💐আপোনাৰ আশে-পাশে থকা সৰু-সৰু মানুহৰ ভিন্ন চৰিত্ৰবোৰ লগ পাব সদ্য প্ৰকাশিত গল্প-সংকলন ‘দুপৰীয়াৰ ৰ’দ’ত ।💐

এবাৰ পঢ়ি চাবচোন কিজানি আপোনাৰ চিনাকী মুখবোৰ দেখা পায়েই, কিজানি আপুনিও জীৱনৰ বাটত লগ পাইছে এই ভিন্ন চৰিত্ৰবোৰ ।

দুপৰীয়াৰ_ৰ’দ

ঃ যা, যাদৱ, তহঁত অবিহনেই আমি যুঁজিম, আমাৰ যুঁজিবৰ হ’ল, আমি আৰু হাত সাৱটি বহি নাথাকোঁ । আমি শক্তি পাইছোঁ, মহাজনে আমাক আৰু শোষণ কৰিব নোৱাৰে, গাঁওবাসীৰ পৰিশ্ৰমৰ মূল্য আছে, তেওঁ আমাক আমাৰ শ্ৰমৰ মূল্য দিবই লাগিব।

ৰেল লাইনত সন্ধিয়া

ঃআজি তোমাৰ দেৰি হ’ল?
ঃ হয় বাইদেউ, আপোনাৰ দানটোলৈ ৰৈ আছিলোঁ। আপোনাৰো দেৰি হ’ল। যাঁওগৈ। সৌ ল’ৰাই মোক নিবলৈ আহিছে।
ঃ ল’ৰা ? ক’ত তোমাৰ ল’ৰা?
ঃ সেইয়া। সি আগৰ গাড়ীখন বিক্ৰী কৰি নতুন মাৰুতি চুজুকী কাৰ এখন ল’লে। সি ইঞ্জিনিয়াৰ, কোম্পানী এটাত কাম কৰে। ছোৱালীজনীক মেডিকেল পঢ়াইছোঁ, এই বছৰ পাছ কৰি ওলাব।

মই পইচাকেইটা তাৰ হাতত দি আন্ধাৰ ফালি ৰে’ল লাইনটো পাৰ হবলৈ আগবাঢ়িলোঁ।

ডেউকা ভঙাৰ বিননি

ঃ টকা আৰু ক্ষমতাৰ বলত বলিয়ান পিতৃ-মাতৃৰ ৰাতিৰ আন্ধাৰ আৰু দিনৰ পোহৰত দুখন ভিন্ন ৰূপৰ ছবি। সিহঁতৰ পৰিয়ালৰ মিথ্যা আভিজাত্যৰ ওপৰত দেৱীৰ ঘৃণা উপজিল। মাক-দেউতাকক তাই আৰু কেতিয়াও সহজভাবে লব নোৱাৰিব, –যি পিতৃ-মাতৃয়ে সন্তানক সংস্কাৰ দিব নোৱাৰে তেওঁলোকৰ প্ৰতিপত্তি, গৌৰৱ, যশস্যা, সন্মান, প্ৰতিষ্ঠা, প্ৰভুত্ব এই সকলো মিছা, তাই অনুভৱ কৰিলে। মাক-দেউতাকৰ কথা এনেকৈ ভাৱিব লগা হোৱাত তাই কান্দোনত ভাঙি পৰিল।

বন্ধ আৰু এদিন

ঃ লক-আপৰ দুৰ্গন্ধময় আৰু কুৎসিত পৰিবেশত তাৰ চকুত নানান ছবি ভাহি উঠিল—–তাৰ ঘৰ, ভনী কেইজনী, চাকৰি, বাতৰি কাকত, বৰদলৈৰ ঘৰৰ কাউৰীজনী, অৰবিন্দ, জেলৰ সৰু সৰু চেলবোৰ, পুলিচৰ বেতৰ লাঠীবোৰ ——এনেদৰে আৰম্ভ হ’ল তাৰ দিন।

Leave a Reply

Your email address will not be published. Required fields are marked *