
🌹🌹🌹🌹তত্বকথা🌹🌹🌹🌹
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা
কিতাপৰ প্ৰকাৰ-ভক্তি তত্বমূলক
প্ৰকাশক- লয়াৰ্চ বুক ষ্টল
প্ৰথম প্ৰকাশ-১৯৯২
মূল্য- ৬০ টকা
সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাই ভাৰতীয় ভক্তি তত্বৰ দিগদৰ্শী ব্যাখ্যা ৰে তত্বকথা গ্ৰন্থ খন ৰচনা কৰিছে।
ইয়াত ঈশ্বৰতত্ব সম্পৰ্কীয় ১১টা প্ৰৱন্ধ সন্নিৱিষ্ট কৰা হৈছে।
তাৰে কেইটামান হল ধৰ্ম আৰু ঈশ্বৰ তত্ব,সগুণ আৰু নিৰ্গুণ ধৰ্ম তত্ব, শ্ৰীকৃষ্ণ তত্ব,বস্ত্ৰহৰণ তত্ব, ৰাসলীলা তত্ব, বেদাদি তত্ব,গীতা তত্ব আদি।
বিভিন্ন ধৰ্মগ্ৰন্থ অধ্যয়ন কৰি ধৰ্মৰ গূঢ় তত্বৰ অতি সাবলীল ব্যাখ্যা আগবঢ়োৱাত লেখক সফল হৈছে।
তদুপৰি কীৰ্তন ত বৰ্ণিত বিভিন্ন আখ্যান আৰু নামঘোষাৰ পদ সমুহৰ আধ্যাত্মিক ব্যাখ্যা ও বেজবৰুৱা ডাঙৰীয়াই সুন্দৰকৈ দাঙি ধৰিছে।
গ্ৰন্থ খনৰ পাতে পাতে তেখেতৰ অসীম জ্ঞানৰ পৰিচয় জিলিকি উঠিছে।

