💐💐 চন্দ্ৰ বৰপাত্ৰ গোহাঁইৰ জন্ম হৈছিল ১৯২৯ চনত শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ চেঙেলীবাৰীত। 💐💐

আৰ্থিক দীনতাৰ মাজেৰে জীৱন সংগ্ৰামত ব্ৰতী হৈ তেওঁ ১৯৫৩ চনত অৰুণাচলত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলে।

পৰৱৰ্তী সময়ত তেওঁ অৰুণাচল প্ৰশাসনীয় সেৱালৈ নিৰ্বাচিত হোৱাৰ লগতে ১৯৭০ চনত ডেপুটেচনত কেন্দ্ৰীয় চৰকাৰৰ স্পেচিয়েল ছিকিউৰিটি ব্যুৰোৰ ছাব এৰিয়া অৰ্গেনাইজাৰ হিচাপে যোগদান কৰে।

স্কুলীয়া দিনৰে পৰা সাহিত্য চৰ্চাত মনোনিৱেশ কৰা গোহাঁইদেৱে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে প্ৰবন্ধ-পাতি লেখা-মেলা কৰিছিল।

অৱসৰৰ পাছত ‘প্ৰান্তিক’‍ৰ পাতত প্ৰকাশিত গল্পৰে তেওঁ গল্পকাৰ হিচাপে পৰিচিতি লাভ কৰে ।

‘বনকন্যা’ শীৰ্ষক গল্প সংকলনৰ বাবে অসম সাহিত্য সভাৰ সীতানাথ ব্ৰহ্ম চৌধুৰী সোঁৱৰণী বঁটা লাভ কৰা চন্দ্ৰকান্ত বৰপাত্ৰ গোহাঁইৰ প্ৰকাশিত অন্যান্য ৰচনাসমূহ হ’ল– নানি আছিলি (গল্প সংকলন), লীলাৱতীৰ প্ৰমোদ ভ্ৰমণ(গল্প সংকলন), বাপুৰাম বৰুৱাৰ বিয়া (উপন্যাসিকা), মহাবীৰ মহামন্ত্ৰী কনচেং বৰপাত্ৰগোহাঁই (বুৰঞ্জীমূলক পুথি), অৰুণাচলৰ জনজাতিসকল (নৃতত্ত্বমূলক পুথি), এন্ধাৰৰ ভেটা ভাঙি অৰুণাচলত (আত্মজীৱনীমূলক পুথি), বাইদেউ মেৰিণা(অনূদিত পুথি)।

জনাবলৈ পাই সুখী হৈছোঁ যে, লেখকৰ প্ৰকাশিত তিনিওখন গল্প সংকলন একত্ৰিত কৰি পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছিল ‘চন্দ্ৰ বৰপাত্ৰ গোহাঁই গল্প সমগ্ৰ’।

৩৮টা গল্প সন্নিৱিষ্ট এই সংকলনটিৰ গল্পসমূহত গল্পকাৰৰ জীৱনৰ বৰ্ণাঢ্য- বিচিত্ৰ অভিজ্ঞতাৰ সমাহাৰ ঘটিছে।

বিশেষকৈ কৰ্মসূত্ৰে তেওঁ অতিবাহিত কৰা অৰুণাচলৰ মনোৰম প্ৰাকৃতিক পৰিৱেশ, জনজাতীয় লোকসকলৰ সৰল জীৱনশৈলী, বৈচিত্ৰ্যময় লোককৃষ্টিৰ জীৱন্ত প্ৰকাশেৰে গল্পসমূহ অতুলনীয়। প্ৰথম পুৰুষত বৰ্ণিত গল্পকাৰৰ অপূৰ্ব কথনশৈলী, সাৱলীল বৰ্ণনা, প্ৰাঞ্জল ভাষা আৰু উপস্থাপন ৰীতিৰ নিপুণতাই তেওঁৰ গল্পসমূহক অনন্য মাত্ৰা প্ৰদান কৰিছে।

মূলতঃ গল্পসমূহৰ পটভূমি ঊনবিংশ-বিংশ শতিকাৰ অৰুণাচল যদিও কেইটামান গল্পৰ বিষয়বস্তু হিচাপে স্থান পাইছে মহানাগৰিক জনজীৱনে। তদুপৰি গল্পসমূহৰ আন এক মন কৰিবলগীয়া দিশ হ’ল মহাকাব্যিক চৰিত্ৰৰ প্ৰভাৱ।

কেইবাটাও গল্পত ৰুক্মিণী, কুন্তী, দ্ৰৌপদী, বিদূৰ, বাল্মিকী আদি চৰিত্ৰক কৌশলপূৰ্ণভাৱে গল্পৰ মাজলৈ অনা হৈছে; যিয়ে গল্পসমূহত ভিন্নস্বাদৰ সমাৱেশ ঘটাইছে। সাধাৰণতে গল্প এক কাহিনীপ্ৰধান সাহিত্য যদিও চন্দ্ৰ বৰপাত্ৰ গোহাঁইৰ গল্পত তথ্যৰ সমাহাৰ উল্লেখনীয় দিশ।

তেওঁৰ গল্পই অৰুণাচল অথবা অৰুণাচলী জনজাতীয় জীৱন সম্পৰ্কীয় অধ্যয়নৰ ক্ষেত্ৰতো সহায় কৰিব।

💐নিঃসন্দেহে ক’ব পাৰি যে, চন্দ্ৰ বৰপাত্ৰ গোহাঁইৰ গল্প সমগ্ৰ অসমীয়া গল্প সাহিত্যৰ জগতখনত এটি মূল্যৱান সংযোজন হিচাপে চিহ্নিত হৈ ৰ’ব।💐

গ্ৰন্থ #কিতাপ #আলোচনী #বাতৰি #BOOK #LOVERS

Leave a Reply

Your email address will not be published. Required fields are marked *