💐💐💐💐💐💐দেওৱানদেউ💐💐💐💐💐

অসমীয়া সাহিত্যৰ এগৰাকী নীৰৱ অথচ অতি প্ৰতিভাশালী লেখিকা নীলিমা বৰাই নিৰলস তথা কষ্টসাধ্য প্ৰচেষ্টাৰে ‘দেওৱানদেউ’ শীৰ্ষক এখন উপন্যাস লিখি উলিয়াইছে।

কোচ ৰাজত্বৰ সামৰিক শক্তিৰ সৰ্বময়কৰ্তা, কমতেশ্বৰ বিশ্বসিংহৰ ৰাজমহিষী, গৌড়কন্যা পদ্মাৱতী দেৱীৰ সুযোগ্য পুত্ৰ নুনু ওৰফে শুক্লধ্বজ।

চিলাৰ দৰে উৰি গৈ বিপক্ষক তৰোৱালেৰে মুহূৰ্ততে নিঃশেষ কৰিব পৰা কাৰণেই নাম পালে চিলাৰায়।

অসম বুৰঞ্জীৰ নজহা-নপমা অসাধাৰণ চৰিত্ৰ বীৰ চিলাৰায়ৰ জীৱনৰ ভেটিত ৰচনা কৰা নীলিমা বৰাৰ এই উপন্যাসখন অসমীয়া সাহিত্যলৈ এক উল্লেখনীয় অৱদান।

অসমীয়া সাহিত্যত বীৰ চিলাৰায়ৰ জীৱনভিত্তিক উপন্যাস লিখাৰ এয়া এক অনন্য প্ৰয়াস।

জ্যেষ্ঠ ভাতৃ মহাৰাজ নৰনাৰায়ণৰ স্নেহাসিক্ত আৱেশত থাকি এসময়ত কামৰূপ-কমতাৰ সুবিস্তৃত অঞ্চলজুৰি কোচ-ৰাজশাসন সবল ৰূপত প্ৰতিষ্ঠা কৰা চিলাৰায়ে কিদৰে অসীম বীৰত্বৰে এখনৰ পিছত এখন দেশ নিজ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল তাৰেই গাথা উপন্যাসখনৰ পাতে পাতে।

উপন্যাসখনত চিলাৰায়ৰ বীৰত্বৰ কাহিনী যিদৰে জীৱন্ত ৰূপত তুলি ধৰা হৈছে সেইদৰে তেওঁৰ অন্তৰৰ সঁচা প্ৰেম তথা দায়িত্ববোধৰ প্ৰতিচ্ছবিও ফুটি উঠিছে মহাপুৰুষ শঙ্কৰদেৱৰ ভতিজী কমলাপ্ৰিয়াৰ সৈতে কটোৱা বৈবাহিক জীৱনৰ মাজেদি।

নিজৰ বীৰত্বৰ লগতে পাণ্ডিত্য গুণেৰে ৰাজসভাৰ পাৰিষদবৰ্গ আৰু অন্যান্য পদবীৰ বিষয়াৰ অন্তৰত নিগাজী স্থান ল’ব পৰা চিলাৰায়ৰ অসাধাৰণ তথা পাঠকক মোহাচ্ছন্ন কৰিব পৰা চৰিত্ৰৰ সকলো দিশ সামৰি সাৰ্থক উপন্যাস হিচাপে তুলি ধৰিব পৰাটো উপন্যাসখনৰ স্ৰষ্টা নীলিমা বৰাৰ অন্যতম কৃতিত্ব।

প্ৰকাশক ঃ জ্যোতি প্ৰকাশন, গুৱাহাটী

পৃষ্ঠা সংখ্যা ঃ ৪০৮

মূল্য ঃ ৩৫০.০০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *