গ্ৰন্থ আলোচনা

নিঃসংগতা- জীৱনৰ প্ৰকৃত সত্যৰ মুক্ত প্ৰকাশ

✍️চন্দন কুমাৰ নেওগ।

জীৱন বৰ অনুপম।

এই অনুপম জীৱনৰ অনেক কথা আনে নেদেখে।

আনে নুবুজে।

কেৱল নিজৰ মনৰ ভিতৰতে লুকাভাকু খেলি থাকে।

আনে নেদেখা, আনে নুবুজা কথাবোৰে বহুজনক নিঃসংগ কৰি তোলে।

শেৱালী শৰ্মা বৰকটকীৰ এখন সুখপাঠ্য উপন্যাস।

“নিঃসংগতা”

উপন্যাসখনৰ সুন্দৰ প্ৰচ্ছদ অংকন কৰিছে দ্বীপজ্যোতি তালুকদাৰে।

মুঠ পৃষ্ঠাসংখ্যা-১৫৭

এক দুৰ্ঘটনাত জীৱনৰ আপোনসকলক হেৰুৱাই পেলোৱা এগৰাকী আইতাৰ নিঃসংগ জীৱনক বিষয়বস্তু হিচাপে লৈ লিখা হৈছে সুন্দৰ উপন্যাসখন।

জীৱনলৈ গোপনে অহা নিঃসংগতা আতৰাই জীৱন জীপাল কৰিবলৈ চেষ্টা কৰা আইতাৰ কাহিনীয়ে জীৱন হেৰুওৱা অনেক জনক প্ৰেৰণা দিব।

জীৱনত বাট হেৰুৱাই পেলোৱা অনেকৰ বাবে সাহস হৈ উঠিব।

উপন্যাসখনৰ সম্পৰ্কত সুলেখিকা মণিকুন্তলা ভট্টাচাৰ্যই লিখিছে- লেখিকা শেৱালী শৰ্মাৰ সাৱলীল কলমত সৰল ভাষাৰে ৰচিত এই উপন্যাস একেবহাতে পঢ়িব পাৰি।

এগৰাকী গৃহিণীৰ দৃষ্টিৰে আগুৱাই যোৱা ঘটনা প্ৰবাহত উন্মোচিত হয় কেইবাটাও উপকাহিনী।

মানুহৰ ভিতৰৰ অনেক নোকোৱা কথাৰ তৰপবোৰ অতি সূক্ষ্মভাৱে লেখিকাই লিখি গৈছে।

তেওঁৰ কাহিনী বয়নৰত নিপুণতা আছে। পাঠকক মুগ্ধ কৰিব পৰা কৌশল তেওঁৰ আয়ত্তত।

আন এগৰাকী সুলেখিকা অঞ্জনা বৰঠাকুৰে লিখিছে-“জীৱনৰ দুখ-শোক, চিন্তা-দুঃচিন্তা, অসমীয়া সমাজৰ নীতি-নিয়ম,উৎসৱ-পাৰ্বণ তথা পাৰিবাৰিক সংস্কাৰ-পৰম্পৰাৰে সম্বলিত ঘটনা বহুল চিত্ৰ এখনি লেখিকাৰ কলমেৰে খুব সুন্দৰ ভাৱে পৰিস্ফুত হোৱা পৰিলক্ষিত হৈছে।

উপন্যাসখনৰ বিষয়ে লেখিকাই পাতনিত লিখিছে-“সমাজত হাঁহি মাতি ৰঙিয়াল হৈ থকা প্ৰতিজন ব্যক্তিয়েই সুখী বুলি ক’ব নোৱাৰি।

বহুতেই দুখবোৰ হেঁচা মাৰি নিজক লুকুৱাবলৈ অভিনয় কৰে যদিও তেওঁ লোকক ভিতৰি ভিতৰি নিঃসংগতাৰ অক্টোপাচে মেৰিয়াই ধৰে। নিঃসংগ সকলৰ বেদনাবোৰ একেই, মাথো কাৰণবোৰ বেলেগ বেলেগ।

কোনোবাই পাই হেৰোৱাৰ বেদনাত নিঃসংগ, কাৰোবাৰ আকৌ সকলো থাকিও নিঃসংগ। বহুতেই আকৌ একেখন ভৰা ঘৰত থাকি নিঃসংগতাৰ উপত্যকাত অকলে বিচৰণ কৰি ফুৰে।

মই নিঃসংগতাক আকোঁৱালি লোৱা লোকসকলৰ বুকুৰ ভিতৰখনত থকা অসহায় অৱস্থাটো কাহিনীৰ মাজেৰে জুমি চাবলৈ প্ৰয়াস কৰিছোঁ”।

প্ৰিয় পাঠক
পঢ়িবচোন।
আশা কৰিম পঢ়ি ভাল পাব।

✍️চন্দন কুমাৰ নেওগ।

Leave a Reply

Your email address will not be published. Required fields are marked *