
💐💐💐গ্ৰন্থ সুবাসৰ উদ্যোগত কিতাপ পঢ়ক আনকো পঢ়ুৱাওক:💐💐💐
💐আজিৰ অতিথি✍ সুকন্যা গাৰ্গী শইকীয়া💐
গ্ৰন্থ: জিগলো।
লেখিকা: ৰশ্মিৰেখা ভূঞা।
মই শেহতীয়াকৈ পঢ়া এখন উপন্যাস হৈছে, ৰশ্মিৰেখা ভূঞাৰ 'জিগলো'।'জিগলো' মানে হ'ল পুৰুষ বেশ্যা(playboy)।এজন মেধাৱী ল'ৰা 'জিগলো' হোৱাৰ আঁৰৰ কাহিনী, কি পৰিস্থিতিয়ে যুৱকজনক 'জিগলো' হ'বলৈ বাধ্য কৰালে, তাৰেই কৰুণগাঁথা এই উপন্যাসখন।
উপন্যাসখনৰ মূল নায়ক আকাশ বৰুৱা।মৰনৈপৰীয়া গাঁৱৰ আটাইতকৈ ধুনীয়া ল'ৰাটো আছিল আকাশ, ওচৰৰ কেইবাখনো গাঁৱৰ গাভৰুৰ সপোনৰ কোঁৱৰ আছিল সি।সুন্দৰী গাভৰু দেখিলেই সি প্ৰেমৰ প্ৰস্তাৱ দিছিল।কলেজত পঢ়ি থকা দিনত তাৰ প্ৰিয় বিষয় আছিল:নাৰীৰ দেহৰ ভূগোল।কলেজত পঢ়ি থাকোঁতেই তাৰ প্ৰেম হৈছে জিলমিলৰ লগত।আকাশে প্ৰেমৰ এক অনন্য অনুভূতিৰ মাজত বিচৰণ কৰি থাকোতেই জিলমিলৰ ঘৰৰ পৰা তাইৰ বিয়া ঠিক কৰিছিল এজন ইঞ্জিনীয়াৰৰ লগত, ঘৰৰ কথা পেলাব নোৱাৰি জিলমিল ইঞ্জিনীয়াৰজনৰ লগত বিয়া হৈ গুচি গৈছিল।জিলমিল আছিল আকাশৰ বাবে উশাহ,তাৰ যেন প্ৰতিটো পুৱাই মৃত্যু হৈছিল, সমগ্ৰ দিন সি এটা মৃতদেহ বহন কৰি ফুৰিছিল।প্ৰেম, বিশ্বাস, বিশ্বাসঘাটকতা... তাৰ বাবে সাঁথৰ হৈ গৈছিল। সি মদ-চিগাৰেটক কৰি লৈছিল তাৰ সংগী।
একমাত্ৰ সন্তান আকাশক মাক- দেউতাকে আকাশ স্পৰ্শ কৰোৱাৰ কুচকাৱাজত লাগি থকা সময়তে তেওঁলোকৰ পুত্ৰই ভৰি দিছিল অন্য এখন পৃথিৱীত।হোষ্টেলত থাকি পঢ়িবৰ বাবে পঠোৱা টকা গাৰ্লফ্ৰেণ্ড, মদ, চিগাৰেটৰ নামত খৰছ কৰিছিল।অভিশপ্ত পপীয়া তৰা হৈ সি খহি পৰিছিল নিজ লক্ষ্যপথৰ পৰা।
মৌপিয়াৰ লগতো তাৰ প্ৰেম হৈছিল।জিলমিলে কৰি যোৱা প্ৰতাৰণাৰ পিছত প্ৰেম ভালপোৱা, নাৰী, এইবোৰ শব্দ তাৰ কাৰণে খেল সদৃশ হৈ পৰিছিল।কলেজত তাক playboy আকাশ বুলি ক'লে চবেই চিনি পায়।মৌপিয়াক সি প্ৰতিশোধৰ খাতিৰত হে ভাল পাইছিল।মৌ ৰ পিছত সি হিয়া,জুলি, চন্দনা ,আইভী আৰু যে কিমানৰ লগত শাৰীৰিক সম্পৰ্ক চলাই নিছিল তাৰ কোনো হিচাপ নাই।লাহে লাহে তাৰ মাজত 'play boy' ইমেজ এটা গঢ় লৈ উঠিছিল।বাঢ়ি গৈছিল নাৰীৰ প্ৰতি অকল্পনীয় ঘৃণা।লাহে লাহে সি ঘৰলৈ যাবলৈ বাদ দিছিল।মাক দেউতাকে তাৰ এই অৱস্থাৰ কথা শুনি দুখ সহ্য কৰিব নোৱাৰিলে, দেউতাকৰ ষ্ট্ৰক আৰু মাকে হাৰ্ট ফেইল কৰিলে।তাৰ পাছতো আকৌ সি চলাই নিছিল তাৰ কাৰ্য্য।এই পেশাত আগুৱাই যাবলৈ ছহিদুলে তাক সহায় কৰিছিল।তাকএই বৃত্তিত জড়িত হ'বৰ বাবে দেশৰ ৰাজধানী দিল্লীলৈ লৈ গৈছিল।এফালৰ পৰা সি চাইছিল নিশাৰ দিল্লীৰ সৌন্দৰ্য।তাক ছহিদুলেই pub, Bar ৰ লগত পৰিচয় কৰাই দিছিল।তাৰ পাছত পৰা সি দিনৌ তাৰ customer (নাৰী)ক সুখী কৰাত লাগি গৈছিল।
