💐💐কিতাপ খনৰ নাম: ‘চিৰদিন অসমীয়া’।💐

লেখক: ময়ুৰ বৰা।

মূল্য: ৩৫০.০০

কিতাপ খনৰ মোৰ এটি অনুভৱ।

অসমৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰ খনত যোৱা কিছুদিন দৃশ্য মান হৈ পৰা কেতবোৰ অশুভ শক্তিৰ দপদপনিৰ বাবে বহুলোকে চকুৰ সন্মুখতে দেখিছে কেৱল বিষাদ আৰু হতাশাৰ কলীয়া ছাঁ।

তেওঁলোকক খেদি ফুৰে জাতিটোৰ এক অনিশ্চিত ভৱিষ্যতে সৃষ্টি কৰিব পৰা ভয়াবহ পৰিস্থিতিৰ প্ৰতিচ্ছবি বোৰ ।

সকলো মানুহেই সচেতন হৈ পৰিছে জাতিটোৰ চিন্তাৰ বাবে।

জাতিটো যেন চক্ৰ বেহুত প্ৰবেশ কৰিছে।

এই চক্ৰবেহুত বন্দী হৈ মানুহ বোৰ বাহিৰলৈ চাইছে অপেক্ষা ৰত মুখ বিলাক অসম আৰু অসমীয়া।

আধুনিক অসমীয়া চেতনা তোৰ লগত গভীৰ ভাৱে সংপৃক্ত হৈ আছে ভাষাক খামুচি ধৰি গঢ়ি উঠা স্বদেশানুৰাগৰ কথাটো।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সেই অম্লান উক্তি ” স্বদেশ আৰু স্বাজাতি ৰ মঙ্গল মন্দিৰৰ সিংহ দ্বাৰ হৈছে মাতৃভাষা” এই পট ভূমিতে বিচাৰ কৰিব লাগিব।

মলসুতিৰে ভাৰতীয় জাতী়তাবাদত হিন্দুধৰ্মৰ যিটো প্ৰভাৱ, তাৰ তুলনাত অসমীয়া জাতীয়তাবাদৰ উন্মেষৰ সময়ত ধৰ্মৰ প্ৰভাৱ বহুখিনি কম।

অসমীয়া জাতীয়তবাদ হৈছে ভাষিক জাতীয়তবাদ।

ভাষিক জাতীয়তবাদ বাবেই ইয়াৰ লগত ” চিৰদিন অসমীয়া” ধাৰণাটো ৰ ওতঃপ্ৰোত সম্পৰ্ক।

এইটো ধাৰণাৰ আন তিনিটা গুৰুত্বপূৰ্ণ যোগাত্মক বৈশিষ্ট হৈছে, উদাৰতা সহনশীলতা আৰু সমন্বয়মুখিতা।

উদাৰ, সহিষ্ণ আৰু সমন্বয় মুখি বাবেই অসমৰ বুকু বহু যোগ ধৰি বিভিন্ন জাতি জন মিলনভূমি হৈ পৰিছে।

এটা বিশেষ সময় লৈকে অসমীয়াই প্ৰব্ৰজনকাৰী আৰু অনুপ্ৰৱে শ কা আদৰি লৈছে।

অসমৰ মাটিৰ গোন্ধ যাক মতলীয়া কৰি তোলে, অসমৰ বিনন্দিয়া প্ৰকৃতিৰ শোভা ই যাক আপোন পাহৰা কৰে, অসমীয়া ভাষা সাহিত্য সংস্কৃতি ৰ বাৰেৰহনীয়া উপাদানবোৰ যাৰ হৃদয়ত কিঞ্চিৎ পৰিমাণে হলেও আনন্দৰ লহৰ তোলে, সেই সেই সকলোবোৰ লোকেই অসমীয়া।

কেৱল অসমীয়াই নহয়, বিশ্বৰ যি কোণতে বসবাস নকৰক কিয়, তেওঁলোক চিৰ অসমীয়া।

গ্ৰন্থ সুবাসৰ অন্যতম গ্ৰন্থপ্ৰেমী মইনা নাগৰ লেখা।

Leave a Reply

Your email address will not be published. Required fields are marked *