিৱসৰ দিনা লেখক ৰমেশ চন্দ্ৰ দাস দেৱে ‘নীল নক্ষত্ৰৰ সুৰ’ৰ ওপৰত লিখা দীঘলীয়া আলোচনাটিয়ে মন ভৰাই তুলিলে ৷

যোৱা ২৭ ডিচেম্বৰত বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডা:শুভ্ৰ কিঙ্কৰ গোস্বামীয়ে মোলৈ ফোন কৰিছিল।তেওঁৰ শেহতীয়া উপন্যাস “নীল নক্ষত্ৰৰ সাধু”খন বড়ো ভাষাত অনুবাদ কৰা সম্পৰ্কে।

পিছদিনা তেওঁৰ নলবাৰীৰ চিকিৎসালয়ৰ পৰা উপন্যাসখনৰ দুটা কপি মোৰ সহকৰ্মী জোন ভট্টাচাৰ্যৰ জৰিয়তে সংগ্ৰহ কৰিছিলো।পুনৰ ফেব্ৰুৱাৰী মাহত ডা:গোস্বামীয়ে অনুবাদকৰ বিষয়ে সুধিছিল।এজন উপযুক্ত অনুবাদকৰ সন্ধান কৰি আছো যদিও সিদ্ধান্তত উপনীত হ’ব পৰা নাই।কৌশিক নন্দন বৰুৱাৰ ৯৯৯পৃষ্ঠাৰ “নিৰিবিলি”খন পঢ়ি থকা বাবে উপন্যাসখন পঢ়িব পৰা নাছিলোঁ।
এপষেকমান পূৰ্বে ৪১৪ পৃষ্ঠাৰ “নীল নক্ষত্ৰৰ সাধু”পঢ়ি সমাপ্ত কৰিলো।এখন অতি উচ্চমান বিশিষ্ট উপন্যাস।আকৰ্ষণীয় প্ৰচ্ছদ আৰু ছপা বন্ধা।উপন্যাসখনৰ পটভূমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল।শঙ্কৰ বৰুৱা আৰু জুপিতৰা বৰঠাকুৰৰ প্ৰেম কাহিনী।মেডিকেল কলেজত হোৱা ৰেগিং,আবাসী সকলৰ মাজত গঢ়ি উঠা আত্মিক সম্পৰ্ক,কলেজৰ বিভিন্ন ফাংচন,অসম আন্দোলন আৰু ইয়াৰ নেতিবাচক প্ৰভাৱ,অসমীয়া মানুহৰ জাতীয়তাবাদ,পানবজাৰ নৰকাচলৰ যৌৱনসুলভ আড্ডাৰ পিছতো চিকিৎসা বিজ্ঞানৰ ছাত্ৰ সকলৰ নিজৰ দায়িত্ববোধৰ প্ৰতি সচেতনতা,বৰপেটা আৰু নলবাৰীৰ স্থানীয় ভাষাৰ লগতে নলবাৰী ৰাসত থিয়েটাৰ উপভোগৰ অনন্য অভিজ্ঞতা,গ্ৰাম্য সৰলতা ইত্যাদি ইত্যাদিৰ সাৱলীল বৰ্ণনা সমৃদ্ধ।ঘটনা প্ৰবাহ সাহিত্যিক বৰ্ণনাৰে গতিশীল কৰাৰ লগতে কৌতূহলোদ্দীপক।শিক্ষণীয় দিশ উপলব্ধ।
এনে অলেখ ঘটনা প্ৰবাহৰ মাজতে মেডিকেল কলেজৰ ছাত্ৰ নাৰায়ণপুৰৰ শঙ্কৰ বৰুৱা আৰু ছাত্ৰী গুৱাহাটীৰ এক সম্ভ্ৰান্ত চিকিৎসকৰ একমাত্ৰ কন্যা জুপিতৰা বৰঠাকুৰৰ মাজত গঢ়ি উঠা প্ৰেম।দুয়োৰো অসাধাৰণ ব্যক্তিত্ব।চিকিৎসা মহাবিদ্যালয়ৰ প্ৰায়ভাগ আবাসীৰ মাজত সৰৱ চৰ্চা হ’লেও সকলোৰে দুয়োৰো দৈনন্দিন জীৱনকলৈ আছিল বেছ উৎকণ্ঠা।
কিন্তু অৱশেষত জুপিতৰাৰ দেউতাক-মাকৰ সৈতে আনুষ্ঠানিকভাৱে পৰিচয় হবলৈ গৈ এক অনাহুত পৰিৱেশৰ সৃষ্টি হ’ল-তাৰ পৰাই আৰম্ভ হৈছিল দুয়োৰো মাজত ব্যৱধান।পিছদিনা বাউলিহৈ জুপিতৰা শঙ্কৰ বৰুৱাৰ আবাসলৈ গৈছিল যদিও সাংঘাতিক ধৰণে অপমানত দগ্ধ আছিল বৰুৱা—।ইয়াৰ পিছৰ পৰাই আৰম্ভ হয় সংঘাতপূৰ্ণ অধ্যায়।
