‘নয়নতৰাৰ পৃথিৱী’ৰ লেখিকাৰ মনৰ কথাৰে :

কাহিনীৰ আঁৰত বহুত কাহিনী লুকাই থাকে যিদৰে জীৱনৰ আঁৰত চলি থাকে বহুত জীৱন !

ক’ব লগা কথা বহুত আছিল , বহুখিনি কিতাপখনৰ মাজেৰেই কৈছোঁ কিন্তু কথা এতিয়াও বহুখিনি বাকী আছে ।

‘নয়নতৰাৰ পৃথিৱী’ কংক্ৰিটৰ পৃথিৱী নহয় , এইখন পৃথিৱী স্বাভিমান আৰু স্বতন্ত্ৰতাৰ পৃথিৱী ।

হাজাৰ হাজাৰ স্বাধীনতাকামী মানুহৰ তেজ নৈ হৈ বোৱা , কেঁচা মঙহ আৰু হাড়ৰ ওপৰত গঢ় লোৱা এখন পৃথিৱী !

হয় , স্বাভাৱিকতেই এইখন পৃথিৱী ৰক্তাক্ত কিন্তু ইয়াতো আকাশৰ ৰং নীলায়েই – ঠিক আপুনি বা ম‌ই দেখাৰ দৰেই !

‘নয়নতৰাৰ পৃথিৱী’ৰ পৰিকল্পনা আৰু তথ্য সংগ্ৰহৰ বাবে নিজৰ ব্যক্তিগত জীৱনৰ দুটা বছৰ খৰচ কৰিছিলোঁ ।

চৰিত্ৰ আৰু কাহিনীৰ প্ৰতি ন্যায় কৰিবলৈকে আও নগা ভাষা , নাগামিজ , ভূটানৰ ৰাষ্ট্ৰভাষা ঝাংখা আৰু কাম চলাব পৰাকৈ বাৰ্মিজ ভাষাও আয়ত্ব কৰিছিলোঁ ।

নাজানো কিমান দূৰ সফল হৈছোঁ কিন্তু ম‌ই কষ্ট কৰিছিলোঁ , নিজৰ ফালৰ পৰা ত্ৰুটি ৰাখিব খোজা নাছিলোঁ।

যিহেতু উত্তৰ-পূৱৰ সশস্ত্ৰ সংগ্ৰামখন কেৱল নিজৰ দেশতেই আবদ্ধ নহয় , বৰঞ্চ চুবুৰীয়া দেশলৈকে ইয়াৰ শিপা আৰু প্ৰভাৱ সম্প্ৰসাৰিত সেয়ে সংশ্লিষ্ট দেশবোৰৰ সম্ভ্ৰান্ত সংস্কৃতিৰ পৰম্পৰাগত খাদ্য-প্ৰনালীৰ পৰা লোকগীতলৈকে যিখিনি পাৰোঁ নয়নতৰাৰ পৃথিৱীত আগবঢ়াইছো।

অসমত আলফাৰ জন্ম হোৱাৰ পৰা ম্যানমাৰত কেম্প পতালৈকে , বাংলাদেশত হোৱা বিপৰ্যয়ৰ পৰা ভূটানৰ দক্ষিণাংশৰ চাৰিখন জিলা আলফা , এন.ডি.এফ.বি আৰু কে.এল.অ’ৰ মুক্তাঞ্চল হোৱালৈকে , নগা পাহাৰত বিপ্লৱৰ দামামা বজোৱা ফিজুৰ পৰা এন.এছ.চি.এনলৈকে , বাবা খাপলাঙ , মুইভাৰ পৰা স্বতন্ত্ৰত বিশ্বাসী নগা ৰাইজলৈকে ‘নয়নতৰাৰ পৃথিৱী’ত আটায়েই জীয়াই আছে।

সঁচা কথা ক’বলৈ গ’লে জীৱনৰ প্ৰথমখন উপন্যাসতেই উত্তৰ পূৰ্বাঞ্চলৰ সশস্ত্ৰ বিপ্লৱক সঁচা কাহিনী আৰু চৰিত্ৰৰ মাজেৰে অপৰিপক্ক হাতেৰে ধৰি ৰাখিবলৈ ম‌ই সাহ কৰা নাই , একেবাৰে মৰসাহ কৰিছোঁ ।

নিজস্ব চিন্তা-ধাৰা আৰু ৰুচিবোধ একান্তই ব্যক্তিগত বিষয় , তথাপি উত্তৰ-পূৱৰ ইতিহাসৰ পৰা সশস্ত্ৰ বিপ্লৱক কেতিয়াও বহিৰ্ভূত কৰিব নোৱাৰি ; তাৰ প্ৰভাৱ আৰু উপস্থিতি কেতিয়াও নস্যাৎ কৰিব নোৱাৰি ।

গতিকে আলোচনা , অধ্যয়ন আৰু পৰ্য্যালোচনাৰ বহু অৱকাশ আছে আৰু থাকিব‌ই ।

সামৰিক শাসনৰ দিনত , ‘সন্দেহ’তেই মৃত্যু হোৱা , মাৰ খাই খাই আধা মৰা হোৱা মানুহবোৰ , নিজে নাখাই স‌ংগঠনৰ ল’ৰা-ছোৱালীক চৰু উদঙাই ভাত খুওৱা সেই দিনবোৰকো সন্নিবিষ্ট কৰিবলৈ যত্ন কৰিছোঁ আৰু একেসময়তেই , সংগঠনৰ ভিতৰুৱা কন্দল আৰু আসোঁৱাহবোৰো ‘নয়নতৰাৰ পৃথিৱী’ত ফঁহিয়াবলৈ যত্ন কৰিছোঁ‌ ।

সংগঠনলৈ যোৱা বহু মানুহ বিভিন্ন কাৰণত পাছলৈ মূলসূঁতিলৈ ঘূৰি আহিল ।

বহুত সংখ্যক কিন্তু এতিয়াও তাতেই আছে আৰু আপোচবিহীন ভাবে একেটা উদ্দেশ্যেৰেই মৰণপণ যুঁজ এতিয়াও অব্যাহত ৰাখিছে।

তেওঁলোকে সমৰ্থন আৰু সমালোচনাৰ মাজেৰে নিজাকৈ এটা বাটৰ সৃষ্টি কৰি লৈছে আৰু এইটো বাটেই সেই এখন ভিন্ন পৃথিৱীলৈ লৈ গৈছে , যিখন পৃথিৱী বাহিৰৰ পৰা মনিব নোৱৰাকৈ ৰহস্যৰ কু‍ঁহেলিকাই আৱৰি ৰাখে।

আগবঢ়াইছোঁ এটা কাহিনীৰ প্ৰবাহ – যিয়ে চুই গৈছে জীৱনক , জীৱনৰ প্ৰতিটো স্তৰক আৰু সামৰি লৈছে এনে কিছুমান সাহসী মানুহক যি যুঁজিব জানিছিল , কেতিয়াবা জিকিছিল , কেতিয়াবা শিকিছিল কিন্তু কেতিয়াও হাৰ মনা নাছিল ।

প্ৰিয় পাঠক স্বাগতম জনাইছোঁ বিপ্লৱ , প্ৰেম , সংঘৰ্ষ আৰু জীৱনৰ জ্যোতিৰে বিধৌত জগতলৈ , নয়নতৰাৰ পৃথিৱীলৈ ।

আহক নয়নতৰাৰ পৃথিৱীলৈ যাও…..

Leave a Reply

Your email address will not be published. Required fields are marked *