কুৰি শতিকাৰ দ্বিতীয় দশকত কলকাতাৰ অভিজাত ছোৱালী স্কুল ডায়’চেছনৰ শিক্ষণেৰে আলোকপ্রাপ্ত কিশোৰী দেৱবালা দুৱৰা অকালতে ছাত্ৰী জীৱন এৰি হ’বলগীয়া হয়….শিৱসাগৰৰ ৰক্ষণশীল সম্ভ্রান্ত চলিহা পৰিয়ালৰ বোৱাৰী।

মুকলি পথাৰত বেডমিণ্টন-টেনিছ খেলা ছোৱালীজনীৰ সৰহভাগ সময় পাৰ হয় অন্দৰ মহলত।

তেনেই কম বয়সত একাধিক সন্তান ধাৰণ, অকালত বৰ জাকৰ মৃত্যু, সমনীয়া ননদৰ নিৰুদ্দেশ, নিজৰ সন্তানহঁতৰ সৈতে সমান মৰমেৰে প্ৰতিপালন কৰে।

তেওঁলোকৰ কণ-কণ ল’ৰা-ছোৱালীক ।

কিন্তু তাৰ মাজতে হেৰাই নাযায় দেৱবালা, অথলে নামা ডায়’চেছনৰ শিক্ষা ৷

ঘৰতে স্থাপন কৰে স্কুল,যাদৱপ্ৰসাদে প্রতিষ্ঠা কৰা চাহ বাগিছাত স্কুল আৰু গুৱাহাটীত স্কুল ।

কলকাতাৰ গেৰেজত স্থান পায় বস্তীবাসী ল’ৰা-ছোৱালীৰ স্কুল ।

ডায়’চেছত লাভ কৰা সঙ্গীত চর্চাই অনুৰক্ত কৰে ৰবীন্দ্ৰনাথ, অতুল প্ৰসাদ, ৰজনীকান্তৰ গীত।

অন্তিম দিনৰ স্মৃতি লোপ পোৱাৰ আগলৈকে সেই গীতবোৰ তেওঁৰ কণ্ঠত দিনে-ৰাতি ধ্বনিত হৈছিল।

জ্যোতি সঙ্গীতো তেওঁৰ কণ্ঠস্থ।

বাদ্যযন্ত্ৰ— চেতাৰ, বেহেলা, পিয়ান’, এস্রাজ আৰু ক্লেৰিয়ানেটত অনায়াস বিচৰণ।

গৃহিণী দেৱবালাক চলচিত্ৰয়ো টানি নিয়ে (বদন বৰফুকন, শকুন্তলা, চিকমিক বিজুলী)।

অসমীয়া চলচ্চিত্ৰত প্ৰথম সম্ভ্রান্ত পৰিয়ালৰ অভিনেত্ৰী দেৱবালা ।

এটা সময়ত উদ্যোগপতিৰূপে আত্মপ্রকাশ কৰে দেৱবালাই।

ৰাজগড়ত, চাহ বাগিছাখনৰ দাঁতিত স্থাপন কৰে আন এটি ব্যৱসায়।

চিত্রগৃহ।

দেৱবালাই কেৱল আগবাঢ়িব জানিছিল, নাজানিছিল পিছ হুঁহুকিব।

যোগাত্মক মানসিকতাৰ মূর্ত প্রতীক দেৱবালা ।

আপুনি পঢ়ি ভাল পাব।

Leave a Reply

Your email address will not be published. Required fields are marked *