🌹🌹🌹🌹জলতৰঙ্গৰ সুৰ🌹🌹🌹🌹

সন্ত্ৰাসবাদৰ পৰা ব্যক্তিজীৱনলৈকে বিভিন্ন বিষয়বস্তুক লৈ ৰছনা কৰা এই সংকলনৰ গল্পসমূহে অৰূপা পটঙ্গীয়া কলিতাৰ শক্তিশালী সৃষ্টিশীলতাৰ স্বাক্ষৰ বহন কৰিছে।

সচৰাচৰ কৰাৰ দৰেই এই গল্পসমূহতো লেখকে আমাৰ সমাজ জীৱনৰ নানা ধৰণৰ বিচিত্ৰ আৰু আকৰ্ষণীয় কাহিনী কৈছে।

এফালেদি বিশ্বায়নৰ মুকলি বতাহ, আনহাতে সামন্তীয় শক্তিসমূহৰ উত্থান, এফালেদি গণতন্ত্ৰৰ জয়জয়কাৰ, আনফালেদি সন্ত্ৰাসৰ দপদপনি, এফালেদি নাৰীমুক্তিৰ চেতনাৰ প্ৰসাৰ, আনহাতে নাৰী নিপীড়নৰ নিষ্ঠুৰ ছবি – এই সকলোবোৰ অৰূপা পটঙ্গীয়া কলিতাৰ গল্পত বিধৃত হৈছে।

এই সকলোৰে মাজতে, প্ৰতিবাদৰ এটা সুৰ, কেতিয়াবা সৰব কেতিয়াবা অনুচ্ছ, শুনিবলৈ পোৱা যায়।

যেন জলতৰঙ্গৰ সুৰ।

গল্পকাৰে ব্যক্তিজীৱনৰ ছবি আঁকিছে পতিয়নযোগ্যভাৱে, কিন্তু সি নিতান্তই ব্যক্তিজীৱনৰ ছবি নহয়, সেইবোৰ এক সামাজিক প্রেক্ষাপটত উজলি উঠিছে।

গল্পবোৰৰ আঙ্গিক আহিছে মর্মবস্তুৰ সহযোগীৰূপে, আঙ্গিকেই গল্পকাৰৰ আৰাধ্য বিষয় নহয়।

অথচ ‘জলতৰঙ্গৰ সুৰকে ধৰি তেওঁৰ সকলোখিনি গল্পৰ বৰ্ণনাৰীতিৰ সুষমতাই পাঠকক মুগ্ধ কৰি ৰাখে।

বিমূর্ত তত্বগত ধাৰণাৰ অৱতাৰণা লেখকে কৰা নাই, অথচ গল্পসমূহৰ পিছফালে যে যথেষ্ট গভীৰ চিন্তা আছে সেয়া মনোযোগী পাঠকৰ বাবে স্পষ্ট নোহোৱাকৈ নাথাকে ।

বাস্তব অভিজ্ঞতাৰ স’তে সজীব কল্পনা, সূক্ষ্ম সংবেদনশীলতা আৰু একধৰণৰ কাব্যিক অনুভূতিশীলতাৰ সংমিশ্রণে গল্পসমূহৰ আবেদন বঢ়াই তুলিছে।

লেখকৰ পূৰ্বৰ গল্প-উপন্যাসৰ দৰেই এই সংকলনৰ গল্পসমূহতো নাৰীজীৱনৰ নানা সমস্যাই দেখা দিছে; লেখকৰ এক সমালোচনাত্মক সামাজিক দৃষ্টিকোণৰ পৰা সেইবোৰ অবলোকিত হোৱা বাবে সমস্যাবোৰৰ সামাজিক-ৰাজনৈতিক-অর্থনৈতিক চৰিত্ৰ উন্মোচিত হৈছে।

সংকলনখনিৰ গল্পসমূহত পাঠকে বাস্তৱৰ নতুন কিছু দিশৰ মুখামুখি হ’ব বুলি ক’ব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *