সত্তৰৰ দশকতে ‘অগ্রদূত’ত ‘পিনিক’ নামে এটা কবিতাবে আত্ম প্ৰকাশ কৰাৰ পিছত গুৱাহাটীৰ পৰা প্ৰকাশিত কবিতা দত্ত সম্পাদিত ‘পান্থপাদপ’ত নিয়মীয়াকৈ কবিতা লিখিবলৈ লয় এই উপন্যাসৰ লেখক অৰুণ শ‍ইকীয়াই।

পৰৱৰ্তী আশীৰ দশকত তেওঁ নাটক লিখাত আত্মনিয়োগ কৰে।

এই সময়ছোৱাতে তেওঁৰ কেইবাখনো একাংকিকা নাট মৰিয়নি আৰু যোৰহাটত মঞ্চস্থ হয় আৰু সুনাম বোটলে।

আশীৰ দশকৰ আৰম্ভণিতে আকাশবাণী গুৱাহাটী যোগে তেওঁৰ ‘প্রথম কুকুৰাৰ ডাক’, ‘সিহঁতে আহিছে’, ‘অহত্বৰ পথ’ আদি কেবাখনো অনাতাঁৰ নাট সম্প্রচারিত হয়।

এই সময়ছোৱাতে তেওঁ যোৰহাটৰ পৰা প্রকাশিত ‘সাপ্তাহিক জনমভূমি’ কাকতখনৰ সহ-সম্পাদক ৰূপে সম্পাদনাৰ দায়িত্ব লয়।

অৱশ্যে দুবছৰমান পিছত তেওঁ সাংবাদিকতাৰ পৰা অব্যাহতি লৈ অসম কো-অপাৰেটিভ এপেক্স বেংকত যোগদান কৰে।

চাকৰিকালত তেওঁ অসমৰ বিভিন্ন ঠাইত সেৱা আগবঢ়োৱাৰ মাজে মাজে বিভিন্ন কাকত আলোচনী আদিত লিখি থাকে।

‘তিমিৰ ফাবিয়া’ উপন্যাসখনো তেওঁৰ দীৰ্ঘদিনীয়া সাহিত্য সেৱাৰ ফচল।

উপন্যাসখনিত গ্রাম্য ছবি এখন যথাযথ ৰূপত প্ৰতিফলিত কৰিবলৈ লিখকে চেষ্টা কৰিছে।

উল্লেখযোগ্য যে শিশু আলোচনী ‘বং-মেলা’ ২০০৫-২০০৬ বৰ্ষত তেওঁৰ ‘ডেউকা’ নামে বিজ্ঞানভিত্তিক উপন্যাস এখন ধাৰাবাহিকভাবে প্ৰকাশ হৈ গৈছে।

উপন্যাসখনে সেই সময়ত যথেষ্ট সমাদৰ লাভ কৰিছিল।

লিখকৰ ‘তিমিৰ ফাৰিয়া’ উপন্যাসখনেও অনুৰূপ সমাদৰ লাভ কৰক এয়ে আমাৰ কামনা ।

শব্দ প্রকাশ

Leave a Reply

Your email address will not be published. Required fields are marked *