
: ঐ, তই ভিতৰলৈ সোমাই নাহ কিয়? বাহিৰত কি ওলাইছে?
মাকৰ ধমকত সি পুনৰ ভিতৰলৈ সোমাই আহি পঢ়া টেবুলত বহিছিল৷
কিন্তু, কোনোমতে কিতাপত মন বহুৱাব নোৱাৰিছিল৷ সি মুক্তি বাহিনীৰ একচন গোটৰ সদস্য দুজনমানে গাঁওখনত বাহৰ পাতি আছে বুলি আগদিনা কেশৱৰ মুখেৰে শুনিছিল৷
টেবুলত বহি বহিয়েই সি ভাবিছিল, মুক্তি বাহিনীৰ সদস্যকেইজন নিৰাপদে পলাই যাব পাৰিলেই হয় আৰু; সেনাৰে মুখামুখি হ’লে তেওঁলোকৰ বাবেও বিপদ, গাঁওবাসীৰ বাবেও বিপদ৷
সি সৰুপানী চুবলৈ বুলি ঘৰৰ পিছ ফালে থকা কলবাৰীৰ ফালে ওলাই যাওঁতে মুক্তি বাহিনীৰ সদস্য এজনক ভয়ে ভয়ে সিহঁতৰ ঘৰৰ ফালে আগুৱাই অহা দেখিছিল৷
: ভাইটি, আগফালে আৰ্মী আছে নেকি?
: হয়, আপুনি সোনকালে সৌ বাঁহনিখনৰ মাজেৰে পলাই যাওক৷
সি সদস্যজনক পিছপিনৰ বাঁহনিখন দেখুৱাই কৈছিল৷
: বাৰু, মই সেইপিনেই গুচি যাওঁ৷ তুমি মোক ফটা-ছিটা লুঙি এখন দিয়া আৰু এই বেগটো ক’ৰবাত ভালদৰে লুকুৱাই থ’বা৷ মই পাছত লৈ যাম৷
শাকনিবাৰীত দেউতাকৰ সৈতে ব্যস্ত হৈ থকা মাকে সদস্যজনক দেখি সিহঁতৰ ফালে আগুৱাই আহিবলৈ লওঁতে সি হাতৰ ইংগিতেৰে নাহিবলৈ কৈছিল৷
সি সদস্যজনে আগবঢ়াই দিয়া চামৰাৰ বেগটো হাতত লৈ খৰখেদাকৈ ঘৰৰ ভিতৰলৈ সোমাই গৈছিল আৰু বেগটো বিছনাৰ তললৈ দলিয়াই দিছিল৷
তাৰ পাছত মাকৰ শোৱাকোঠাৰ দাং এদালত ওলোমাই থোৱা আৰু কেতিয়াবা দেউতাকে পিন্ধা পুৰণি কাপোৰ এখন লৈ আহিছিল৷ সদস্যজনে কাপোৰখন কঁকালত পিন্ধি লংপেন্টটো আৰু একচন জোতাযোৰ খৰখেদাকৈ খুলিছিল৷ তাক পেন্টটো আৰু জোতাযোৰো লুকুৱাই থ’বলৈ কৈ সদস্যজন কোবাকুবিকৈ বাঁহনিৰ ফালে গুচি গৈছিল৷
সেইদিনা সেনা বাহিনীৰ দলটো সিহঁতৰ গাঁৱৰপৰা আঁতৰি যোৱাৰ পাছত সি খেৰৰ গঁৰালত লুকুৱাই থোৱা মুক্তি বাহিনীৰ সদস্যজনৰ পুৰণি একচন জোতাযোৰ উলিয়াই আনি পিন্ধি চাইছিল৷ তাৰ ভৰিৰ জোখৰ নহ’লেও জোতাযোৰ পিন্ধি কিবা এক সুখ পাইছিল৷ জোতাযোৰ পিন্ধি গপগপাই ঘৰৰ ভিতৰত খোজ কাঢ়ি ফুৰোঁতে মাকে ভোৰভোৰাইছিল– ‘তই লোকৰ জোতাযোৰ কিয় পিন্ধি ফুৰিছ?
কোনোবাই দেখিলে বৰ বেয়া কথা হ’ব৷ ক’ৰবাত ভালদৰে লুকুৱাই থৈ দেগৈ যা৷’
মাকৰ কথালৈ কৰ্ণপাত কৰা নাছিল সি৷ সদস্যজনে এৰি থৈ যোৱা বস্তুবোৰ নিবলৈ নহালৈকে সি জোতাযোৰ মাজে সময়ে পিন্ধিয়েই আছিল৷ সদস্যজনৰ চামৰাৰ বেগটো খুলি কাগজ-পত্ৰবোৰো লিৰিকি-বিদাৰি চাইছিল৷
সেই ঘটনাৰ দুদিনমানৰ পাছতে সেনা বাহিনীৰ দল এটাই মাজনিশা গাঁৱৰ ঘৰে ঘৰে তালাচী চলাইছিল৷ সেনাই তালাচী চলোৱাৰ নামত জিন্টুদা আৰু চন্দ্ৰ খুড়াক নানা প্ৰশ্ন কৰিছিল৷ বন্দুকৰ কুণ্ডাৰে প্ৰহাৰ কৰি সিহঁতক মাটিত বগৰাই লৈ বুটজোতাৰে উপৰ্যুপৰি গচকিছিল৷
সি ঘুনক-ঘানককৈ শুনিবলৈ পাইছিল, গাঁৱৰ কেইবাগৰাকী নাৰীৰ ওপৰত সেনাই যৌন নিৰ্যাতনো চলাইছিল৷ কিন্তু, লোকলজ্জাৰ ভয়ত সেইকথা ভুক্তভোগী নাৰীসকলে লুকুৱাই ৰাখিছিল৷
পিছদিনা গাঁৱৰ মানুহবোৰে জিন্টুদা আৰু চন্দ্ৰ খুড়াৰ বিধবস্ত অৱস্থা প্ৰত্যক্ষ কৰি ইস্ আস্ কৰিছিল৷
সেনাৰ বুট জোতাৰ গচকত সঁচাকৈয়ে জিন্টুদাৰ সুঠাম শৰীৰ লেবেজান হৈ পৰিছিল৷ অসহ্যকৰ যন্ত্ৰণাত কেঁকাইছিল সি৷ তাৰ অৱস্থা দেখি গাঁৱৰ মানুহবোৰে মুক্তি বাহিনীৰ সদস্য কেইজনকে গালি-গালাজ কৰিছিল৷
জোতানামা
নব্বৈৰদশকৰ দস্তাবেজ

