✍️💞আত্মবিশ্বাস ঈশ্বৰবিশ্বাসে নবঢ়ায়💞

💐জীৱনটো আমি মাথোঁ এবাৰেই পাওঁ💐

লেখক : দেৱকান্ত সন্দিকৈ

প্ৰকাশক: বনলতা

মূল্য : ২৫০ টকা

বেটুপাত: দিগন্ত বিজয়

মুদ্ৰক: শৰাইঘাট অফছেট

বাহুবল বঢ়াবলৈ বাহুৰ ব্যায়াম কৰিব লাগে।

ভৰিৰ পেশী আৰু শক্তি বঢ়াবলৈ ভৰিৰ ব্যায়াম কৰিব লাগে।

কোনেও বাহুবল বঢ়াবলৈ ভৰিৰ ব্যায়াম বা ভৰিৰ শক্তি বঢ়াবলৈ বাহুৰ ব্যায়াম নকৰে!—–

তেনেকৈ আত্মবিশ্বাস বা নিজৰ ওপৰত বিশ্বাস বঢ়াবলৈ মানুহে নিজৰ ওপৰতহে বিশ্বাস কৰিবলৈ শিকিব লাগিব, নিজৰ শক্তি আৰু সামৰ্থ্যত আস্থা ৰখাৰ অভ্যাস কৰিব লাগিব।

তাতে নকৰি যদি কোনোবাই আত্মবিশ্বাস বঢ়াবলৈ ঈশ্বৰক বিশ্বাস কৰাৰ অভ্যাস কৰে সেয়া হ’ব বাহুবল বঢ়াবলৈ ভৰিৰ ব্যায়াম কৰাৰ নিচিনা কথা। বা চকুৰ অসুখ ভাল কৰিবলৈ নাকত দৰব লগোৱাৰ নিচিনা কথা।

আত্মবিশ্বাসৰ অভ্যাস বা সাধনাইহে আত্মবিশ্বাস বঢ়ায়।

ঈশ্বৰ বিশ্বাসৰ লগত আত্মবিশ্বাস বৃদ্ধিৰ কোনো সম্পৰ্ক নাই।

বৰং ঈশ্বৰবিশ্বাসে মানুহৰ আত্মবিশ্বাস ধ্বংস কৰে। মানুহৰ নিজৰ মাজত থকা শক্তিক নেওচা দি এক অস্তিত্বহীন কাল্পনিক শক্তিৰ ওপৰতহে আস্থা ৰাখিবলৈ শিকায়।

বহুতৰ মুখতে শুনো —-‘মইনো কি কৰিব পাৰো, ঈশ্বৰে যি কৰে কৰিব……।’ ‘মইনো কি কৰিব পাৰো’ বুলি কওঁতেই নিজৰ মাজত থকা অসীম শক্তিৰ ওপৰত আস্থাহীনতা প্ৰকাশ পায়।

আনহাতে আত্মবিশ্বাস নথকা মানুহেই বেছিকৈ ঈশ্বৰবিশ্বাসী হয়।

অলিম্পিকত আজি চীন , আমেৰিকা আদি দেশেই নিজৰ ক্ৰীড়া – নৈপুণ্যৰে দপদপাই আছে।

আত্মবিশ্বাস তুংগত থকা এইবোৰ দেশৰ খেলুৱৈয়েই এতিয়ালৈকে সৰ্বাধিক বিজয় পদক সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আৰু ঈশ্বৰবিশ্বাসে আত্মবিশ্বাস বঢ়ায় বুলি মনে-প্ৰাণে ঈশ্বৰবিশ্বাস কৰা মানুহেৰে ভৰি থকা ভাৰতৰ নিচিনা এখন বিশাল দেশে এতিয়ালৈকে মাত্ৰ এটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিয়েই সন্তুষ্ট থাকিবলগা হৈছে।

চীন দেশখন আমাৰ দেশ ভাৰতৰ পৰা সাত সাগৰ তেৰ নদী পাৰ হ’বলগা দূৰত্বত নহয়……..কিন্তু……..

কোনে কোনে পঢ়িছে বাৰু কিতাপখন….💞✈️

Leave a Reply

Your email address will not be published. Required fields are marked *