💐💐ৰীতা চৌধুৰী বাইদেউৰ ‘জল-পদ্ম’ এখন সুন্দৰ সামাজিক উপন্যাস।
হৰেন দুৱৰা টিংৰাই

সামাজিক উপন্যাস এই বুলিয়ে ক’লোঁ কিয়নো আমাৰ সমাজৰ লোক সকলে বিপদগ্ৰস্ত লোক সকলৰ পৰা মুনাফা আদায় কৰিব বিচাৰে।
ইয়াত ‘জয়া’ক কেন্দ্ৰ কৰি বহুতো ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠন সমূহে চেষ্টা কৰাৰ এখনি সুন্দৰ ছবি প্ৰকাশ কৰিছে।💐💐
এই উপন্যাসখনত কল্যাণীৰ ক্ষেত্ৰত আৰু এখন সুন্দৰ ছবি দেখিবলৈ পোৱা যায় সেয়া হৈছে, “কল্যাণীয়ে যেতিয়া আনক সন্তুষ্ট কৰিছিল তেতিয়া সকলোৰে প্ৰিয় পাত্ৰ আছিল কল্যাণী।
যেতিয়াই কল্যাণীয়ে এজনী বিপদত পৰা ছোৱালীক সহায় কৰিছিল তেতিয়াই আপোনজনৰো অপ্ৰিয় হৈ উঠিছিল।
যেন কল্যাণীৰ নিজস্ব বুলিবলৈ একো নাছিল।
কল্যাণীয়ে যেতিয়াই বুজিব পাৰিছিল নিজৰ নিজস্বতাক গুৰুত্ব দিব তেতিয়া আপোনজনৰ কাষত নিজেই গুৰুত্বহীন হৈ পৰিব।
এই উপন্যাসত মলয়ৰ এটি ধুনীয়া সংলাপ সংযোজন কৰিছে উপন্যাসিক ৰীতা চৌধুৰী ডাঙৰীয়ানীয়ে, “শুদ্ধ-অশুদ্ধ,পৱিত্ৰ-অপৱিত্ৰ এইবোৰ সমাজে জাপি দিয়া ধাৰণা বুজিছ। সময়ে সময়ে ইয়াৰ মান আৰু মূল্য সলনি হৈ থাকে।”
মানুহৰ তীৰ্যক মন্তব্য আৰু মানুহৰ মাজত যেতিয়াই বিভেদ নামি আহে তেতিয়াই মানুহৰ মাজত বিদ্ৰোহৰ ভাব জন্ম হয় যি জগদীশ শৰ্মা আৰু মৃদুলৰ মাজত দেখা গৈছিল।
বিদ্ৰোহে আনিব নোৱাৰে শান্তি।
যেতিয়া মলয়ে দেশ স্বাধীনৰ সপোন দেখি অস্ত্ৰৰে প্ৰাণ কাঢ়িছিল তেতিয়া মলয়ৰ অপোনজনৰ জিৱনলৈ দুদৰ্শা নামি আহিছিল আৰু কল্যাণীৰ পতি সঞ্জয়ৰ মনত যেতিয়া বদ্ৰোহী সকলৰ বাবে যেতিয়া মন বিদ্ৰোহী হৈ উঠিছিল তেতিয়া সঞ্জয় আৰু কল্যাণীয়ে নিজৰ সন্তান ৰূপমক হেৰুৱাইছিল ।
বিদ্ৰোহত প্ৰাপ্তি নহয়, সদায়ে হেৰুৱাবলগীয়া হয়।
ৰীতা চৌধুৰী বাইদেউৰ ‘জল-পদ্ম’ সঁচাই এখন বৰ্তমান সময়ৰ সামাজিক উপন্যাস।
(মনোভাৱ প্ৰকাশ কৰোঁতে হ’ব পৰা ভুলৰ বাবে লেখক আৰু সকলোৰে ওচৰত ক্ষমাৰে।)
💐💐💐💐হৰেন দুৱৰা টিংৰাই💐💐💐💐

