💐💐গ্ৰন্থখনৰ পাতনিতে লেখকে কৈছে— “চলচ্চিত্ৰৰ দৰে এটি আপাত দৃষ্টিত সৰল, কিন্তু নিৰ্মাণৰ দিশৰ পৰা অতি জটিল কলা মাধ্যম এটিৰ ৰস আহৰণ কৰাটো কিছু পৰিমাণে কষ্টকৰ কাম ৷ ” এই জটিল বিষয় বা কষ্টকৰ কামটোকে অত্যন্ত সৰল আৰু মনোগ্ৰাহী ৰূপত উপস্থাপন কৰা হৈছে উৎপল দত্তৰ #চলচ্চিত্ৰৰ_ৰসাস্বাদন ত ৷💐💐

পূৰ্বায়ণ_প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থত চলচ্চিত্ৰৰ সংজ্ঞাৰ পৰা আৰম্ভ কৰি চলচ্চিত্ৰ পৰিচালনা, সম্পাদনা আৰু বিতৰণলৈকে আটাইবোৰ দিশ খুটিনাটি মাৰি আলোচনা কৰা হৈছে ৷

সাধাৰণতে চলচ্চিত্ৰ বুলিলে আমি পূৰ্ণদৈৰ্ঘ্যৰ কাহিনী চিত্ৰকেই বুজোঁ যদিও চলচ্চিত্ৰই সামৰি লোৱা তথ্যচিত্ৰ, চুটি কাহিনী চিত্ৰ, এনিমেছন ছবি আদিৰ লগতে বিষয়বস্তু, দৈৰ্ঘ্য আৰু পৰিৱেশন শৈলীৰ ভিন্নতাৰ ভিত্তিত ইয়াৰ বিভিন্ন ভাগসমূহৰ আলোচনাও এই গ্ৰন্থৰ আওতালৈ অনা হৈছে ৷

বিশেষভাৱে চলচ্চিত্ৰ নিৰ্মাণৰ দিশটোত লেখকে গুৰুত্বসহকাৰে আলোকপাত কৰিছে ৷ চিত্ৰনাট্য প্ৰস্তুতকৰণ, দৃশ্যগ্ৰহণ, ছেট নিৰ্মাণ, লোকেশ্যন নিৰ্বাচন, লাইটিং, শ্বট, শব্দৰ কাম, সংলাপ আৰু সংগীতৰ গুৰুত্ব আদিৰ উপৰি প্ৰডাকছনৰ সৈতে জড়িত সকলো কাৰিকৰী দিশ প্ৰণালীবদ্ধভাৱে এই গ্ৰন্থত আলোচনা কৰা হৈছে ৷ তাৰ লগতে চলচ্চিত্ৰৰ সৈতে সাঙোৰ খাই থকা চেন্সৰ বোৰ্ড, ফিল্ম চাৰ্টিফিকেছন আদিৰ দৰে কোনো ধৰণৰ প্ৰসংগ-অনুষংগ এই গ্ৰন্থত বাদ পৰা নাই ৷

প্ৰতিটো বিষয় সহজ-সৰল ভাষাত সকলো শ্ৰেণীৰ পাঠকে বুজি পোৱাকৈ; আৰু বুজি লৈ বিষয়টোৰ ৰসাস্বাদন কৰিব পৰাকৈ লেখকে গ্ৰন্থখনত দেশী-বিদেশী চলচ্চিত্ৰৰ পৰ্যাপ্ত উদাহৰণ, আৰ্হি আৰু চিত্ৰ ব্যৱহাৰ কৰিছে ৷ তদুপৰি প্ৰচুৰ তথ্য আৰু ইতিহাসৰ সমলে বিষয়বস্তু সম্পৰ্কে বিতংভাৱে জ্ঞান আহৰণ কৰাৰ সুযোগ দিব ৷

মূল বিষয়ৰ সৈতে সংগতি ৰাখি লেখকে গ্ৰন্থখনত সন্নিৱিষ্ট কৰা “চলচ্চিত্ৰ আৰু সাহিত্য” আৰু “চলচ্চিত্ৰ আৰু অন্যান্য কলা মাধ্যম” শীৰ্ষক গুৰুত্বপূৰ্ণ প্ৰবন্ধ দুটিয়ে চলচ্চিত্ৰসহিতে অন্যান্য “কলা”ক হৃদয়ংগম কৰিবলৈ পাঠকক উদ্বুদ্ধ কৰিব ৷ অন্যহাতে, গ্ৰন্থখনৰ সামৰণিত সংযোজন কৰা এশখন চাবলগীয়া চিনেমাৰ (ভাৰতীয় আৰু বিদেশী) নাম-তালিকাই চলচ্চিত্ৰৰসিকসকলক নিশ্চিতভাৱে উপকৃত কৰিব ৷

সামগ্ৰিকভাৱে ক’ব পাৰি, “চলচ্চিত্ৰৰ ৰসাস্বাদন” গ্ৰন্থখনে পাঠকক চলচ্চিত্ৰৰ ৰস আস্বাদনত সহায় কৰাই নহয়; ছাত্ৰ-ছাত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাণ আৰু এই বিষয়ৰ অধ্যয়ন-গৱেষণাৰ প্ৰতি আগ্ৰহীসকলৰ বাবে হাতপুথি হিচাপে প্ৰচুৰ পৰিমাণে সহায় কৰিব ৷

চলচ্চিত্ৰৰ_ৰসাস্বাদন

উৎপল_দত্ত

পূৰ্বায়ণ_প্ৰকাশন

পৃষ্ঠা_১১৫

দাম_১৭০

Leave a Reply

Your email address will not be published. Required fields are marked *