🌹🌹🌹🌹🌹জিৰকেদাম🌹🌹🌹🌹🌹

✍️❤️🌹ড° গোপাল চন্দ্ৰ মেধি

🪂🪂🪂অসম প্ৰকাশন পৰিষদ

জিৰকেদাম :

কাৰবিসকলৰ বাবে শিক্ষা হ’ল সমগ্ৰ জীৱনৰ অভিজ্ঞতা।

জনজাতি সকলৰ মাজত সামগ্ৰিকভাৱে শিক্ষাৰ এই ৰূপটোক ধৰি ৰখাৰ বাবে যি এক অনুষ্ঠানৰ জন্ম হ’ল তাক উত্তৰ পূৰ্বাঞ্চলত ‘ডেকাচাং’ বুলি জনা যায়।

কাৰবিসকলৰ নিজৰ ভাষাত এই অনুষ্ঠানৰ নাম ‘জিৰকেদাম’।

এই নামেই দিয়া হৈছে ড° গোপালচন্দ্ৰ মেধিৰ কাৰবি লোক-জীৱন ভিত্তিক গৱেষণামূলক এলানি গুৰুত্বপূৰ্ণ প্ৰৱন্ধৰ সংকলনটিক।

কাৰবি আংলঙৰ বাৰেৰহণীয়া সাংস্কৃতিক সমল সংগ্ৰহ আৰু গ্রন্থাকাৰে সংৰক্ষণৰ বাবে এই গ্ৰন্থৰ লেখকে অহোপুৰুষাৰ্থ কৰিছে।

শিক্ষা, নৃতত্ত্ব, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান তথা অৰ্থনীতিৰছাত্ৰ-ছাত্ৰীসকল এই গ্ৰন্থৰ দ্বাৰা বহুলভাৱে উপকৃত হ’ব।

লগতে জনজাতীয় জীৱন-চৰ্যাৰ প্ৰতি আগ্ৰহী পাঠককো এই গ্রন্থখনে উপকৃত কৰিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *