
💐💐💐দ্য ৱন্দাৰ দেট ৱজ ইণ্ডিয়া💐💐💐💐
তত্ত্বসন্ধানী পণ্ডিত এ এল বাছামৰ এখন অতি উল্লেখযোগ্য গ্ৰন্থ হৈছে " দ্য ৱন্দাৰ দেট ৱজ ইণ্ডিয়া "।
এই বৃহৎ গ্ৰন্থখনত প্ৰাচীন ভাৰতৰ সভ্যতা-সংস্কৃতিৰ সকলো দিশ সামৰি লোৱা হৈছে।
প্ৰাক-ঐতিহাসিক যুগ, ঐতিহাসিক যুগ, ৰাষ্ট্ৰ,সমাজ, প্ৰাত্যহিক জীৱন, ধৰ্ম, শিল্প-কলা, ভাষা, সাহিত্য আৰু ভাৰতৰ ঐতিহ্য — এই দহটা অধ্যায়ৰ উপৰি আৰু বাৰটা মহা মূল্যৱান প্ৰবন্ধ এই গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে।
এই সমূহ বিষয়ৰ তত্ত্বান্বেষী আলোচনাত এনে এক যুক্তিনিষ্ঠ যোগসূত্ৰ তেওঁ স্থাপন কৰিছে যে সেইটোৱে এক বিস্ময়কৰ কথা।
তেওঁৰ ভাষাতে এক ” ৱন্দাৰ “। ভাৰত সন্দৰ্ভে বাছামৰ বিস্তীৰ্ণ অধ্যয়ন, জ্ঞানৰ গভীৰতা আৰু তীক্ষ্ণ বিশ্লেষণৰ উমান এই গ্ৰন্থত পোৱা যায়।
লগতে পূৰ্বৰ পণ্ডিতসকলৰ ভাৰত সন্দৰ্ভীয় গৱেষণাৰ ওপৰতো বাছামে আলোকপাত কৰিছে।
প্ৰাচীন ভাৰতৰ সামগ্ৰিক ঐতিহ্য-সংস্কৃতি আৰু সভ্যতাক জানিবৰ বাবে বাছামৰ এই গ্ৰন্থখন এক নিৰ্ভৰযোগ্য আধাৰ।
” দ্য ৱন্দাৰ দেট ৱজ ইণ্ডিয়া ” অসমীয়ালৈ অনুবাদ কৰিছে প্ৰদীপ শইকীয়াই।
তেওঁৰ অনুবাদ সাৱলীল আৰু মূলৰ ওচৰচপা।
অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা এই গ্ৰন্থৰখনৰ মূল্য ৪৫০ টকা মাত্ৰ ।
💐💐💐💐পকা বন্ধাঃ ৭৫০ টকা💐💐💐💐
