
লেখিকা ড° স্মৃতিমালা শৰ্মা বাইদেউৰ কথাৰে।
কিতাপৰ নাম: ঢেঁকীয়াৰ চহৰ
লেখকৰ নাম: জয়ন্ত আকাশ
কিতাপৰ প্ৰকাৰ: গল্প সংকলন
প্ৰকাশক: ৰেইনফৰেষ্ট, লুইতপুৰ, খাৰঘূলি, গুৱাহাটী
মূল্য: ২০০.০০ টকা
প্ৰথম প্ৰকাশ: নৱেম্বৰ, ২০১৯
লেখকৰ বিষয়ে:
“ঢেঁকীয়াৰ চহৰ”ৰ লেখক জয়ন্ত আকাশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰট’কল বিষয়া। প্ৰথম অসমীয়া অণুগল্প সংকলন “একাৱন্ন”ৰ স্ৰষ্টা জয়ন্ত আকাশ নতুন প্ৰজন্মৰ এজন অতি জনপ্ৰিয় গল্পকাৰ আৰু কথাশিল্পী। গতিময় ভাষাৰ চমৎকাৰী প্ৰয়োগ, কল্পবিজ্ঞানৰ পৰা পৌৰাণিক ৰূপকথালৈ, মুক্তিযুদ্ধৰ পৰা গ্ৰাম্যজীৱনলৈ, পটভূমিৰ ভিন্নতা, হৃদয় আৰু বিবেকৰ সাধু সমমিতি তথা চেতনাস্ৰোতৰ কৌশলগত প্ৰয়োগ তেখেতৰ গল্পৰ বিশেষত্ব।
পাঠকৰ অনুভৱ:
“ঢেঁকীয়াৰ চহৰ” নামৰ গল্প সংকলনটোত সন্নিবিষ্ট হৈ আছে ভিন্ন স্বাদৰ একৈশটা গল্প। প্ৰতিটো গল্পৰ আছে স্বকীয়তা, পৃথক পটভূমি, পৃথক কথনশৈলী আৰু পাঠকৰ মনোযোগ বিছিন্ন নোহোৱাকৈ চুম্বকীয় আকৰ্ষণেৰে বান্ধি ৰাখিব পৰা ক্ষমতা। মেজিক ৰিয়েলিজিম, কল্পবিজ্ঞান, অধিভৌতিক আৰু সাধুকথাৰ সমাহাৰ ঘটা গল্প সংকলনটিক লেখকৰ চমৎকাৰী কথনভংগীয়ে অতি ৰসোত্তীৰ্ণ কৰি তুলিছে। গল্পৰ কাষত অংকিত প্ৰতিটো চিত্ৰই গল্পটোৰ পটভূমিতক খুব সুন্দৰকৈ ফুটাই তুলিছে।
“আগ্নেয়গিৰিৰ লাভাই জ্বলাই …ছাই কৰি নিয়ক মোক” শীৰ্ষক গল্পটোত আকাশ নামৰ এজন অস্থিৰ, কিছু পৰিমাণে স্কিজ’ফ্ৰেনিক কিশোৰৰ মনস্তত্ব বৰ সুন্দৰকৈ ফুটি উঠিছে। সকলোতেই পেটাৰ্ণ বিচাৰি ফুৰা আকাশে গণিতৰ এটা এবষ্ট্ৰাক্ট সূত্ৰ আৱিষ্কাৰ কৰে আৰু এজোপা গছক “শ্যামলী” নাম দি গছজোপাৰ লগত কথাপাতি প্ৰশান্তি অনুভৱ কৰে। গল্পটোৰ শেষলৈ মেম’ৰি লচ হোৱা আকাশক সহপাঠী তৃষাৰ পৰা আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চৰ জৰিয়তে ব্ৰেইন চেল