গাঁৱৰ মানুহৰ প্ৰতি থকা কমিটমেণ্ট ৰক্ষা কৰিবলৈ গাঁৱলৈ উভতি আহিছিল ডা:শঙ্কৰ বৰুৱা।গাঁৱতো নানা পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হয়।পদোন্নতি আদিক অৱজ্ঞা অৱহেলা কৰি-জুপিতৰাৰ পৰা দূৰৈত থাকি চিকিৎসাত ব্যস্ত হৈ থাকিল যদিও বুকুৰ ভিতৰত কঢ়িয়াই ফুৰিছিল অসনীয় দুখ যন্ত্ৰণা।পৰৱৰ্তীত পৰিয়াল আৰু বন্ধুবৰ্গৰ হেচাত শাৰদীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় শঙ্কৰ বৰুৱা।কিন্তু সংসাৰৰ প্ৰতি তেওঁ আছিল সম্পূৰ্ণ উদাসীন।জুপিতৰাৰ স্মৃতিয়ে বিধ্বস্তপ্ৰায় কৰিছিল ডা:শঙ্কৰ বৰুৱাক।
দুয়োৰো সংসাৰলৈ আহিছিল অংকুৰণ।অংকুৰণে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল।ডা:বৰুৱাৰ দৰেই আছিল অংকুৰণৰ ব্যক্তিত্ব।তেতিয়া ডা:বৰুৱাৰ সহপাঠী সকল চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক-মুৰব্বী অধ্যাপকৰ পৰা আৰম্ভ কৰি বিভিন্ন পদত অধিষ্ঠিত হৈছিল।ডা:জুপিতৰা বৰঠাকুৰে বিদেশত পঢ়াশুনা কৰি চিকিৎসা মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল।সকলো ছাত্ৰ-ছাত্ৰীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল জেবি বাইদেউ অৰ্থাৎ ডা:জুপিতৰা বৰঠাকুৰ।আকৰ্ষণীয় ব্যক্তিত্ব,সুন্দৰ পোছাক পৰিচ্ছদ।জুপিতৰাই প্ৰথম কাউন্সিলিঙৰ দিনাই অংকুৰণক চিনি পাইছিল।অংকুৰণে জেবি বাইদেউৰ মাজত বিচাৰি পাইছিল মাতৃসুলভ মৰম।গভীৰ অশ্বস্তিত পৰিছিল শঙ্কৰ বৰুৱাই।কিজানিবা কেনেবাকৈ তেওঁলোকৰ অতীত অধ্যায়ৰ বিষয়ে অংকৰণে জানিব পাৰে !
শঙ্কৰ বৰুৱাৰ স্মৃতি বুকুত বান্ধি জুপিতৰা বৰঠাকুৰ গোটেই জীৱন অবিবাহিত হৈ থাকিল।নিজৰ প্ৰকৃত প্ৰেম চিৰদিন অক্ষত ৰাখিলে।কিন্তু শঙ্কৰ বৰুৱাই যেন স্বাভিমানৰ নামত জুপিতৰাক প্ৰতাৰণা কৰিলে।কাৰণ দেউতাকৰ ব্যৱহাৰৰ বাবে জুপিতৰাৰ দোষ ক’ত ?দীৰ্ঘদিনৰ পিছত জুপিতৰাই শঙ্কৰ বৰুৱালৈ নিজৰ অভিব্যক্তি প্ৰকাশ কৰি লিখা চিঠিখন বৰ মৰ্মান্তিক।শঙ্কৰ বৰুৱা যেন এটি প্ৰস্তৰ মূৰ্তিলৈ পৰ্যবসিত হৈছিল।
অৱশেষত ডা:শঙ্কৰ বৰুৱা কভিডত আক্ৰান্তহৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে।কভিডৰ প্ৰটোকল অনুসৰি শ্মশানত দাহনৰ সময়ত বছৰ বছৰ ধৰি স্মৃতিৰ চিন স্বৰুপে সাঁচি ৰখা দাগলগা শাৰীখন পৰিধান কৰি জুপিতৰাই অংকুৰণক সংগ দিয়ে।আনকি মৃতকৰ অস্থি গংগাত বিসৰ্জনকলৈ অপমান সহ্য কৰিবলগা হয় জুপিতৰাই।বৰ হৃদয়বিদাৰক।
“বগা পাটৰ মেখেলা,কপাহী বগা চাদৰৰ উপৰি তিতা চুলিখিনি শুকাবলৈ মূৰত বান্ধি লোৱা গামোচাখনেৰে জুপিতৰাক সাইলাখ গাঁৱৰ লখিমী বোৱাৰী এজনী যেন লাগিল।” ইত্যাদি অনেক সাহিত্যিক বৰ্ণনা বৰ মনোগ্ৰাহী।
লেখক ডা:গোস্বামী চিকিৎসা সেৱাৰ সমান্তৰালকৈ সাহিত্য সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আমাৰ অতিকে শ্ৰদ্ধাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *