
অৱসৰপ্ৰাপ্ত বেঙ্ক বিষয়া প্রশান্ত কুমাৰ কলিতাৰ জন্ম অবিভক্ত নগাঁও জিলাৰ ঐতিহাসিক ৰহা চহৰৰ দাঁতিত অৱস্থিত কলংপৰীয়া হাৰিয়ামুখ দিহিং সত্ৰত।
ছাত্ৰাৱস্থাৰে পৰা সাহিত্যৰ প্ৰতি অনুৰাগ প্ৰকাশ কৰা কলিতাৰ লেখা ভিন ভিন মাধ্যমত ইতিমধ্যে প্রকাশ পাইছে।
তেখেতৰ দ্বাৰা অনূদিত ‘পাঞ্চজন্য’, ‘মহাভাৰতৰ পাছত’ আৰু ‘তুমিয়েই ধৰ্ম তুমিয়েই বিদুৰ’ গ্ৰন্থই পাঠকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
মহাপণ্ডিত ৰাহুল সাংকৃত্যায়নৰ মূল হিন্দীৰ পৰা অনূদিত ‘জয় যৌধেয়’ গ্ৰন্থখন কলিতাৰ চতুৰ্থ ছপা গ্রন্থ।
কিতাপকে সংগী কৰি লোৱা কলিতাৰ বৰ্তমান অৱসৰী জীৱন সাহিত্য চৰ্চাৰ মাজেৰে অতিবাহিত হৈ আহিছে।
তেখেতলৈ জাগৰণ সাহিত্য প্ৰকাশনৰ তৰফৰ পৰা থাকিল অফুৰন্ত শুভকামনা।
✍️🌹 ৰূপজ্যোতি দেৱনাথ জাগৰণ সাহিত্য প্রকাশন।
“বাৰে বাৰে পঢ়িব পৰা এই কাহিনী।
অনুবাদে এক কলাত্মক ৰূপ লৈছে আক্ষৰিক অনুবাদ নোহোৱাৰ বাবে।
ইমান সাৱলীল বর্ণনা।
শব্দৰ অৰ্থবহ সমাহাৰ।
চৰিত্ৰবোৰ যেন অসমৰ প্ৰাচীন চহৰ এখনতহে ঘূৰি ফুৰিছে।
অসমীয়া পাঠকে এই অনুবাদৰ জুতি ভালকৈয়ে পাব।”
✍️🌹 গোবিন কুমাৰ খাউণ্ড
