
💐’হাজং লোক-সাহিত্যৰ ৰূপৰেখা’
💐’হাজং লোক-পৰিৱেশ্য কলা’
💐’হাজং সাধুকথাৰ সংকলন -জোনাকীৰ পোহৰ’
অসমৰ জনজাতিসকলৰ অন্যতম হাজংসকলৰ বিষয়ে ড০ সংগীতা ৰাজখোৱাই প্ৰস্তুত কৰি উলিওৱা এইলানি গুৰুত্বপূৰ্ণ প্ৰকাশ কৰিছে পূৰ্বায়ণ প্ৰকাশনে।
‘হাজং লোক-সাহিত্যৰ ৰূপৰেখা’ –শীৰ্ষক গ্ৰন্থখনত হাজংসকলৰ লোকগীত, ফকৰা- যোজনা, সাঁথৰ আৰু সাধুকথা সম্পৰ্কে উদাহৰণসহ বিশ্লেষণাত্মক দৃষ্টিভংগীৰে আলোচনা কৰা হৈছে। গ্ৰন্থখনৰ সন্দৰ্ভত বিশিষ্ট লোকসংস্কৃতিবিদ ড০ উপেন ৰাভা হাকাচামৰ মন্তব্য এনেধৰণৰ—
“… তেওঁলোকৰ সমাজত প্ৰচলিত সকলোখিনি লোক-সাহিত্যকে সামৰিব পাৰিছে বুলি মোৰ বোধ হৈছে। মুঠ চাৰিটা ভাগত বিভক্ত আলোচ্য সমলৰাজিৰ লোকগীত খণ্ডটিৰ পৰিসৰে অতি ব্যাপক আৰু বিস্তৃত। হাজং ভাষাৰ প্ৰাচীন ৰূপ বা সাহিত্যৰ মূল ভিত্তি স্বৰূপ হাজং লোক-সাহিত্যৰ সমলৰাজি অতি সুন্দৰভাৱে প্ৰণালীবদ্ধকৰণ কৰা হৈছে। “
দ্বিতীয়খন গ্ৰন্থ ‘হাজং লোক-পৰিৱেশ্য কলা’ত জনগোষ্ঠীটোৰ লোকগীত, লোকনৃত্য, লোকনাট্য আৰু লোক বাদ্যযন্ত্ৰ সম্পৰ্কে পুংখানুপুংখভাৱে আলোচনা কৰা হৈছে। পৰ্যাপ্ত সংখ্যক উদাহৰণৰ লগতে ৰঙীন চিত্ৰৰ সংযোজন গ্ৰন্থখনৰ অন্যতম আকৰ্ষণীয় দিশ। ড০ জগদীশ পাটগিৰীয়ে গ্ৰন্থখনৰ বিষয়ে কৈছে যে…
“… গ্ৰন্থখন আকাৰত সৰু হ’লেও নিৰ্দিষ্ট বিষয়টো সূক্ষ্মভাৱে পৰ্যালোচনা, বিশ্লেষণ আৰু মূল্যায়নত তেওঁ কৃতিত্বৰ পৰিচয় দিছে। গ্ৰন্থখন পদ্ধতিগতভাৱে প্ৰস্তুত কৰাত বিষয়টো সুন্দৰভাৱে জিলিকি উঠিছে। “
হাজং সাধুকথাৰ সংকলন ‘জোনাকীৰ পোহৰ’ত হাজং ভাষাৰ পৰা অসমীয়ালৈ অনূদিত ১৯টা মননশীন সাধু সন্নিৱিষ্ট কৰা হৈছে। সহজ-সৰল ভাষাত অনুবাদ কৰা সাধুকেইটিয়ে শিশু-কিশোৰৰ লগতে সকলো পাঠককে আমোদ দিব।
ক’ব পাৰি যে,লেখিকাৰ এই গ্ৰন্থকেইখন হাজংসকলৰ লোকভাষা আৰু লোকসাহিত্য পুনৰুদ্ধাৰৰ লগতে সংৰক্ষণৰ দিশতো সহায়ক হিচাপে পৰিগণিত হ’ব।
‘হাজং লোক-সাহিত্যৰ ৰূপৰেখা’
দাম ১৮০ টকা
‘হাজং লোক-পৰিৱেশ্য কলা’
দাম ১৬০ টকা
‘হাজং সাধুকথাৰ সংকলন -জোনাকীৰ পোহৰ’
দাম ১৪০ টকা
ড০ সংগীতা ৰাজখোৱা
পূৰ্বায়ণ প্ৰকাশন
