
💐💐💐💐💐ডিগ বয় ডিগ💐💐💐💐💐
💐💐💐💐লেখক- দীপাংকৰ মল্ল বৰুৱা💐💐
ডিগবৈৰ জিয়ৰী অনুপমাই লণ্ডনৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে বিশ্বৰ তৈল অন্বেষণৰ ইতিহাসৰ বিষয়ে গবেষণা কৰি থকা ইংৰাজ ছাত্ৰ কেভিনক লগ পায়।
কেভিনৰ যোগেদি অনুপমাৰ চিনাকি হ’ল কেভিনৰ আইতাক নেন্সিৰ লগত । শৈশৱ অসমৰ মধুৰ স্মৃতিৰে সজীৱ হৈ থকা আইতাকৰ লগত অনুপমাৰ গঢ়ি উঠিল মধুৰ সম্পৰ্ক।
একেসময়তে চিনেমাটোগ্ৰাফীৰ ছাত্ৰী কেভিনৰ প্ৰেমিকা ক্লাৰাৰ লগটো অনুপমাৰ গঢ়ি উঠিল সহজ বন্ধুত্ব। তিনিও আইতাকক লৈ অসম পালেহি।
তেওঁলোকে বুঢ়ীদিহীং নদীৰ পাৰে পাৰে ডিগবৈ, দুলীয়াজান , ডিব্ৰুগড় ,মৰ্ঘেৰিটা আদিত বিচৰি ফুৰিলে অসমৰ তৈল অন্বেষণৰ অবিস্মৰনীয় ইতিহাস আৰু আইতাকৰ নজহা নপমা মধুৰ স্মৃতি, শৈশৱৰ প্ৰেম ।
১৮২৫ চনত প্ৰথম আৰম্ভ হোৱা অসমৰ তৈল অন্বেষণৰ ইতিহাসৰ ৰোমাঞ্চকৰ কাহিনীৰে ভৰা এই উপন্যাস খনৰ লেখক দীপাংকৰ মল্ল বৰুৱা যি অইলৰ এজন উচ্চ পদস্থ বিষয়া।

