অসমৰ সংবাদ জগতখনৰ জীয়া ছবি :
‘চতুৰ্থ স্তম্ভৰ গল্প’
ঊনবিংশ শতিকাৰ মাজভাগত প্ৰকাশ পোৱা ‘অৰুণোদই’ৰ পৰা আৰম্ভ হোৱা অসমীয়া সংবাদ জগতখনৰ বৰ্ণিল পৰিক্ৰমাই আহি আহি আজিৰ এই একবিংশ শতিকাৰ তথ্য-প্ৰযুক্তিৰ যুগত এক নতুন মাত্ৰা লাভ কৰিছে ।
সংবাদ মাধ্যমটো আজি ন ন ৰূপত জনসাধাৰণৰ নিচেই ওচৰ চাপি গৈছে। এই পৰিক্ৰমাক সাৰ্থক ৰূপ দিয়াৰ ক্ষেত্ৰত নিবিড়ভাৱে জড়িত হৈ আছে এদল সংবাদ সেনানী।
সংবাদ আহৰণ আৰু পৰিৱেশনৰ ক্ষেত্ৰত জনসাধাৰণৰ লগত থাকিলেও এইসকল সেনানীৰ জীৱন আৰু জীৱিকাৰ সৈতে জড়িত সংগ্ৰাম আৰু সংঘাতৰ বিষয়ে অজ্ঞ সাধাৰণ জনতা ।
এইসকল লোকৰ নিষ্ঠা, সততা, শঠতা আদিৰ বিপৰীতে তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বান, শোষণ, বঞ্চনা আদি সংবাদ জগতখনৰ মাজতেই পাকঘূৰণি খাই ৰৈ যায় । অসমীয়া সাহিত্যতো আশানুৰূপভাৱে প্ৰতিফলিত হোৱা নাই এই জগতখন ।
তেনে পৰিপ্ৰেক্ষিততে জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক চন্দন ভাগৱতীৰ সম্পাদনাত শেহতীয়াকৈ প্ৰকাশ পোৱা গল্প সংকলন ‘চতুৰ্থ স্তম্ভৰ গল্প’ক এক মাইলৰ খুঁটি বুলি গণ্য কৰিব পাৰি । এই গ্ৰন্থখনত অসমীয়া সংবাদ মাধ্যমৰ বৰ্তমানৰ ছবিখনৰ বিভিন্ন দিশ তুলি ধৰিছে একুৰি এগৰাকী নবীন-প্ৰবীণ সাংবাদিক গল্পকাৰে ।
ইয়াৰে প্ৰতিগৰাকী গল্পকাৰেই সংবাদ মাধ্যমৰ সৈতে জড়িত থকা বাবে তেওঁলোকে একোটা জীয়া অনুভৱক গল্পৰ ৰূপত তুলি ধৰিব পাৰিছে ।
সংকলনটিত সন্নিৱিষ্ট হৈছে অপূৰ্ব শৰ্মা, মণিকা দেৱী, গীতালি বৰা, ৰত্না ভৰালী তালুকদাৰ, প্ৰশান্ত কুমাৰ দাস, স্বপ্না বেজবৰুৱা, পংকজ কুমাৰ দত্ত, মুকুল কলিতা, সন্দীপ বৰ্মন, চন্দন কুমাৰ নেওগ, দিগন্ত কুমাৰ নাথ, চন্দন শৰ্মা, উদয়জিৎ বুঢ়াগোহাঞি, মনোৰঞ্জন ভট্টাচাৰ্য্য, কিশোৰ কুমাৰ ভূঞা, শোণিত কুমাৰ গোস্বামী, দেৱানন্দ মেদক (মিৰি), অনুপম চক্ৰৱৰ্তী, পাৰ্থপ্ৰৱাল গোস্বামী, পুষ্পাঞ্জলি গোস্বামী আৰু চন্দন ভাগৱতীৰ ভিন্নস্বাদৰ মুঠ একুৰি এটা গল্প।
গল্পসমূহৰ মাজেৰে উন্মোচিত হৈছে অসমৰ সংবাদ জগতখনৰ বহু অলক্ষিত দিশ ।
২৫০ টকা দামৰ এই গ্ৰন্থখন প্ৰকাশ কৰিছে গুৱাহাটীৰ প্ৰকাশন প্ৰতিষ্ঠান ‘শব্দ-শিল্প’ই।
পুষ্পাঞ্জলি গোস্বামী