
💐’তই ক’ত ৰৈ গ’লি কণছোৱালী’ প্ৰীতিমা চাংমাইৰ প্ৰথমখন কাব্য সংকলন।💐
প্ৰথম প্ৰকাশ: ডিচেম্বৰ ২০১৭
প্ৰকাশক: অনুভৱ প্ৰকাশন
মূল্য: ৭০.০০ টকা
প্ৰীতিমা চাংমাইৰ ৩১ টা কবিতাৰ সংকলন ‘তই ক’ত ৰৈ গ’লি কণছোৱালী’ত কবিৰ মনোজগতৰ বিভিন্ন ছবি প্ৰকাশ পাইছে।
প্ৰেম, প্ৰতিবাদ, শৈশৱ, প্ৰকৃতি আদি হৈছে কবিতাৰ উপজীৱ্য।
প্ৰীতিমা চাংমাইৰ গল্প আৰু কবিতা অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত ইতিমধ্যেই প্ৰকাশ হৈছে।
তেওঁৰ ‘পূৰ্ণ-অপূৰ্ণ’ নামেৰে এখন গল্প সংকলন ইতিপূৰ্বে প্ৰকাশ পাইছে।