ট্ৰাঞ্চপ্লান্ট কৰে। আচৰিত ভাৱে আকাশৰ সক্ৰিয় ব্ৰেইন চেল কেইটাত তৃষাৰ নামেই ওলাই পৰে। গল্পটোত বিজ্ঞানৰ কনচেপ্তসমূহৰ উপস্থিতিয়ে বিজ্ঞান পঢ়া পাঠক সকলক নিশ্চিত ভাৱে এক সুকীয়া ৰস প্ৰদান কৰিব। উদাহৰণ স্বৰূপে, ” তই ক’ত থাকিবি মই নাজানিব পাৰোঁ, কিন্তু তোৰ হৃদয়ৰ ম’মেন্টাম ধৰিব পাৰিম। হাইজেনবাৰ্গে শিকাই থৈছে।” (পৃষ্ঠা নং ১৩)
নদী ভালপোৱা কিশোৰ সুজল আৰু লাৱনীৰ নিস্পাপ ভালপোৱা সুন্দৰভাৱে প্ৰতিফলিত হৈছে “নদীয়ে জানে” নামৰ সহজ সৰল গ্ৰাম্যজীৱনভিত্তিক গল্পটোত। গল্পটোৰ শেষৰ বাক্যটিয়ে লেখকৰ সুন্দৰ কথনভংগীৰ পৰিচয় দাঙি ধৰিছে। “তাইৰ কাঁচুলিখনত মই নদীৰ গোন্ধ পাওঁ, বগৰীৰ গোন্ধ পাওঁ আৰু পাওঁ-কঁপি থকা এখন সেন্দুৰীয়া মুখৰ ছাঁ..….”(পৃষ্ঠা নং ২৪)
ৰাম -ৰাৱণৰ কথোপকথনৰ যোগেদি আগবঢ়া “দেৱ-দানৱ ৰাৱণ ৰঘুনন্দন” গল্পটিত পৌৰাণিক মহাকাব্যৰ কাহিনীক লেখকে কিছু বেলেগ দৃষ্টিৰে উপস্থাপন কৰিছে। গল্পটো পঢ়ি যাওঁতে ৰাৱণক এখন মহাকাব্যৰ খলনায়কতকৈ ৰামৰ হাতত মোক্ষ প্ৰাপ্তি বিচৰা এজন সাধু পুৰুষ যেন অনুভৱ হ’ল। সীতাৰ প্ৰতি ৰাৱণৰ অটল শ্ৰদ্ধা প্ৰকাশ পাইছিল ৰাৱণৰ মুখৰ পৰা ওলোৱা প্ৰতিটো সংলাপত। “ৰাৱণৰ জন্মবধি অহং চকুত এটোপাল অশ্ৰু তিৰবিৰাইছিল, প্ৰেম বিষাদ প্ৰাপ্তি অপ্ৰাপ্তিৰ অনন্ত অনুভৱেৰে কোমল হৈ পৰিছিল সেই দুনয়ন। “(পৃষ্ঠা নং ২৯)
“এজাক ভেড়াৰ পাল” শীৰ্ষক গল্পটোত এজন লেখকৰ চিন্তাৰ মাজত মেজিক ৰিয়েলিজিমৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। “হজৰত মহম্মদ আহিছিল আকৌ এবাৰ।” (পৃষ্ঠা নং ৩৫)
খাটি খোৱা মানুহৰ দুখ আৰু যন্ত্ৰণাৰ এখন বিমূৰ্ত ছবি ফুটি উঠিছে “হেমলকৰ সুৰ আৰু এটা….চাবুকৰ কামনা” নামৰ গল্পটোৰ “চেমুৱেল বেকেট”ৰ চৰিত্ৰটোৰ মাজেৰে। গল্পটোত থকা কেইটামান কবিতাৰ পংক্তিয়ে জীৱনৰ যন্ত্ৰণাক খুব সুন্দৰভাৱে প্ৰতিফলিত কৰিছে।
