
🌹🌹🌹🌹🌹🌹🌹ঘাঁহফুলৰ মাজেদি🌹🌹🌹🌹
সাম্প্ৰতিক সময়ৰ শক্তিশালী কবি কিশোৰ মনজিৎ
বৰাৰ পঞ্চম কাব্যগ্রন্থ ঘাঁহফুলৰ মাজেদি অলপতে প্রকাশ পাইছে।
আটকধুনীয়াকৈ প্রকাশ কৰা কাব্য সংকলনটিত ২০১৮ চনৰ পৰা ২০২৫ চনলৈ কবিৰ দ্বাৰা ৰচিত ৪৫টা কবিতাই ঠাই পাইছে। গ্রন্থখনৰ সৰহসংখ্যক কবিতাই প্রকাশ,গৰীয়সী, প্রান্তিক, সাতসৰী,অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি আদি কাকত-আলোচনীত ইতিমধ্যে
প্রকাশ পাইছে।
বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীৰ মননশীল আগকথাসমৃদ্ধ কাব্যগ্রন্থখনত কবিৰ এটা সাক্ষাৎকাৰো সন্নিৱিষ্ট হৈছে।
বিশিষ্ট কবি, সমালোচক হৰেকৃষ্ণ ডেকা আৰু ড° আনন্দ বৰমুদৈয়ে কিশোৰ মনজিতৰ কবিতা সন্দৰ্ভত প্ৰেৰণাদায়ক অভিমত আগ বঢ়োৱা গ্ৰন্থখনিত ‘কলকাতা কবিতাগুচ্ছ’, ‘পেটিকোট ধোৱা মতা’, ‘পত্নী’, ‘ৰাতি পুৱাবনে… পুৱাব’, ‘কঁপে বাঁহপাত ম’ৰাপাখি’ আদি ভালেকেইটা বহুচর্চিত কবিতা সন্নিৱিষ্ট হৈছে।
‘কলকাতা কবিতাগুচ্ছ’ৰ দৰে কবিতাত গদ্যৰ পৃথিৱীকো এইজন কবিয়ে কবিতাৰ ভাষাৰেই ধৰি ৰাখিছে।
পূৰ্বাঞ্চল প্রকাশে প্রকাশ কৰি উলিওৱা কাব্যগ্ৰন্থখনৰ দাম ২২০ টকা মাত্র।

