
❤️❤️❤️❤️❤️শুভকামনা❤️❤️❤️❤️❤️
কিতাপ এখনত সন্নিৱিষ্ট পাঠ (text) সম্বন্ধে চৰ্চা কৰিব লগা হ’লে বা কিবা এষাৰ মন্তব্য দিব লগা হ’লে আলোচক বা লেখকগৰাকীয়ে সদায়ে সর্বোচ্চ নিৰপেক্ষ স্থানৰপৰা সমালোচনাত্নক মন্তব্য দিয়া উচিত।
এইক্ষেত্ৰত ৰমেন গগৈৰ কবিতা সম্বন্ধে মন্তব্য দিব পৰাকৈ মই যিকোনো দৃষ্টিকোণেৰেই যোগ্য ব্যক্তি নহওঁ।
তাৰ প্ৰথম আৰু আটাইতকৈ গজগজীয়া কাৰণটো হ’ল ৰমেন মোৰ সহপাঠী বাল্যবন্ধু, গতিকে পক্ষপাতৰ সম্ভাৱনা পূৰামাত্ৰাই ।
ৰমেনে যিটো ৰাস্তাৰে খোজ কাঢ়ি, যিখন পথাৰত হাল-কোৰ বাই, গৰু চৰাই, যিকেইখন নৈত সাঁতুৰি ডাঙক-দীঘল হৈছে— ময়ো প্ৰায় একেকেইটা বাট-পথাৰ-নৈৰে খোজ কাঢ়ি, চাইকেল চলাই, হাল বাই, গৰু চৰাই, সাঁতুৰি-নাদুৰি— অলপ বহলকৈ আমি একেটা জৈৱ-পাৰিস্থিতিতান্ত্ৰিক পৰিৱেশৰ মাজেৰেই ডাঙৰ-দীঘল হৈছোঁ ।
গতিকে মোৰ বা ৰমেনৰ শব্দ-চৰ্চাৰ উৎস পটভূমি বহুলাংক্ষে একেটাই। আনহাতে, ৰমেনৰ কবিতাৰ বৰষুণ, নৈ, প্ৰেম-ভালপোৱা, ক্ষুদ্ধা-যন্ত্রণা, বিশ্বাস-বেদনা, শইচ, বেলি আদি বিষয়বস্তু মোৰ কাব্য জিজ্ঞাসাৰো
অন্যতম সমল ।
আমাৰ কবিতাৰ উৎস পটভূমি বা সমলসমূহ একে হ’লেও মননৰ জগতখন বা উপলব্ধিৰ জগতখন কিন্তু সুকীয়া— ঠিক পৃথিৱীৰ প্ৰতিজন মানুহৰ হাতৰ ৰেখা সুকীয়া হোৱাৰ দৰে; আৰু সেয়া অতি স্বাভাৱিকভাৱেই।
ৰমেনৰ তেওঁ যে শইচৰ আজন্ম প্রেমিক— পাণ্ডুলিপিটো পঢ়িও মোৰ ধাৰণা হৈছে— আমি একে জলবায়ুৰ সন্তান হ’লেও, আমাৰ উভয়ৰে বিষয়বস্তু (matter)ত বহু সাদৃশ্য থাকিলেও ৰূপগত (form) প্রকাশভংগীত কিন্তু তেওঁ বহুখিনি সুকীয়া ।
আৰু এই সুকীয়া কাৰণেই মই ৰমেনৰ কবিতাখিনি পঢ়িও এক বিশেষ ধৰণৰ সোৱাদ লাভ কৰিলোঁ৷
আশা কৰোঁ পঢ়ুৱৈ সমাজেও আনন্দ লভিব ৰমেনৰ শব্দ বয়নৰ এই প্ৰকাশত।
প্ৰথমটো সংকলন প্ৰকাশৰ পদূলিত বন্ধুক মোৰ অভিবাদন আৰু অন্তৰভৰা শুভকামনা যাচিলোঁ ।
✍️কুশল দত্ত🌹
১১ ডিচেম্বৰ, ২০২৩
