দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উপলক্ষে গ্রন্থ উন্মোচনী সভা ‘সান্নিধ্য’ আৰু ‘নিমাতীৰ হাঁহি’ শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন।

দেৰগাঁও সাহিত্য সভাৰ শতবর্ষ উপলক্ষে হাতত লোৱা দুশ খন গ্রন্থ প্রকাশ আঁচনিৰ অধীনত আজি এখন গ্রন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।

এই উপলক্ষে দেৰগাঁও সাহিত্য সভা ভৱনত শতবর্ষ উদ্যাপন সমিতিৰ সভাপতি নুৰুল চুলতানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়।

দেৰগাঁও সাহিত্য সভাৰ সম্পাদক বিচিত্র ভূষণ কলিতাই আঁত ধৰা সভাখনত লেখিকা বীণা ঠাকুৰ বেজবৰুৱা ‘সান্নিধ্য’ আৰু লেখক খগেন্দ্ৰনাথ শৰ্মাৰ গল্প সংকলন ‘নিমাতীৰ হাঁহি’ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্রাক্তন প্রধান সম্পাদক পদুম ৰাজখোৱাই।

উন্মোচকৰ ভাষণত প্ৰাক্তন প্রধান সম্পাদক গৰাকীয়ে
শতবৰ্ষ উদ্যাপন উপলক্ষে দেৰগাঁও সাহিত্য সভাই গ্ৰহণ কৰা ব্যতিক্ৰমী পদক্ষেপক শলাগ লোৱাৰ লগতে শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি নুৰুল চুলতানৰ প্ৰচেষ্টাক ধন্যবাদ জনায়।

নুৰুল চুলতানৰ নেতৃত্বত ২০১৮ চনতেই কলকাতাত সাহিত্য সভাৰ শাখা গঠন হোৱা কথাও উল্লেখ কৰে প্ৰাক্তন সম্পাদক গৰাকীয়ে।

দেৰগাঁও সাহিত্য সভাৰ সভাপতি অজিত চন্দ্ৰ দত্ত, নগাঁও সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, শতবর্ষ উদ্‌যাপন সমিতিৰ গ্ৰন্থ প্ৰকাশন উপ-সমিতিৰ সভাপতি ড° ক্ষীৰেশ্বৰ লয়িঙৰ উপৰি পৱিত্ৰ নাথ, গণেশ গোস্বামী, প্রভাত ফুকন, ভোলা হাজৰিকা, অৱনী বৰঠাকুৰ, কুশল পূজাৰী, প্ৰাণ গোপাল বৰঠাকুৰ, মুকুল কন্দলী আদি সাহিত্য সভাৰ বিষয়ববীয়া আৰু সাহিত্যানুৰাগী উপস্থিত থাকে।

সভাখনৰ আৰম্ভণিতে সাহিত্যিক ড° গিৰীশ শৰ্মাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি মৌন প্রার্থনা জনোৱা হয়।

লেখক খগেন্দ্ৰনাথ শৰ্মাই কৰ্মজীৱনৰ মাজতে গ্রন্থ লেখাৰ আঁৰৰ বিভিন্ন দিশ আলোক পাত কৰা সভাখনত সভাপতি নুৰুল চুলতানে ড° গিৰীশ শৰ্মাৰ দেৰগাঁও সাহিত্য সভালৈ অৱদানৰ সন্দৰ্ভত বিভিন্ন দিশ আলোকপাত কৰি শ্ৰদ্ধা জ্ঞাপন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *