
💐💐💐💐”দিদৌ” ৰ কথাৰে….💐💐💐💐
✍️গোবিন্দ কুমাৰ খাউণ্ড💞
গাঁৱৰ পৰা আহি দিদৌ মাষ্টৰে চহৰৰ উপকণ্ঠ সুৱৰ্ণপুৰত কেইবা কঠাও মাটি ক্ৰয় কৰি গঢ়ি তুলিছিল আটক ধুনীয়া ঘৰ-বাৰী। কাকতি শুকুতি মনৰ মানুহ। নদন-বদন ঘৰখনত শাক- পাছলি, ঔষধি গছ, মাছ-পুঠিলৈকে উভয়নদী।ভাগ্যক্ৰমে সুবৰ্ণপুৰৰ মাজেদি ফʼৰলেণ্ডটো যোৱাত হৰহৰাই মাটিৰ দাম বাঢ়িল।
অনা অসমীয়া বনিয়াই বিঘাই বিঘাই পিটনি, ৰোপিত মাটি পানীৰ ভাৱত ক্ৰয় কৰিছে। দিদৌ স্বাভিমানী মনৰ মানুহ। দিদৌৰ মতে অনা অসমীয়াক মাটি বিক্ৰী কৰাতকৈ নাখায় মৰিব। তথাপি ৰাইজখনৰ হৈ, জাতিটোৰ হৈ মাত মাতি অহা জাতীয় সংগঠনৰ নেতা শান্তনুৱে খট- বান্ধ কৰাত সহিব নোৱাৰি দিদৌৱে কেইকঠামান মাটি শান্তনুক চলন্তি দামত বিক্ৰী কৰিলে। সেই টকাৰে দিদৌৰ পুতেকে গুৱাহাটীত ফেল্ট ক্ৰয় কৰিছে, জীয়েক আইনুৱে নিজৰ নামত ধন সঞ্চয় কৰি সুখেৰে চলি আছে।
বিক্ৰী কৰা মাটিত যেতিয়া কম দিনৰ ভিতৰতে ছয় মহলীয়া “ভৈৰৱী” নামৰ অট্ৰালিকাটো পাহাৰৰ দৰে ওখ হৈ আহিল তেতিয়াহে দিদৌৱে টং কৰিলে জাতিৰ নামত দালালি কৰা শান্তনুৱে দুগুন দামত সেই মাটি অনা অসমীয়া ভৈৰৱ বিহানীক বিক্ৰী কৰিছিল। ধনী মানুহৰ বিলাসী ভৱনত পৰিণত হোৱা ভৈৰৱীক লৈ দিদৌৰো গৰ্বৰ অন্ত নাছিল। সেই সময়তে ভূ- বিজ্ঞানীসকলে উত্তৰ -পূবত এক ভয়্ংকৰ ভূমিকম্পৰ আগজাননী দিছে। প্ৰশাসনে ওখ ওখ ঘৰৰ পৰা মানুহক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে। স্কুল- কলেজ , গাড়ী- মটৰ সকলো বন্ধ ৰাখি দিনে- ৰাতিয়ে সজাগতা অভিযান অব্যাহত ৰাখে।
নিজৰ সৰু ঘৰটোৰ পৰা কোনো বিপদ নহয় বুলি ভাবি থকাৰ মূহুৰ্ততে দিদৌৰ সৈতে একেলগে সুবৰ্ণপুৰত মাটিলোৱা ভড়ালীৰ পত্নীয়ে টোপনিৰ পৰা জগাই দিছে দিদৌক । ভূমিকম্প আহিলে ভৈৰৱী খঢ়ি পৰি দিদৌৰ মৰমৰ ঘৰখন ধ্বংসস্তপত পৰিণত কৰিব বুলি নিশ্চিত হোৱাৰ পাছতেই দিদৌৰ মনত ধনী মানুহেই পৃথিৱীৰ অসুখৰ কাৰণ বুলি এক ধাৰণা গঢ় লৈ উঠিছে। ফলস্বৰূপে মানসিক ভাৰসাম্য হেৰুৱাই দিদৌ সুবৰ্ণপুৰবাসীৰ বাবে একপ্ৰকাৰ আতংক হৈ পৰিল। সেয়ে ঘৈনীঢয়েকে চলাই- ভুলাই পুৰণি গাঁৱলৈ পঠাইছে।
গাঁৱলৈ গৈ একালত জলকেলি কৰি ফুৰা নৈখনৰ বুকুত বালিচৰ পৰা দেখি দিদৌ মানসিক ভাবে অধিক বিধ্বস্ত হৈ পৰিছে। মানৱসৃষ্ট ভয়াবহতাৰ মাজেদি আহি থকাৰ বাটত দিদৌৰ মনত ক্ৰোধ আৰু প্ৰতিশোধৰ অগনিয়ে বাহ লৈছে ধনী আৰু প্ৰকৃতখনক লুটিপুতি খোৱা, নিশেষঃ কৰি অনা এচাম মানুহৰ বিৰুদ্ধে। ফলত মানুহৰ মাজত দিদৌ নামৰ সৰল মানুহজন চিহ্নিত হৈছে এজন নৰশত্ৰু,অহৌবলিয়া,পৰশ্ৰীকাতৰ হিচাপে।
ভূমিকম্পৰ আতংক, অতিমাৰী কʼভিডৰ আগে- পাছে দৌৰি দিদৌ নামৰ কল্পিত মানুহজনে জেহাদ ঘোষণা কৰিছে সমাজৰ এচাম বিশেষ মানুহৰ বিৰুদ্ধে। মানুহ মানে সকলো মানুহ নহয়। তেন্তে কোনবোৰ মানুহ কʼভিডত মৃত্যু হোৱাত উৰুলিকৃত হৈছে অশিতীপৰ মানুহজন ? কিয় মানুহ মৰিলে ভাল পাইছে এই সহজ-সৰল মানুহজনে তাৰেই এক মনস্তাত্বিক বিশ্লেষণ, কʼভিডে কোঙাকৰা ঋতমভৰা জাহ্নৱী, দীপ, অন্ধ বাবুল, বন বিষয়া তালুকদাৰ, দিপাংকৰ আৰু আইনুৰ প্ৰেম, দিদৌৰ শৈশৱৰ লীলাভূমি ভকতি, শুকান সূঁতিৰ বিষাদ গাথাঁই ভাৰক্ৰান্ত কৰি তুলিছে মানুহৰ ভয়াবহ ভৱিষ্যতক লৈ চৰম উদ্বিগ্ন হৈ পৰা দিদৌৰ সৰল চিত ।
“মাজুলীৰ পৰা মই সঞ্জয় ঘোষে কৈছোঁ” ৰ পৰা আপুনি এইমাত্ৰ হাতত তুলি লোৱা “দিদৌ” লৈকে যিকেইখন উপন্যাস পাঠকৰ হাতত পৰিছে তাৰ ভিতৰত ” দিদৌ” ত সম্পূৰ্ণৰূপে পৃথক চিন্তাৰ চিটিকনি পাব বুলি আমাৰ বিশ্বাস।
✍️গোবিন্দ কুমাৰ খাউণ্ড💞