তাৰ সেই যান্ত্ৰিকতাময় জীৱনত পুনৰ লগ পাইছিল তাৰ বৃত্তিটোৰ জৰিয়তে জিলমিলক।সি দিল্লীত থকা সময়ত তাইও দিল্লীৰ বাসিন্দা আছিল,তাইৰ স্বামী তেতিয়া আমেৰিকাতে আছিল, স্বামী নথকা সময়ত তাইৰ প্ৰয়োজন পূৰণ কৰিছিল play boy বোৰে, তেনেদৰেই তাই আকাশক যোগাযোগ কৰিছিল, কিন্তু তাই জনা নাছিল যে সি এই বৃত্তিৰ লগত জড়িত হোৱাৰ কথা।জিলমিলৰ লগত সম্পৰ্ক বাঢ়ি আহিল, আকাশে বেলেগ নাৰী(customar)লগত সম্পৰ্ক কৰাৰ বিপৰীতে জিলমিলৰ লগতে শাৰীৰিক সম্পৰ্ক চলাই নিলে আৰু জিলমিলৰ ঘৰতে থাকি তাৰ বৃত্তিটো প্ৰায় বাদ দিয়াৰ দৰে হৈছিল।জিলমিলৰ মাজতে সি তাৰ ভৱিষ্যত জীৱন দেখা পাইছিল, তাইৰ লগত এখন সুখৰ সংসাৰৰ কল্পনা কৰিছিল।হঠাতে নাৰীৰ প্ৰতি তাৰ মনত ঘৃণাৰ জন্ম দি জিলমিল আমেৰিকাত থকা স্বামীৰ ওচৰলৈ গৈছিল প্ৰতিশোধ পূৰণৰ বাবে আৰু সি পুনৰ সেই ঘৃণনীয় পেশালৈ উভতি গৈছিল।
জিলমিলৰ স্বামীয়ে তাইক তাই বিচৰামতে সময় দিয়া নাছিল আৰু পৰনাৰীৰ লগত সম্পৰ্ক স্থাপন কৰিছিল অৰ্থাৎ স্বামী অনুজো আছিল এটা play boy আৰু জিলমিলেও আমেৰিকাত থকা সময়ত পৰপুৰুষৰ লগত সম্পৰ্কত আছিল, যাৰ বাবে তাই এইডছত আক্ৰান্ত হৈছিল।তাই এটাৰ পিছত এটাকৈ মেইল দিছিল আকাশলৈ তাই কিদৰে স্বামী অনুপৰ দেহলৈ এইডছৰ বীজাণু পঠাইছিল ,জীৱনৰ সকলোখিনি অনুজৰ কাৰণে ত্যাগ কৰাৰ পিছতো কি দিলে সি তাইক ?আৰু কৈছিল অনুপ এতিয়া মৃত্যু পথৰ যাত্ৰী, তাইতো মৰিবলৈ কিন্তু তাতোকৈ আগত অনুজ মৰিব, সেয়েহে তাই আকাশক এখন উপন্যাস লিখিব কৈছিল।কিন্তু জিলমিলে এবাৰলৈও জনা নাছিল যে আকাশো এইডছ আক্রান্ত বুলি।
আকাশৰ জীৱনৰ অন্তিম সময়ত তাৰ ওচৰত আছিল কাব্যা নামৰ এজনী ছোৱালী, যি তাৰ প্ৰেমত পৰিছিল।কাব্যাই তাক মানসিক সাহস দিছিল ।সি তেতিয়া ভাবিছিল, জীৱন সঁচাই ৰহস্যময়, কিন্তু তাতোকৈ ৰহস্যময় সময় যি জীৱনটোক সলনি কৰি দিব পাৰে।
আকাশে শেষৰ সময়ত গাঁৱলৈ যাব বিচৰাত কাব্যাই লৈ গৈছিল।তাৰ শৰীৰে ভয়লগা ৰূপ লোৱাত তাৰ ৰুমৰ পৰা আইনা আঁতৰ কৰি দিয়া হৈছিল।অতীত কৰ্মক সুঁৱৰি সি চকুপানীৰে সি লিখা উপন্যাসৰ পাত তিয়াইছিল।
এটা নতুন বিষয়ৰ ওপৰত লিখা উপন্যাসখন পঢ়ি সঁচাই ভাল লাগিল।'জিগলো' ৰ কাহিনীতো নতুন নহয় যদিও অসমীয়াত খুব সম্ভৱত ৰশ্মিৰেখা ভূঞা বাইদেউয়ে প্ৰথম লিখিছে, বাইদেউলৈ বহুত ধন্যবাদ।উপন্যাসখনত প্ৰেমত পোৱা বিফলতা, প্ৰতাৰণা আৰু প্ৰতিশোধৰ এখন ছবি চিত্ৰিত হৈছে।
।।সমাপ্ত।।
ধন্যবাদেৰে,
সুকন্যা গাৰ্গী শইকীয়া।
আমগুৰি, শিৱসাগৰ।

