💐💐💐💐💐 ডাৱৰৰ সিপাৰে 💐💐💐💐💐

“অৰ্ধ আকাশ, দয়াময়ী, মমতাৰ আকৰ” বুলি নানা উপমাৰে বিভূষিতা হ’লেও বৈদিক যুগৰে পৰা আজিকোপতি সমাজত নানান সমস্যাৰে ধৰাশায়ী হৈ আহিছে নাৰী ।

পুত্ৰ সন্তানৰ মোহত পৰা পিতৃৰ বাবে এলাগী হৈ পৰে পত্নী আৰু ছোৱালী সন্তান ।

সুৰাক সংগী কৰি লৈ মৃত্যুক সাবটি অকালতে বৈধৱ্য মাতি আনে পত্নীৰ জীৱনলৈ ।

পিতৃহাৰা হয় সন্তান, সন্তানক বুকুত সাবটি অসহায় হৈ পৰে মাতৃ ।

কপালৰ ৰঙা বেলি মানেই নাৰীৰ বাবে আশ্ৰয়, উকা মানেই অযুত বেদনা, অলেখ যাতনা ।

বিধৱা মাতৃৰ বাবে তিনিজনীকৈ ছোৱালীক মসৃণ পথেৰে ডাঙৰ কৰাৰ সপোনত হেঙাৰ হৈ ঠিয় দিয়ে হাজাৰটা সমস্যাই ।

ডাঙৰতকৈও ডাঙৰ সমস্যাৰ সন্মুখত ঢাল হৈ সাহসেৰে ঠিয় দিয়ে মাতৃ ।

নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি মাতৃ হৈ পৰে দুৰ্গা, কালি ।

তেনে মাতৃক লৈয়ে লেখিকা জুৰি শইকীয়াই লিখি উলিয়াইছে “ডাৱৰৰ সিপাৰে” উপন্যাসখন ।

Leave a Reply

Your email address will not be published. Required fields are marked *