“আপুনি চিৰদিন মাতাল থাকক,
সুৰা, কবিতা বা প্ৰতিভাৰে,
কালে ভাঙি দিয়া কান্ধখনৰ বিষ পাহৰিবলৈ
আপুনি মাতাল থাকক, সুৰা নাইবা বিষাক্ত কবিতাৰ পংক্তিৰে।
সেয়াই জীৱন। সেয়াই জনম।” (পৃষ্ঠা নং ৪২)
কাব্যিক ভাষেৰে পৰিপূৰ্ণ “জলকুঁৱৰীৰ ছাঁ” গল্পটোত আন্ধাৰৰ ইপাৰ আৰু সিপাৰৰ পৃথিৱীখন গাৱঁৰ ভাৱৰীয়া “বিৰাট ৰাজা” আৰু “শনিৰাম বহুৱা”ৰ চৰিত্ৰৰ মাজেদি ফুটি উঠিছে। নিভাঁজ গাঁৱলীয়া শব্দৰ ব্যৱহাৰে গল্পটোক সজীৱতা প্ৰদান কৰিছে। ” ফেলানীয়ে কাণৰ ফুটিযুৰি চুই চালে। লমা-লমে ওলমি আছে লক্ষ্মীকান্তৰ সোণালী মৰম ।” (পৃষ্ঠা নং ৫১)
কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰণেৰে মেজিক ৰিয়েলিজিমৰ প্ৰভাৱ দেখা পোৱা গ’ল “শেৱালি পথাৰৰ শিলৰ চৰাই” শীৰ্ষক গল্পটোত। মাজে মাজে সাধুকথাৰ দৰে লগা গল্পটোত প্ৰথমৰ পৰা শেষলৈ পাঠকৰ মনোযোগ ধৰি ৰাখিবলৈ লেখক সক্ষম হৈছে । “শেৱালি বৃষ্টি। লাহে লাহে আকাশৰ পৰা সৰি পৰিছে শেৱালি ফুল আৰু শেৱালি ফুল।” (পৃষ্ঠা নং ৫৫)
“জুই-ছাঁই-বকুল” নামৰ হৃদয়স্পৰ্শী গল্পটোত বাংলাদেশৰ মুক্তি আন্দোলনৰ সময়ৰ এক কৰুণ ছবি ফুটি উঠিছে। কিছুমান বাক্যই হৃদয় আলোড়িত কৰি গৈছে।”মুক্তি কামী কবিসকল, শিল্পীসকল, শিক্ষকসকলক মুক্ত কৰি দিয়া হৈছে বেহেস্তলৈ। নলাবোৰত ৰঙা মাছ। সোণেৰ বাংলা, সোণেৰ বাংলা। সোণবোৰ ক’ত? ” (পৃষ্ঠা নং ৬৫)
এজন হতাশাগ্ৰস্ত যুৱকক সকলোৱে প্ৰবঞ্চনা কৰে, প্ৰথম প্ৰেমে, জীৱিকাই, ভাগ্যই আৰু নিয়তিয়ে। মৃত্যু কামনা কৰা যুৱকজনৰ চুইছাইড নোটো কুঁটি পেলায় নিগনিয়ে “ঘড়ী কাঁইট মানুহ” গল্পটিত। যুৱকজন হৈ পৰে এটা এন জিঅৰ গণিতৰ শিক্ষক। গল্পটোৰ পৰা এটা কথা শিকিব পাৰি যে যেতিয়ালৈ জীৱন আছে, জীৱনৰ অৰ্থ আৰু উদ্দেশ্যেও আছে।
