💐💐কিতাপৰ নাম -নানা কথা জনা-নজনা💐💐

লেখক – ড. মৃদুস্মিতা ফুকন

প্ৰকাশক- বনলতা

১ম প্ৰকাশ – ২০১২

মূল্য – ৬০ টকা

পৃষ্টা – ৭৪

আমি বাৰু কিমান কথা জানো?

আৰু জনা কথাবোৰৰেই বা কিমানখিনি জানো?

যি চাহকাপৰ সোৱাদ নোলোৱাকৈ আমাৰ ৰাতিপুৱাটোৱেই সম্পূৰ্ণ নহয়,সেই চাহকাপ ক’ৰ পৰা,কেনেকৈ আহিছে – আমি বাৰু জানোনে?

আকৌ অনবৰতে চকু গৈ থকা ঘড়ীটোনো কেনেকৈ আহিল,ইয়াকনো মানুহে কেতিয়া কেনেকৈ আৱিষ্কাৰ কৰিলে সেইবোৰ কথা আমি বাৰু কেতিয়াবা ভাবি চাইছোনে?

সদায় চাই থকা টেলিভিছনটোৰ কথাকেনো আমি কিমান জানো?

বা নিতৌ ব্যৱহাৰ কৰা কাগজ,কলম, প্লাষ্টিক,নিমখ,পেট্ৰল, টেলিফোন, আইছক্ৰীম আদিৰ কথাইনো বাৰু আমি কি জানো?

আকৌ আমি আজিকালি সততে কৈ থকা–আমাৰ অতি চিনাকি যেন লগা পেচমেকাৰ,বাইপাছ ছাৰ্জাৰী, ই চি জি, ফেক্স, ফটোষ্টেট আদি শব্দবোৰ সঁচাকৈ বাৰু আমাৰ কিমান চিনাকি?

নজনা কথা জনাৰ হাবিয়াস মানুহৰ জন্মগত।

আমি নিতৌ নতুন কথা জানিবলৈ হেঁপাহ কৰোঁ।

কিন্তু আমি দৈনন্দিন ব্যৱহাৰ কৰি থকা বা কথা-বতৰাত ব্যৱহাৰ কৰি থকা বহুত বস্তুৰ বিষয়ে আমাৰ জ্ঞান অতি সীমিত।

আমাৰ এই নজনা বা অলপ জনা বস্তুবোৰৰ তালিকাখন ক্ৰমান্বয়ে দীঘলীয়া কৰি গৈ আছে আজিৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দ্ৰুত প্ৰসাৰে।

অথচ আমাৰ আগ্ৰহ থকা সত্বেও সেইবোৰৰ বিষয়ে জানিবলৈ আমাৰ হাতত উপযুক্ত তথ্যৰ অভাৱ।

আমাৰ এই দীৰ্ঘদিনীয়া অভাৱৰ ভালেখিনি পূৰ কৰিব পাৰিব ‘নানা কথা জনা-নজনা’ শীৰ্ষক গ্ৰন্থখনে

লেখিকাই আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা বা আমাৰ মাজত সঘনাই আলোচনা হৈ থকা কেইবিধমান সামগ্ৰীৰ তথ্য-নিৰ্ভৰ আলোচনা সুন্দৰকৈ একোটা কাহিনীৰ আকাৰে গ্ৰন্থখনত সজাই তুলিছে।

গ্ৰন্থখনৰ উপস্থাপন আৰু ভাষা কিশোৰৰ মনোগ্ৰাহী কৰাৰ বাবে চেষ্টা কৰা হৈছে।

সেইদৰে গ্ৰন্থখনৰ বিষয়বস্তুৰ ক্ষেত্ৰতো যথেষ্ট সাৱধানতা অৱলম্বন কৰি এক সীমাৰ মাজত ইয়াৰ প্ৰসাৰ ঘটোৱা হৈছে।

আমাৰ ধাৰণা মূলত: কিশোৰৰ উপযোগীকৈ ৰচনা কৰা এই গ্ৰন্থখনে কিন্তু নিশ্চয়কৈ বয়স্কজনৰো অনেক প্ৰশ্নৰ উত্তৰ দিবলৈ সমৰ্থ হ’ব।

আমি অচিৰেই গ্ৰন্থখনৰ এক বহল সংস্কৰণ কামনা কৰিছোঁ, য’ত লেখিকাই আৰু কিছুমান নতুন নতুন বিষয় সাঙুৰি ল’ব আৰু সেই সংস্কৰণটিত আমাৰ সমাজৰ কিশোৰসকলে তেওঁলোকৰ মনত সততে উদয় হৈ থকা আৰু কিছুমান কৌতূহলী বিষয়ৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পাব।

গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে অসমৰ আগশাৰীৰ এক পুথি-প্ৰকাশন ‘বনলতা’ই।

গ্ৰন্থখন প্ৰকাশ কৰি এই অভিজাত প্ৰতিষ্ঠানটোৱে অসমীয়া ভাষাৰ জ্ঞান-বিজ্ঞানৰ পুথিৰ ভঁৰাললৈ এক উল্লেখযোগ্য অৰিহণা আগবঢ়ালে।

নি:সন্দেহে প্ৰতিষ্ঠানটোৰ ই এক আদৰণীয় পদক্ষেপ।

গ্ৰন্থখনৰ ছপা,বেটুপাত আদি অতি সুন্দৰ হৈছে।


Leave a Reply

Your email address will not be published. Required fields are marked *