
দেৰগাঁৱৰ দাধৰা অঞ্চলত জন্ম গ্ৰহণ কৰা অঞ্জন কুমাৰ বৰাই শৈশৱৰ পৰাই সাহিত্য চৰ্চাত মনোনিবেশ কৰি আহিছে।
এই পর্যন্ত তেওঁৰ দুই শতাধিক প্রবন্ধ বিভিন্ন কাকত, আলোচনী আৰু সংকলিত গ্রন্থত প্ৰকাশ পাইছে।
ছাত্ৰ জীৱনতে সাংবাদিকতাৰ সৈতে জড়িত হৈ পৰা শ্ৰীযুত বৰাই কিছু সংখ্যক গল্প আৰু কবিতাও ৰচনা কৰিছে।
২০১৮ চনৰ পৰা দৰ্শনৰ গভীৰ অধ্যয়নত নিবিষ্ট হৈ থকা শ্ৰীযুত বৰাৰ প্ৰধানকৈ দৰ্শন সম্পৰ্কীয় ৩৬ খন গ্রন্থ প্রকাশিত হৈছে।
তেওঁ লিখা দৰ্শনৰ কেইখনমান গুৰুত্বপূৰ্ণ পুথি হ’ল ‘দৰ্শনৰ মৌলিক তত্ত্ব’, ‘ভাৰতীয় দৰ্শনৰ মৌলিক তত্ত্ব’, ‘নীতিশাস্ত্ৰৰ মৌলিক তত্ত্ব’, ‘ভাৰতীয় দৰ্শন’, ‘বেদ আৰু উপনিষদৰ দৰ্শন’, ‘পাশ্চাত্য নীতিশাস্ত্র’, ‘ভাৰতীয় নীতিশাস্ত্র’, ‘প্রায়োগিক নীতিশাস্ত্র’, ‘তুলনামূলক ধৰ্ম’, ‘সামাজিক আৰু ৰাজনৈতিক দৰ্শন’, ‘সমসাময়িক পাশ্চাত্য দর্শন’, ‘সমসাময়িক ভাৰতীয় দৰ্শন’, ‘প্ৰকাশ বিজ্ঞান আৰু অস্তিত্ববাদ’।
তদুপৰি, ‘স্বাস্থ্য আৰু সুস্থতা’, ‘পৰিৱেশ বিজ্ঞান’ তেওঁৰ আন দুখন জনপ্ৰিয় পুথি ।
ইংৰাজী ভাষাতো তেওঁ ‘Health and Wellness’ আৰু ‘Environmental Science’ নামৰ দুখন পুথি ৰচনা কৰিছে।
তেওঁৰ অৱদানৰ বাবে ২০২১ চনত অসম চৰকাৰে ভাষা গৌৰৱ আঁচনিৰ অধীনত সম্বৰ্ধনা জনোৱাৰ উপৰিও 2022 চনত সামাজিক অনুষ্ঠান প্ৰতীতিয়ে বৰেণ্য ব্যক্তিত্ব বঁটা প্ৰদান কৰে ।
সম্প্ৰতি যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ অধ্যাপনা কৰি থকা শ্ৰীযুত বৰা একালত ড° গিৰীশ বৰুৱাৰ প্ৰিয় ছাত্ৰ আছিল।
তেওঁ নির্মোহ আৰু বস্তুনিষ্ঠভাবে ড° বৰুৱাৰ জীৱন আৰু কৰ্ম সম্পর্কে ‘দার্শনিক ড° গিৰীশ বৰুৱা : দৃষ্টি আৰু সৃষ্টি’ নামৰ গ্ৰন্থখন ৰচনা কৰিছে।
প্রকাশক ‘দার্শনিক ড° গিৰীশ বৰুৱা : দৃষ্টি আৰু সৃষ্টি’।

