
🌹🌹🌹 ‘চ’তৰ উৰহী’ অপূর্ব কুমাৰ শইকীয়াৰ সপ্তম গল্প সংকলন।🌹🌹🌹
শইকীয়াৰ গল্পৰ ভাষা বহুতৰপীয়া, বুদ্ধিদীপ্ত আৰু সার্বিক।
উপমা, উৎপ্রেক্ষা আদি শব্দ আৰু অর্থালংকাৰেৰে গল্পসমূহ প্রসাদ গুণসমৃদ্ধ।
অৱচেতনৰ গভীৰ প্ৰচ্ছায়াই আৱৰি ৰখা শইকীয়াৰ গল্পত সমাজ চেতনা তীব্রভাবে উপস্থাপিত।
নিম্নতম স্থানৰ পৰা সমাজ পর্যবেক্ষণ, অর্থপূর্ণ তির্যক বাস্তৱৰ চিত্ৰায়ণত এক কাৰিকৰী নিৰ্মাণ কুশলতা আৰু গল্পত অধুনা-অননুভূত বাক্-ঘনত্ব শইকীয়াৰ গল্পৰ সম্পদ।
অপূর্ব কুমাৰ শইকীয়াৰ গল্পৰ নিৰ্মাণশৈলী, চৰিত্ৰৰ বাচনিক ঐশ্বৰ্য আৰু কাহিনীৰ চমংকাৰিতাই পাঠকক অনুভৱৰ চূড়ান্ত উচ্চতালৈ লৈ যায়।
এনে গল্প পথেৰে পাঠকে যেতিয়া যাত্ৰা কৰে তেওঁ প্ৰায়ে লক্ষ্যস্থানকে পাহৰে, কাৰণ গল্পৰ গতিপথৰ দুয়োকাষে ৰং-বিৰঙৰ বেলুন, ফুল আৰু মণিহাৰী মালৰ অজস্ৰ দোকানে যাত্ৰা ইমানেই সুমধুৰ কৰি তোলে যে লক্ষ্যস্থান কেৱল হৈ পৰে এক যাত্ৰা সমাপ্তিৰ আনুষ্ঠানিকতা তাথচ লক্ষ্যস্থানত পাঠকৰ বাবে অপেক্ষা কৰি ৰয় অপাৰ বিস্ময়ে।
প্ৰচুৰ খাদ্যপ্ৰাণ আৰু স্নেহপদাৰ্থৰ উপস্থিতিৰে সমৃদ্ধ ‘চ’তৰ উৰহীৰ ব্যৱহাৰ লোক-খাদ্যাভ্যাসমতে নিষিদ্ধ।
ই এক অব্যবহৃত, সমাজে আৱৰ্জনাৰ দ’মলৈ ঠেলা মানৱ সম্পদৰ কাহিনী।
সামাজিক অবিচাৰৰ বলি এটি উৎকেন্দ্রিক আৰু বিদ্ৰোহী চৰিত্ৰৰ উগ্রতা নিমিষতে স্তিমিত হৈ পৰে অনাখৰী মাতৃৰ স্নেহস্পৰ্শত।
সংকলনটিৰ বাকীসমূহ গল্পৰ পাঠেও পাঠকক চিনাকি কৰাই দিব সেইখন ৰহস্যময়, সম্পদশালী অথচ স্বার্থান্বেষী মানুহৰ হাতত বিপন্ন পৃথিবীৰ সৈতে যত আপাত দৃষ্টিত মানুহৰ অসহায় ৰূপটো ফুটি উঠিলেও উত্তৰণৰ আত্মবিশ্বাসেৰে প্রোজ্জ্বল হৈ উঠে এজাক মানুহ আৰু এক অদম্য শুভংকৰ শক্তিৰ উপস্থিতি।
প্রকাশক “চ’তৰ উৰহী”

