
💐শ্ৰীমতী ৰূমা ভট্টাচাৰ্য অসমীয়া সাহিত্যৰ এটা প্ৰতিষ্ঠিত নাম৷
💐মই জানিব পোৱা মতে কৱিতা, উপন্যাস, গল্প, প্ৰবন্ধ আটাইকেইটা শিতানত কলম ধৰি পাইছে৷
সম্প্ৰতি শ্ৰীমতী ৰূমা ভট্টাচাৰ্যই এখন বিশেষ বিষয়ৰ পুথি লিখি উলিয়াইছে৷
পুথিখনৰ নাম “তন্ত্ৰ, চক্ৰ, কুলকুণ্ডলিনী আৰু সুস্থ সন্তান“৷
প্ৰাচীন প্ৰাগজ্যোতিষপুৰ, কামৰূপ বা আজিৰ অসম তন্ত্ৰৰ দেশ৷
তাৰেই নিদৰ্শন কামৰূপ কামাখ্যা, মায়ং আদি৷
একালৰ জনপ্ৰিয় তন্ত্ৰ বিজ্ঞানৰ জনমুখী হতচৰ্চাৰ ফলত এই বিষয়টো আৰু দিশটো অনাদৃত হৈ ৰৈছে৷
তন্ত্ৰসাহিত্যৰ মূল উপজীব্য বিষয়টোৱে হৈছে কুণ্ডলীনী৷
চক্ৰবোৰৰ ক্ৰিয়াকলাপৰ আলোচনা-গৱেষণা৷ মানৱ শৰীৰৰ সাতটা চক্ৰ৷
খাদ্য চক্ৰ, ঋতুচক্ৰ, বিষ্ণু চক্ৰ আদি বহুতো চক্ৰৰ কথা আমি শুনিবলৈ পাওঁ।
কিন্তু শৰীৰ চক্ৰৰ কথা শুনিলে অলপ চিন্তাত পৰোঁ। মনত বিভিন্ন প্ৰশ্ন উত্থাপন হৈ থাকে।
আমাৰ শৰীৰত আকৌ ক’ৰপৰা আহিব চক্ৰটো?
এই চক্ৰবোৰ ক’ত আছে, এই চক্ৰবোৰৰ কাৰ্য্য কি ইত্যাদি ইত্যাদি।
সাতটা চক্ৰৰ আমাৰ শৰীৰৰ তলৰ অংশ, পেটৰ তলৰ অংশ, নাভি, হৃদযন্ত্ৰ, মাত, চকু দুটাৰ মাজত আৰু মূৰৰ ওপৰত অৱস্থিত।
চক্ৰসমূহ হ’ল মূলধৰ চক্ৰ, স্বাধিস্থান চক্ৰ, নাভি চক্ৰ, হৃদ চক্ৰ, সিধু চক্ৰ, অজন চক্ৰ আৰু সহশ্ৰৰ চক্ৰ।
এনেবোৰ কথাই এই পুথিখনৰ আলোচ্য বিষয়৷
এই পুথিখন প্ৰাথমিক পৰ্যায়ৰ আলোচনাৰে সমৃদ্ধ৷ পঢ়ুৱৈয়ে যাতে সহজে বুজি পায় তাৰ প্ৰতি লক্ষ্য কৰি আলোচনাবোৰ দাঙি ধৰিছে৷
তন্ত্ৰমতে যদি আমি মানুহৰ অৰ্থ বিশ্লেষণ কৰোঁ তেতিয়া পাওঁ Human Being=`Hue+ Man+ Being’ য’ত Hue মানে ৰং, Man মানে প্ৰকাশ আৰু Being মানে পোহৰ।
অৰ্থাৎ মানুহৰ অৰ্থ হৈছে ‘ৰঙীন পোহৰ’ৰ সমষ্টি। চক্ৰবোৰ হৈছে গতিশীল শক্তিৰ পকেট৷
আমাক জনোৱামতে এই পুথিখনৰ পৰৱৰ্তী সংখ্যাবোৰত তন্ত্ৰ বিষয়টোৰ পুংখানুপুংখ আৰু গভীৰ অধ্যয়নমূলক আলোচনা আগবঢ়াব৷
“তন্ত্ৰ, চক্ৰ, কুলকুণ্ডলিনী আৰু সুস্থ সন্তান“ পুথিখন ৮২ পৃষ্ঠাৰ৷ প্ৰকাশক নিতুল নেওগ, অসম বুক ট্ৰাষ্ট, পানবজাৰ, গুৱাহাটী—১
প্ৰথম প্ৰকাশ ২৪ অক্টোবৰ, ২০২২৷
গ্ৰন্থস্বত্ব লেখক৷
বেটুপাত জোনাক যুগান্তৰ বৰা৷
অলঙ্কৰণ জিণ্টু শইকীয়া৷
অক্ষৰ বিন্যাস কল্পজিৎ সোনোৱাল৷
মূদ্ৰণ সোণমনি প্ৰেছ, ডি কে ৰোড, গোগামুখ-৭৮৭০৩৪৷
মূল্য ১৫০ টকা৷
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
হাতীগাঁও, গুৱাহাটী-৭৮১০৩৮
দূৰাভাষঃ ৯৮৬৪১-২৫৮৮৭

