💐💐💐💐💐নাৰ্চিছাছৰ চহৰ💐💐💐💐

              💐মনালিছা শইকীয়া💐

আচলতে স্থায়ী বুলিবলৈনো মানুহৰ আছেই বা কি !

এই পৃথিৱীত স্থায়িত্ব কাৰ আছে ?

আজি যি আছে ,কাইলৈ সি শূন্য হৈ উঠিব পাৰে ।

এখন চহৰৰ অলেখ কাহিনী থাকে ।

ইতিহাস বা পৌৰাণিক আখ্যান থাকে।

চহৰ এখনৰ নামটোৰ অন্তৰালত থাকে কাহিনী ।

কিন্তু এই চহৰৰ বাসিন্দাসকল?

একেদৰেই থাকেনে তেওঁ‌লোক ?

প্ৰজন্মৰ পিছত প্ৰজন্মৰ চিন্তাবোৰ ?

জীৱনশৈলী?

জীয়াই থকাৰ ধৰণ ?

ভয়ংকৰভাৱে আত্মপ্ৰেমত মগ্ন মানুহবোৰ কোন ?

নাৰ্চিছাছ ?

নাৰ্চিছিজিম ?

কি এই নাৰ্চিছিজিম ?

কোন এই নাৰ্চিছাছ ?

💐নাৰ্চিছিজিম মানে Too much interest in admiration for your own physical appearance or your own abilities .💐

যাত্ৰা সদায় অকলশৰীয়া মানুহৰ ।

যাত্ৰাপথত কোনোবা আহি কেতিয়াবা সহযাত্ৰী হয় ।কোনোবা নামি যায় ক’ৰবাত ।

শেষ ষ্টেচনটোলৈকে কোনোবা গৈ থাকেনে একেলগে ?

তাত কোনোবা ৰৈ থাকেনে ?

জীৱন গৈ থাকে।

চলি থাকে তাৰ নিজৰ গতিৰে।

স্বকীয় বৈশিষ্ট্যৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *