
এজনী আদিবাসী ছোৱালী।
ছট্টিছগড়ৰ এই ছোৱালীজনীৰ নাম দুড়ীয়া।
মাক-দেউতাকৰ অতি মৰমৰ ছোৱালীজনীক এদিন ঘৰখনে বিয়া দিবলৈ ওলাইছিল আৰু ঠিক বিয়াৰ আগেয়ে তাই ঘৰ এৰি পলাই গৈছিল।
ঘটনাক্ৰমে যোগ দিছিলগৈ ‘লালচালাম’ৰ দলত।
এসময়ত দুৰ্ধৰ্ষ নক্সালী কেডাৰ হৈ পৰা দুড়ীয়াই বহু বছৰৰ পাছত আবুঝমাড়ৰ দুৰ্গম পাহাৰৰ শিবিৰ এৰি পলাই আহিছিল।
ছট্টিছগড়ৰ সেই পাহাৰীয়া মানুহবোৰৰ জীৱন পাৰ হৈছিল বন্দুকৰ নলীৰ আগত—এফালে পুলিচৰ বন্দুক, আনফালে নক্সালীৰ।
দুৰ্দশাগ্ৰস্ত মানুহবোৰৰ জীৱন মেচিনগান আৰু চৰকাৰী বিষয়াৰ নীতিৰ মেৰপাকত আবদ্ধ আছিল।
কিয় ঘৰ এৰি পলাই গৈছিল দুড়ীয়া?
আবুঝমাড়ৰ শিবিৰত থকা অৱস্থাত দুড়ীয়াৰ জীৱনত এনে কি ঘটনা সংঘটিত হৈছিল যে তাই মৃত্যুৰ ভয়কো নেওচি শিবিৰৰ পৰা পলাই আহিছিল?
তাৰ পাছত কি হ’ল তাইৰ?
ঘৰলৈ ঘূৰি আহিব পাৰিলেনে?
এই কাহিনীটো প্ৰখ্যাত মাৰাঠী লেখক বিশ্বাস পাটিলৰ ‘দুড়ীয়া’নামৰ তেনেই কম কলেৱৰৰ উপন্যাসখনৰ।
কিতাপখন মাৰাঠী ভাষাৰ পৰা অনুবাদ কৰি দিছে ডঃ ছন্দসুধা গোস্বামীয়ে।
আপোনালোকৰ নিশ্চয় মনত আছে, পাটিলৰ আন এখন বিশেষভাৱে সমাদৃত উপন্যাস ‘মহানায়ক’।
নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীৱন আধাৰিত এই উপন্যাসখন ‘আঁক-বাক’ প্ৰকাশনে ২০১৪ চনত প্ৰকাশ কৰি উলিয়াইছিল।
‘মহানায়ক’ খন অনুবাদ কৰিছিল পংকজ ঠাকুৰে।
এই বছৰ প্ৰকাশ পাবলগীয়া গ্ৰন্থবোৰৰ ভিতৰত ‘দুড়ীয়া’ খনো আছে।
