💐চাও লুং চুকাফাৰ সান্নিধ্যত অসম আৰু অৰুণাচল প্ৰদেশৰ ত্তাই খাময়াংসকলৰ ইতিবৃত্ত

চৈমেত বাইলুংৰ

ত্তাই খাময়াং বুৰঞ্জী

(চিতৌ ত্তাই খাময়াং)

মূল্য : ১৯০/- টকা

ত্তাই খাময়াং বুৰঞ্জী গ্ৰন্থখন বহুকেইটা দিশৰ পৰা এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ৷

প্ৰবীণ লেখক চৈমেত বাইলুঙৰ এই গ্ৰন্থখন মুঠ ২৭ টা অধ্যায়ত বিভক্ত৷

কিতাপখনৰ আৰম্ভণিতে মানৱ জাতিৰ প্ৰব্ৰজন আৰু সংমিশ্ৰণ, ত্তাই জাতি আৰু খাময়াংসকলৰ উৎপত্তি সম্পৰ্কত প্ৰচলিত কিংবদন্তি, ত্তাই জাতিৰ প্ৰাচীন সভ্যতা, প্ৰব্ৰজন, ৰাজ্য বিস্তাৰ, খাময়াং নামৰ অৰ্থ, পুণ্যভূমি ঐশালী [বৈশালী] বা অসম, পাংচাও গিৰিপথ, অসমলৈ প্ৰৱেশদ্বাৰ, চুকাফাৰ বিজয় অভিযান, খাময়াঙৰ বিদ্ৰোহী দমন, চুকাফাৰ জীৱন কাহিনী, চুকাফাৰ অসম অভিযান, চুকাফাৰ সান্নিধ্যত খাময়াংসকল, কাচিন-খাময়াং সংঘাত, ত্তাই-খাময়াঙৰ অসম আগমন, অসমত মোৱামৰীয়া বিদ্ৰোহ, তিতাবৰত খাময়াঙৰ সংস্থাপন, খাময়াংসকলৰ আৰু দুটা দলৰ প্ৰব্ৰজন, মান-ত্তাই বিৰোধ, মানৰ আক্ৰমণ, খামতি বিদ্ৰোহত কৰ্ণেল হোৱাইটসহ ব্ৰিটিছ পক্ষৰ ৮০ জনৰ হত্যা, মান-চিংফৌৱে ধৰি নিয়া অসমীয়াৰ মুক্তি আদিৰ উপৰি ত্তাই জাতিৰ উৎপত্তি, ত্তাইসকলৰ আদি বাসস্থান, প্ৰব্ৰজন আদি সম্পৰ্কে বিস্তৃতভাৱে উল্লেখ আছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *