
💐💐💐💐জেনেৰেল জে জে সিং💐💐💐💐
যোগিন্দৰ যশবন্ত সিং চমুকৈ জেনেৰেল জে জে সিং ভাৰতীয় সৈন্যবাহিনীৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি। কৰ্ণেল ভিচকউণ্ট জন স্মিথৰ মতে ভাগ্যৰ বলত ভাৰতে ভালেকেইজন ভাল সেনাপতি লাভ কৰিছে। তাৰ ভিতৰত এজন হ’ল জেনেৰেল জে জে সিং, যাৰ জীৱন নিজৰ ককাক আৰু দেউতাকৰ দৰে ভাৰতৰ প্ৰতি অনুকৰণীয়, সমৰ্পিত সেৱাৰ উদাহৰণ হিচাপে পৰিগণিত হ’ল।
জে জে সিং ককাক আত্ম সিঙে ১৯১৪ চনতে ভাৰতীয় সৈনিক হিচাপে যোগদান কৰিছিল। পৰৱৰ্তী সময়ত তেখেতৰ দেউতা আৰু পিছলৈ নিজেও ২০০৭ চন পৰ্যন্ত সৈনিক হিচাপে কাৰ্যনিবাহ কৰিছিল।
প্ৰায় এটা শতিকাৰ একেটা পৰিয়ালৰে তিনিটা প্ৰজন্মৰ তিনি ব্যক্তিয়ে ভাৰতীয় সৈন্যবাহিনীত সেৱা আগবঢ়াবলৈ সক্ষম হোৱা ঘটনা বিৰল।
এজন সৈনিক হিচাপে আত্মপ্ৰকাশ কৰি অৰুণাচলৰ ৰাজ্যপাললৈকে নিজৰ যোগ্যতাৰ পৰিচয় দিয়া জে জে সিঙে স্পষ্ট আৰু সঁচা কথাৰে নিজৰ আত্মজীৱনীখন লিখি উলিয়াইছে।
সৈনিকৰ প্ৰিয় সেনাপতি এক আত্মজীৱনী শীৰ্ষক আত্মজীৱনীখনত এজন সৈনিকৰ দৃষ্টিৰে অনেক ঘটনাৰ সাৱলীল বৰ্ণনা কৰা দেখা গৈছে।
জনপ্ৰিয় ঔপন্যাসিক য়েছে দৰজে ঠংচিয়ে অসমীয়া ভাষালৈ অনুবাদ কৰা এই গ্ৰন্থখন বনলতা প্ৰকাশনৰ অসমীয়া সাহিত্যলৈ অনবদ্য সংযোজন।
গ্ৰন্থখনৰ মূল্যঃ ৪০০ টকা।

