
💐💐💐💐💐 ডাৱৰৰ সিপাৰে 💐💐💐💐💐
“অৰ্ধ আকাশ, দয়াময়ী, মমতাৰ আকৰ” বুলি নানা উপমাৰে বিভূষিতা হ’লেও বৈদিক যুগৰে পৰা আজিকোপতি সমাজত নানান সমস্যাৰে ধৰাশায়ী হৈ আহিছে নাৰী ।
পুত্ৰ সন্তানৰ মোহত পৰা পিতৃৰ বাবে এলাগী হৈ পৰে পত্নী আৰু ছোৱালী সন্তান ।
সুৰাক সংগী কৰি লৈ মৃত্যুক সাবটি অকালতে বৈধৱ্য মাতি আনে পত্নীৰ জীৱনলৈ ।
পিতৃহাৰা হয় সন্তান, সন্তানক বুকুত সাবটি অসহায় হৈ পৰে মাতৃ ।
কপালৰ ৰঙা বেলি মানেই নাৰীৰ বাবে আশ্ৰয়, উকা মানেই অযুত বেদনা, অলেখ যাতনা ।
বিধৱা মাতৃৰ বাবে তিনিজনীকৈ ছোৱালীক মসৃণ পথেৰে ডাঙৰ কৰাৰ সপোনত হেঙাৰ হৈ ঠিয় দিয়ে হাজাৰটা সমস্যাই ।
ডাঙৰতকৈও ডাঙৰ সমস্যাৰ সন্মুখত ঢাল হৈ সাহসেৰে ঠিয় দিয়ে মাতৃ ।
নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি মাতৃ হৈ পৰে দুৰ্গা, কালি ।
তেনে মাতৃক লৈয়ে লেখিকা জুৰি শইকীয়াই লিখি উলিয়াইছে “ডাৱৰৰ সিপাৰে” উপন্যাসখন ।

