💐💐💐অসমীয়া চলচ্চিত্ৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ তাৰকা শিল্পী তপন দাসৰ আন এক খ্যাতি হৈছে তেওঁ এজন গল্পকাৰ।

নিজৰ অভিনয় দক্ষতাৰে সন্মুখৰ দৰ্শকক মোহাৱিষ্ট কৰি ৰখাৰ দৰেই তেওঁ পঢ়ুৱৈকো লৈ যাব পাৰে এখন অন্য গল্পময় দুনীয়ালৈ।

তপন দাসৰ কাহিনী, ইয়াৰ বিষয়, কথন ভংগী আৰু ভাষাই এনে এক মেজাজ সৃষ্টি কৰে যে পঢ়ুৱৈয়ে গল্প একোটা নাম আৰু কাহিনীৰে সৈতে সহজেই বুকুত সাঁচি ৰাখিব পাৰে।

‘মেঘমল্লাৰ’, ‘দীঘলা বৰুৱাৰ দালান’, ‘মাৰীচ’, ‘ক্লেপ’, ‘এটা ভূতৰ গল্প’, ‘গোগোপণ্টি লাক্ৰাতুৱা’ আদি তেনে কিছু নিৰ্বাচিত গল্পৰেই সংকলন এই গ্ৰন্থ।💐💐💐

তপন দাসৰ নিৰ্বাচিত গল্প

দাম – ২২০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *