
❤️ৰুণী ৱাহাবৰ ‘নক্ষত্ৰৰ পোহৰৰ সন্ধানত’ উন্মোচন❤️
ডুমডুমা শতদল শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত এক গ্রন্থ উন্মোচনী অনুষ্ঠানত গুৱাহাটীৰ প্ৰজ্ঞা মিডিয়া হাইপৰ দ্বাৰা প্ৰকাশিত ৰুণী ৱাহাবৰ প্ৰথমখন গ্ৰন্থ ‘নক্ষত্ৰৰ পোহৰৰ সন্ধানত’ উন্মোচন কৰে বিশিষ্ট সাংবাদিক তথা লেখক অমূল্য খাটনিয়াৰে।
গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত সাংবাদিক খাটনিয়াৰে একোখন গ্ৰন্থই সমাজত জ্ঞান প্ৰসাৰৰ ক্ষেত্ৰত কিদৰে এক গুৰুত্বপূৰ্ণ ভূমিকা – পালন কৰে, সেই কথা বর্ণনা কৰি কয় যে সময়ৰ সোঁতত গ্ৰন্থখন নাইকিয়া হৈ গ’লেও গ্ৰন্থখনে দি থৈ যোৱা জ্ঞান সমাজত চিৰস্থায়ী হৈ থাকি যায়।
জ্যেষ্ঠ সাংবাদিক তথা লেখক ধীৰেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত গ্রন্থ উন্মোচনী সভাখন কাকলি কলিতাৰ বৰগীতেৰে আৰম্ভ হয়।
অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট কবি ড° ৰঞ্জিত দত্তয়ো ভাষণ প্রদান কৰে।
তেওঁ বিশ্ব সাহিত্যৰ বিভিন্ন উল্লেখৰে প্ৰদান কৰা ভাষণটোত সকলোকে কিতাপ পঢ়ি বলৈ আহবান জনায়।
ডুমডুমাৰ জীয়ৰী আৰু বৰ্তমান বেংগালুৰুৰ বাসিন্দা তথা গ্ৰন্থখনৰ লেখিকা ৰুণী ৱাহাবে
তেওঁৰ প্ৰথমখন গ্ৰন্থৰ বিষয়ে উল্লেখ কৰি কয় যে অসমৰ কেইগৰাকীমান সাংস্কৃতিক নক্ষত্ৰৰ বিষয়ত লিখা তেওঁৰ প্ৰবন্ধসমূহৰ সংকলন এখন প্ৰকাশৰ বাবে তেওঁৰ প্ৰয়াত স্বামীয়ে তেওঁক উৎসাহিত কৰিছিল।
তদুপৰি তেওঁৰ সৰুকালৰ ঘৰুৱা শিক্ষক তথা গ্ৰন্থখনৰ উন্মোচক ‘ সাংবাদিক অমুল্য খাটনিয়াৰে তেওঁক লিখিবলৈ উৎসাহ যোগোৱাৰ লগতে বিভিন্ন ধৰণেৰে সহযোগিতা আগবঢ়াইছিল বুলি কয়।
অনুষ্ঠানত ডুমডুমা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা বীণাদেৱী বৰদলৈ, ডুমডুমা প্ৰেছ ক্লাবৰ সভাপতি মনোজ দত্ত আৰু ডুমডুমা শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিমলা বৰুৱায়ো ভাষণ দিয়ে।
সভাপতিৰ মন্তব্যত ধীৰেন ডেকাই লেখিকা ৰুণী ৱাহাৱৰ খেলুৱৈৰ পৰিয়াল’ বুলি উল্লেখ কৰি ডুমডুমাৰ পিতৃ পৰিয়ালটোক নিৰোদ চৌধুৰীৰ ‘ডুমডুমা ডুমডুমা’ গ্ৰন্থত ইয়াৰ উল্লেখ থকা বুলি কয়।
শেষত শলাগ জ্ঞাপন কৰে ডুমডুমা সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰাৰ উপৰি শতদল শাখা সাহিত্য সভাৰ সভাপতি দেবেন ডেকাই।

