❤️❤️❤️❤️❤️নিৰ্ম্মল ভকত❤️❤️❤️❤️

✍️🌹❤️ ৰজনীকান্ত বৰদলৈ।

‘নিৰ্ম্মল ভকত’ উপন্যাসখনৰ ৰচক হ’ল ৰজনীকান্ত বৰদলৈ।

উপন্যাসখনত সামৰণিকে ধৰি মুঠ ২৬টা অধ্যায় আছে।

‘নিৰ্ম্মল ভকত’ উপন্যাসৰ কাহিনী সৃষ্টিৰ অন্তৰালৰ মূল কাৰণ হৈছে মানৰ আক্ৰমণ আৰু অত্যাচাৰ।

নিৰ্ম্মল ভকত দক্ষিণপাট সত্ৰৰ এগৰাকী ভকত,তেওঁৰ সোঁৱৰণিত জিলিকি উঠিছে মানৰ আক্ৰমণৰ পটভূমি।

‘নিৰ্ম্মল ভকত’ ১৯২৫ চনত ডিব্ৰুগড়ৰ পৰা বৰদলৈয়ে নিজে ছপাই উলিয়াইছে।

অসমত দ্বিতীয়বাৰ মানৰ আক্ৰমণৰ ঘটনা লৈ লিখা ই এখন বুৰঞ্জীমূলক উপন্যাস।

ইংৰাজ কবি টেনিচনৰ ৰচিত ‘এনক আৰ্ডেন’ নামৰ দীঘলীয়া কাহিনী কাব্যৰ প্ৰভাৱত এই উপন্যাস লেখা হয়।

মানৰ আক্ৰমণৰ ফলত অসমীয়ালোকৰ জীৱন কিদৰে ওলট পালট হৈছিল, বিশেষকৈ শোকে তাপে দুখে হতাশাই কেনেকৈ অসমীয়া মানহক দগ্ধ কৰিছিল তাৰে এটি বুজন আভাস নিৰ্ম্মলৰ চৰিত্ৰ মাজেদি ঔপন্যাসিকে দিছে।

উপন্যাসৰ কাহিনী প্ৰথম পুৰুষত বৰ্ণনা কৰা হৈছে।

উজনিৰ পানীদিহিং মৌজাৰ লাহন গাঁৱত নিৰ্ম্মলৰ জন্ম হৈছিল। নিৰ্ম্মল, অনিৰাম আৰু ৰূপহী সৰুৰে পৰা একেলগে উমলি জামলি ডাঙৰ হোৱা হোৱা লগৰীয়া।

সৰুতে দৰা কইনা খেলা নিৰ্ম্মল আৰু ৰূপহীৰ শৈশৱৰ ভাল লগাটো যৌৱনত ভৰি দিয়াৰ লগে লগে ভালপোৱালৈ পৰ্যবসিত হ’ল। নিৰ্ম্মলৰ পিতাক সৰ্ব্বানন্দ মেধিয়ে দুখীয়া ঘৰৰ ছোৱালী বুলি ৰূপহীক বোৱাৰী কৰি ল’বলৈ অমান্তি হ’ল।

ভালপোৱাৰ গভীৰতাৰ বাবেই নিৰ্ম্মলে ৰূপহীক তাইৰ সন্মতি সাপেক্ষে জাজীমুখৰ সন্দিকৈ গাঁৱলৈ পলুৱাই লৈ গ’ল। দুয়ো গৈ মাহীয়েকৰ ঘৰত আশ্ৰয় ল’লে।

কিছুদিনৰ পিছত মাহীয়েকৰ মধ্যস্থতাত নিৰ্ম্মলৰ দেউতাক সৰ্ব্বানন্দ মেধিয়ে পো বোৱাৰীক ঘৰলৈ আনি সমাজৰ নিয়ম অনুযায়ী বিবাহ দিলে। কিছুদিন পিছতে নিৰ্ম্মলৰ মাক দেউতাকৰ গ্ৰহণী ৰোগত মৃত্যু হ’ল। সুখে দুখে দাম্পত্য জীৱন আৰম্ভ কৰোঁতেই মানে অসম আক্ৰমণ কৰিলে আৰু সিহঁতৰ জীৱনলৈ দুৰ্যোগ নমাই আনিলে।

নিৰ্ম্মলে স্বদেশৰ হকে মানৰ বিৰুদ্ধে যুঁজ কৰিবলৈ গৈ মানৰ হাতত বন্দী হ’ল আৰু মানে তেওঁক মানদেশলৈ লৈ গ’ল। নিৰ্ম্মলে উভতি আহিব বুলি বাৰ বছৰতকৈ অধিক কাল নিৰ্ম্মলৰ বাবে অপেক্ষা কৰি কৰি শেষত শৈশৱৰ শুভাকাঙ্খী অনিৰামৰ লগত ৰূপহী বিবাহত আৱদ্ধ হয়। অনিৰামেও ৰূপহীক সৰুৰে পৰাই ভাল পাইছিল যদিও কেতিয়াও মুখ ফুটাই কোৱা নাছিল। প্ৰায় বাৰ বছৰকাল মানদেশত জীৱন অতিবাহিত কৰি নিৰ্ম্মলে স্বদেশলৈ আহিবলৈ সুযোগ পালে।

নিজ গাঁৱত ঘূৰি আহি কাকো নেদেখি বোকাখাতৰ বুঢ়া এজনৰ মুখত ৰূপহী অনিৰামৰ বিয়াৰ কথা শুনি নিৰ্ম্মলে বৈৰাগী বেশেৰে অনিৰাম ৰূপহীক স্বামী স্ত্ৰী ৰূপে দেখি আহে আৰু বাকী জীৱন পাৰ্থিৱ প্ৰেমক ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিলে আৰু মাজুলীৰ দক্ষিণপাট সত্ৰত ভকত ৰূপে দিন নিয়াবলৈ ল’লে। নিৰ্ম্মলৰ মৃত্যুৰ পিছত ৰূপহী অনিৰামে সকলো কথা জানিব পাৰি নিৰ্ম্মলৰ অন্ত্যেষ্টিক্ৰিয়াত যোগদান কৰি পুত্ৰৰ হতুৱাই শ্ৰাদ্ধ পিণ্ডদান কৰালে আৰু ভক্তিৰ চিহ্নস্বৰূপে পুখুৰী খন্দাই নামঘৰ সাজি দিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *