
ড০ সঞ্জীব কুমাৰ বৰকাকতীয়ে ১৯৬০ চনত যোৰহাটত জন্মগ্ৰহণ কৰিছিল। কটন কলেজৰ পৰা তেওঁ পদাৰ্থ বিজ্ঞানত সন্মানেৰে স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ জেএনইউৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইউজিচিৰ দ্বাৰা পৰিচালিত নেটত তেওঁ প্ৰথমটো বেট্চতে যোগ্যতা অৰ্জন কৰিছিল আৰু ঔদ্যোগীকৰণৰ ওপৰত পি এইচ ডি কৰিছিল। কিছুদিন তেওঁ দ্য শ্বিলং টাইমছৰ মুখ্য উপ সম্পাদক হিচাপেও কাম কৰিছিল। মানস নামৰ এখন আলোচনী তেওঁ গুৱাহাটীৰ পৰা সম্পাদনা কৰি প্ৰকাশ কৰিছিল। পিছলৈ তেওঁ নগাঁৱৰ এডিপি কলেজত যোগদান কৰি অৱসৰ পৰ্যন্ত কাম কৰে। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক আছিল। পৰিকল্পনা পৰ্যায়ৰ পৰাই তেওঁ এই প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল আৰু অবৈতনিকভাবে বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে সেৱা আগবঢ়াইছিল। নব্বৈৰ দশকত তেওঁ অসমৰ সকলো বাতৰি কাকততে স্তম্ভলেখক আছিল।
ড০ বৰকাকতীয়ে অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশৰ ওপৰত বিস্তৃত গৱেষণা কৰিছে। তেওঁ মাধৱদেৱৰ নামঘোষা ইংৰাজীলৈ অনুবাদ কৰাৰ লগতে ইয়াৰ ওপৰত টীকাও লিখিছে। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত আৰু গুণমালা ইংৰাজীলৈ অনুবাদ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ উভয়ৰে ইংৰাজী আৰু অসমীয়া উভয়তে তেওঁ গৱেষণাভিত্তিক জীৱনী ৰচনা কৰিছে। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনকো বিশ্লেষণ কৰি বিৱৰ্তনবাদ নাম দিছে, যিটো নাম এতিয়া বিশ্বজুৰি গ্ৰহণযোগ্য। সাহিত্য আৰু সংস্কৃতিৰ ওপৰত কৰা কামৰ বাবে তেওঁ যোৰহাট সাহিত্য সভাৰ পৰা শংকৰী সাহিত্য সংস্কৃতি বঁটা, কুটুম্ব সুৰক্ষা পৰিষদৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সাহিত্য সেৱা সন্মান আৰু পাৰখোৱা শাখা কবি সন্মিলনৰ পৰা সৰ্বেশ্বৰ দাস সোঁৱৰণী সমাজ হিতৈষী বঁটা লাভ কৰিছে ।
ড° বৰকাকতীয়ে প্ৰায় ৬৫ খন গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ কেইখনমান গুৰুত্বপূৰ্ণ গ্ৰন্থ হ’ল- Bihu: the agricultural festival of Assam, Development issues of North East India, Strategy for industrialization, Issues in industrialization, Different dimensions of Srimanta Sankaradeva (edited), Srimanta Sankaradeva : an epoch maker, Srimanta Sankaradeva : a multi-faceted genius, Great Persons of Assam, Mahapurusha Srimanta Sankaradeva, Life and Contributions of Srimanta Sankaradeva, Madhavadeva, Essays on Srimanta Sankaradeva, অৰ্থনৈতিক উত্তৰণৰ চিন্তা, শংকৰদেৱ অধ্যয়নত বিসংগতি, শংকৰী সাহিত্য আৰু সংস্কৃতিৰ বৈশিষ্ট্য, শঙ্কৰী সংস্কৃতি আৰু দৰ্শন, পূৰ্ণাংগ কথা গুৰুচৰিত, যুগ স্ৰষ্টা শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ (সম্পাদনা), মাধৱদেৱ, শ্ৰীমন্ত শঙ্কৰদেৱ আৰু ভাৰতবৰ্ষ ইত্যাদি। তেওঁৰ গ্ৰন্থসমূহ ফ্ৰেংকফুৰ্ট, বেইজিং, ছিউল আদিৰ গ্ৰন্থমেলাত প্ৰদৰ্শিত হৈছে। তেওঁৰ The Redeemer দ্য ৰিডিমাৰ হৈছে শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত লিখা প্ৰথম ইংৰাজী উপন্যাস। তেওঁৰ গ্ৰন্থসমূহ আমেৰিকা, ব্ৰিটেইন, কানাডা, জাৰ্মানী, দক্ষিণ আফ্ৰিকা, ইকুৱেডৰ, তুৰস্ক, নাইজেৰিয়া আদিৰ পুথিভঁৰালসমূহে সংৰক্ষিত কৰি ৰাখিছে। তেওঁৰ Majuli : resources and challenges গ্ৰন্থখন ভাৰতৰ কেইবাটাও পৰ্টেলে সমগ্ৰ দেশতে প্ৰকাশিত অন্যতম গুৰুত্বপূৰ্ণ গ্ৰন্থ হিচাপে গণ্য কৰিছিল।
ড° বৰকাকতীয়ে অসমৰ বহু সামাজিক সংগঠন যেনে কলংপৰীয়া আলোচনা চক্ৰ, অসম ইনষ্টিটিউট অৱ ডেভেলপমেণ্ট ষ্টাডিজ আদিৰ নেতৃত্ব দিছে। শ্ৰীমন্ত শংকৰদেৱৰ মতাদৰ্শ প্ৰচাৰৰ বাবে গঠিত বিশ্বব্যাপী সংস্থা ‘ছ’চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ’ৰ তেওঁ সভাপতি। তেওঁ আন্তঃৰাষ্ট্ৰীয় অমূৰ্ত সাংস্কৃতিক ঐতিহ্য সমিতিৰ লগতে আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক পৰ্যটন সমিতিৰ বিশেষজ্ঞ সদস্য। তেওঁ আইক’ম’ছৰ হৈ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য মনোনয়ন ড’ছিয়াৰসমূহৰ পৰ্যালোচক।
ড° বৰকাকতী আই ইউ চি এন- ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেচন অৱ নেচাৰৰ আয়োগৰ সদস্য। তেওঁ ইয়াৰ মঞ্চত কাজিৰঙা, মাজুলী আদি বিষয়ত আলোকপাত কৰিছে। বিশ্বজুৰি কলা-সংস্কৃতিৰ প্ৰসাৰ ঘটোৱা আন্তৰ্জাতিক ডেলফিক পৰিষদৰ তেওঁ সক্ৰিয় সদস্য আৰু ইয়াৰ উত্তৰ-পূব ভাৰত গোটৰ মহাসচিব। তেওঁ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমীৰ একাডেমিক কাউন্সিলৰ সদস্য। তেওঁ শ্ৰীলংকাৰ কেলানিয়া বিশ্ববিদ্যালয় প্ৰমুখ্যে বিভিন্ন বিশ্ববিদ্যালয়ত বক্তৃতা আগবঢ়াইছে।