“মহাশূন্যৰ মহাকাব্য” গল্পটোত বিজ্ঞানৰ নতুন বিষয় জেনেটিক্স আৰু ৰবটিক্সৰ লগত আকাশ আৰু তৃষাৰ প্ৰেমৰ এক অপূৰ্ব সংমিশ্ৰণ দেখা পোৱা গৈছে। কল্পবিজ্ঞানৰ ছাঁ থকা গল্পটোত অতীত আৰু ভৱিষ্যতৰ মাজত সংযোগ স্থাপনৰ এক আভাস পোৱা যায়। “এটা বাঁহীৰ সুৰ গুঞ্জৰিত হৈ উঠিল গোটেই ব্ৰহ্মাণ্ডত।” (পৃষ্ঠা নং ৮৬)
এজনী ধনী ঘৰৰ অনুসন্ধিৎসু মনৰ কিশোৰীয়ে নিসংগতাৰ মৰুভূমিৰ মাজত বিচাৰি ফুৰা ভালপোৱাৰ মৰুদ্যানৰ কাহিনী চিত্ৰিত হৈছে “কাঁইটৰ ফুল অহিৰাৱতী”ত। ছোৱালীজনীৰ মনত উদয় হোৱা প্ৰশ্নবোৰে শিক্ষকৰ দৃষ্টিত তাইক নৰ্মেলতকৈ বেলেগ অথবা ক্ৰেক হিচাপে চিহ্নিত কৰিছে। “কক্ষচ্যুত ইলেকট্ৰনবোৰ মৰে নে নমৰে।” ( পৃষ্ঠা নং ৯১)
“কুঁৱলীৰ পথাৰত বাজে…নৰা পেপাঁৰ মাত” গল্পটোত লেখকে মানুহৰ অবচেতন মনৰ প্ৰতিক্ৰিয়া বৰ সুন্দৰ আৰু সাৱলীল ভাষাত উপস্থাপন কৰিছে। “সৰলৰৈখিক সময়ক ছিন্ন কৰি দিব পৰা যিকোনো ঘটনাই তাই ভাল পায়।” ( পৃষ্ঠা নং ১০৮)
শব্দবোৰক সংগীত কৰিব খোজা চাউণ্ড ইঞ্জিনীয়াৰ তুলসী নয়নাৰ কাহিনীয়ে পাঠকক আলোড়িত কৰি তোলে “শংখৰ কোলাত ৰৈ ৰৈ বাজে আকন্ঠ শূণ্যতা” নামৰ গল্পটোত।”বুকুত হাত দি মূৰ্চনা ওৰফে তুলসীনয়নাই পাৰত থিয় দি থাকিল। তাই মাইকেলৰ নাৱতো নুঠিলে, অৰ্ণৱৰ নাৱতো।” (পৃষ্ঠা নং ১২৬)
“হাতল লগোৱা প্ৰাচীন কাঠৰ চকীখন ” নামৰ গল্পটোত হেলোচিনেচনৰ দৰে এক ভয়লগা অভিজ্ঞতাৰে পাঠকক শিহৰিত কৰি তুলিবলৈ সক্ষম হৈছে লেখক।
“শিলাময় নদী নীলা পানী” শীৰ্ষক গল্পটো ৰচিত হৈছে আকাশ আৰু চন্দ্ৰালীৰ কৈশোৰৰ বন্ধুত্ব যৌৱনত প্ৰেমলৈ ৰূপান্তৰিত হোৱাৰ কাহিনীৰ পটভূমিত। বিৰহ, বিচ্ছেদৰ কৰুণ পৰিণতিৰে গল্পটোৰ যৱনিকা পৰিছে। “শুকান শিলাময় ঠেক নদী এটা মাজত আমি বহি পৰিলোঁ। হৰ্ণ বজাই বাছ এখন আহিল। নদীখনৰ সিটো পাৰেৰে। আৰু গুচি গ’ল। মই নদীটো পাৰ হব খুজিছিলো। নদীটোত এনেতে প্ৰচণ্ড সোঁত আহিল। মই ডুবি ডুবি ৰৈ গ’লো। বাছখনৰ আগত ফুলাম আখৰেৰে লিখা আছিল “প্ৰজাপতি”। তাৰ ওপৰত “ঔঁ”। সোঁফালৰ খিৰিকিৰ কাষত মূৰত নাৰ্জী ফুলৰ মালা পিন্ধা এজন দৰা। দৰাৰ কাষত মোক এন্ধাৰ কৰি থৈ যোৱা এজাক জোনাক”। (পৃষ্ঠা নং ১৪৬)
শিক্ষক দেউতাকৰ প্ৰতাপী আৰক্ষী বিষয়া পুত্ৰই সম্পত্তিৰ লালসাত মত্ত হৈ সকলো পাহৰি যায় আৰু এদিন পুত্ৰৰ হেমাহিৰ বাবে কেইজনমান গুণ্ডাৰ হাতত প্ৰাণ আহুতি দিয়ে সমাজসেৱী শিক্ষক পিতৃয়ে। আৰক্ষী বিষয়াৰ নিজৰ পুত্ৰই ককাকৰ মৃত্যুৰ বাবে দেউতাকক জগৰীয়া কৰে আৰু এদিন ভোগালীৰ উৰুকা ৰেলৱে প্লেটফৰ্মত ৰাষ্ট্ৰসংঘৰ এজন সম্পৰ্কৰক্ষী বিষয়াৰ আগত নিজৰ কৰ্মৰ কথা কৈ অনুশোচনাত দগ্ধ হৈ পৰা কাহিনীটো সুন্দৰ ভাৱে প্ৰতিফলিত হয় “মই হত্যাকাৰী নহয়: মোক ক্ষমা কৰ ৰণ” নামৰ গল্পটোত। লেখকৰ উপমাৰ নিৰ্বাচন অতি চমৎকাৰী। “প্লেটফৰ্মটো এতিয়া যেন শুকান মেটেকাৰ পানী নোহোৱা খাল, মানুহ বোৰ যেন পৰি থকা শুকান মেটেকা। (পৃষ্ঠা নং ১৫০ )
“ভগ্নাংশ জীৱনৰ: অসমাপ্ত বিক্ষিপ্ত ডায়েৰী” শীৰ্ষক গল্পটোত অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত বহুজাতিক কোম্পানীত চাকৰি কৰা যুৱক যুৱতীৰ জীৱন সংগ্ৰামৰ এটি কৰুণ আৰু বাস্তৱ ছবি ফুটি উঠিছে। বিক্ৰয় বিভাগৰ কৰ্মচাৰীৰ মৰ্মবেদনা অংকন কৰাত লেখক সফল হৈছে।
“ঢেঁকীয়াৰ চহৰ আৰু আকাশৰ আধা অঁকা ছবিখন” নামৰ গল্পটোত আকাশ নামৰ অনুভৱী পেইন্টাৰজনে ঢেঁকীয়া বুটলিবলৈ অহা এগৰাকী সুন্দৰী মহিলাৰ ছবি এখন আঁকিবলৈ চেষ্টা কৰিছে। কাহিনীৰ শেষত আকাশে জানিব পাৰিছে, মহিলা গৰাকীৰ জাৰজ সন্তানটোৰ পিতৃ পৰিচয় আৰু মহিলাগৰাকীৰ প্ৰেমত পৰা কনিষ্টবলজনৰ কথা। ছবিখন আধা অঁকা হৈ ৰৈ গৈছে। গল্পটোৰ কিছুমান বাক্যই পাঠকৰ হৃদয় জোকাৰি যায়। “স্তিমিত সূৰুযেৰে আকাশখন নামি আহে। মাটিৰ কজলাখিনিয়ে সেই সূৰুয শুহি লয়।” (পৃষ্ঠা নং ১৬৯)
যাজ্ঞবল্ক আৰু অনাথকল্পৰ কথোপকথনৰ যোগেদি সাধুকথাৰ আভাস ফুটি উঠিছে “অমৃতং মা মৃতং গময় ” নামৰ গল্পটোত। আৰ্যপুৰৰ নিঃসন্তান ৰজাৰ সন্তান জন্মৰ আগৰ বৰ্ণনাখিনিয়ে পাঠকক সন্মোহিত কৰি ৰাখে।
“তৰাই উৰুলি দিলে, অৰণ্যই গালে গান। ফুলে সুবাস দিলে, আজি হৰিষে নধৰে মন। আকাশৰ আল্পনা অঁকা হ’ল, ৰাণীৰ এটা ল’ৰা শিশু ভূমিষ্ঠ হ’ল।”(পৃষ্ঠা নং ১৭৮)
“জলফাইৰঙী জোনাক আৰু তাৰ জীৱাশ্মৰ মাত” গল্পটো বুজিবলৈ পাঠকে মগজুৰ যথেষ্ট কছৰৎ কৰিব লাগিব। বিমূৰ্ত প্ৰকাশৰ ভাৱ গধুৰ গল্পটোত অতীত, বৰ্তমান, ভাৰ্চুৱেল আৰু ৰিয়েলিটি সকলোবোৰ যেন ভায়’লিনৰ এডাল তাঁৰতেই গঠা আছে। পৰিবেশৰ বৰ্ণনাত লেখকৰ ভাষাৰ চাতুৰ্যতাই পাঠকৰ চকুত একোখন ছবি আঁকি যাবলৈ সক্ষম হৈছে। “ৰঙা বেলিটো কঁপিছে, পানীবোৰ বৈ গৈছে, বেলিটো লহৰ হৈ নাচিছে, ছিৰিলি-ছিৰিলি হৈ নৈৰ পানীত…।” (পৃষ্ঠা নং ১৮৭)
হোষ্টেলৰ দুজন ৰূমমেটৰ সপোন এটাৰ বিষয়ে কথোপকথনেৰে আৰম্ভ হয় “সিংহ এটাৰ স্বপ্নতত্ত্ব বিচাৰ” নামৰ গল্পটো। গল্পটোৱে এটা কথা শিকাই যাব পাঠকক, যে জীয়াই থাকিবলৈ মানুহে প্ৰতিটো সমস্যাৰ সন্মুখীন হ’ব পৰাকৈ সাহসী হ’ব লাগিব। পলায়নবাদী অথবা ভয়াতুৰ হৈ মৰি মৰি জীয়াই থকাত কোনো মাদকতা নাই।
সন্মুখত মৃত্যু আহিলেও জীৱনৰ উদযাপন কৰাতহে জীৱনৰ প্ৰকৃত সাৰ্থকতা। “সি গৈ দাপোণখনত নিজকে এবাৰ চালে। আইনাত সি এটা শক্তিমন্ত প্ৰকাণ্ড সিংহ দেখিলে।” (পৃষ্ঠা নং ১৯৮)
অতি উৎকৃষ্ট মানৰ বিজ্ঞান তথা কল্পবিজ্ঞান বিষয়ক গল্পৰ সমাহাৰ ঘটা “ঢেঁকীয়াৰ চহৰ” অসমীয়া গদ্য সাহিত্যৰ ইতিহাসত এক অভূতপূৰ্ব সংযোজন। প্ৰতিটো গল্পই পাঠকৰ মগজুত নিঃসন্দেহে নতুন চিন্তাৰ খলকনি তুলিব। লেখকৰ সৃষ্টিশীল দক্ষতাৰ বাবেই হয়তো “ঢেঁকীয়াৰ চহৰ” ক্ৰাউড ফান্দিঙৰ দ্বাৰা প্ৰকাশিত হোৱা অসমৰ প্ৰথমখন গল্প সংকলন।
•••_
ড° স্মৃতিমালা শৰ্মা
সহকাৰী অধ্যাপিকা
পদাৰ্থ বিজ্ঞান বিভাগ
বি. বৰুৱা মহাবিদ্যালয়
