💐লেখিকা অপৰাজিতা গগৈ বাইদেউৰ কথাৰে আহকচোন পঢ়োঁ…💐

অসমীয়া কবিতাত এক সুকীয়া শৈলীৰ প্ৰতিভাৰে ভাস্বৰ হৈ উঠা কবি ডাঃ ৰাজীৱ ভট্টাচাৰ্যৰ তৃতীয়খন কাব্যগ্ৰন্থ ‘চৌত এটি চৰাই’ অলপতে পঢ়িলোঁ ।

মুঠ তিনিকুৰি দুটা কবিতাৰে সজোৱা কবিতা পুথিখন তেখেতে পিতৃ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত,কাব্যঋষি উপাধিৰে সন্মানিত নলিনীধৰ ভট্টাচাৰ্যদেৱ(সমাজ জীৱনতো এজন ঋষিতুল্য ব্যক্তি) আৰু মাতৃ বিমলী দেবীৰ পবিত্ৰ সোঁৱৰণত উছৰ্গা কৰিছে !

কবিৰ নিজস্ব ভাষাৰে –‘কবিতা মানৱ আত্মাৰ মুক্তিৰ মাৰ নোযোৱা ধ্বনি’ — সেয়ে কবিয়ে ধূলি আৰু কুঁৱলীৰে ধূসৰ পৃথিৱীখন স্পৰ্শ কৰি বোঁৱতী লুইতৰ বিজুলী সোঁতত মন এৰি দিব খোজে পৃথিৱীক আলফুলে পৰশিবলৈ!

জীৱন যন্ত্ৰণাক গভীৰভাৱে উপলব্ধি কৰাৰ পাছত ‘ঘেৰ দিলোঁ বিহুৰ বিননিৰে’ কবিতাত সমাজক প্ৰতিৰোধৰ বাবে আহ্বান জনাই কৈছে —

‘ হুৰাই আনোগৈ ব’লা সৰগৰ তৰা
চাই আৰু নেথাকোঁ দেই নিলগৰ পৰা’

কবি ডাঃ ভট্টাচাৰ্য গায়ক আৰু গীতিকাৰ হোৱাৰ সুবাদতে আমাৰ অনুভৱ হয় তেখেতৰ কবিতাবোৰত যেন গভীৰ গোপন আলফুল ভাৱ এটাই ৰিঙিয়াই মাতে।

বুকুভাঙি চকুলো ওলাব খোজে যেতিয়া তেওঁৰ কবিতাত (নিয়তি) সাধু শুনি টোপনি যোৱা শিশুটোক জগাই মাকৰ চিতাজুইত মুখাগ্নি কৰিবলৈ দিয়া হয়।

‘কুঁৱলী ফুলৰ বাগিচা এখন ‘ , ‘ মই তোৰ তেজ মা’ কবিতা দুটা পঢ়িলে কলিজাৰ তেজ যেন চকুলো হৈ সৰিব।

‘ মৃত্যু কথা ‘ কবিতাটিত কবিয়ে পাঠকক চিৰন্তন কাৰুণ্যলৈ লৈ যায় য’ত একান্ত আপোনজনৰ চিৰবিদায় হাঁহাকাৰে ৰৈ ৰৈ বিনায় —

“তোমাৰ কোঠাত সোমাওঁ
তোমাৰ গাৰ গোন্ধটো স্পৰ্শ কৰোঁ

তোমাৰ কিতাপবোৰে ৰিঙিয়ায়

তোমাৰ নিজৰি কাপটোৱে উচুপি কান্দে

কবিতা পুথিখনৰ শিৰোনাম কবিতাটি ‘ চৌত এটি চৰাই ‘ ত কবিয়ে উদঙাই দিছে চৰাই খেদিবলৈ ব্যৱহাৰ কৰা চৌত উঠি চৰায়ে গীত জুৰিছে,চৌৰ দেহাটিৰ অস্তিত্ব শূন্য কৰি ঢাকিছে, তিয়াইছে !

মানৱতাৰ সংকটত ভোগা মানৱজাতিলৈ চৰম ভ্ৰূকুটি প্ৰকাশকৰিছে এই কবিতাটোৱে!

গভীৰ অৰ্থবহ কবিতাটোৱে পাঠকক ক্যাবিক সৌন্দৰ্য প্ৰদান কৰাৰ উপৰি সমাজ জীৱনৰ নিৰ্লজ বাস্তৱতাৰ কথা সোঁৱৰায়।

জীৱনক প্ৰেম আৰু বিষাদৰ গভীৰতাৰে গ্ৰহণ কৰি কবিয়ে ভাল পায় মানুহ,প্ৰকৃতি,জীৱনৰ সুন্দৰতা আৰু মন গহনৰ আলফুল ভাৱনাক।

আৰু গাব খোজে মানৱতাৰ জয়গান।

Leave a Reply

Your email address will not be published. Required fields are marked *