
❤️গ্ৰন্থ সুবাসৰ অন্যতম গ্ৰন্থপ্ৰেমী শ্ৰদ্ধাৰ লেখক তিলক চন্দ্ৰ নাথ দেৱৰ কথাৰে আহকচোন পঢ়িব।🌹
“অসমীয়া লেখক-লেখিকাৰ পৰিচয়” শিতান লৈ
তিলক চন্দ্ৰ নাথ
=============
গোৱালপাৰা জিলাৰ বগুৱান আৰক্ষী থানাৰ অন্তৰ্গত নাৰাংগাবাৰী গাঁৱত ১৯৬৫ খ্ৰীষ্টাব্দৰ ১১ নবেম্বৰ তাৰিখে জন্ম। গোৱালপাৰা নগৰৰ পৰা বহু নিলগৰ এক ভিতৰুৱা অখ্যাত গাঁৱত জন্ম হোৱা বাবে হয়তো গাঁৱৰ বোকা-পানী অতিকে চিনাকি। জন্ম গাঁৱৰে নাৰাংগাবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি গাঁৱৰে নিকটৱৰ্তী বগুৱান হাইস্কুলত দশম শ্ৰেণীলৈকে পঢ়ি উত্তীৰ্ণ হওঁ। পৰৱৰ্তী পৰ্যায়ত গোৱালপাৰা মহাবিদ্যালয়ত পঢ়িবলৈ লওঁ। উচ্চতৰ মাধ্যমিক শ্ৰেণী উত্তীৰ্ণ হৈ চাকৰিৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হওঁ। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰাপ্ত নম্বৰ আৰু সাক্ষাৎকাৰৰ ভাল ফলাফলে মোৰ বাবে সুফল কঢ়িয়াই আনে। ঘৰৰ আৰ্থিক দীনতাৰ বাবে চাকৰিৰ সুবিধাটো এৰি নিদিলো। ১৯৮৭ খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ ২৭ তাৰিখে ডাকযোগে পোৱা নিযুক্তি পত্ৰ লৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলো। ইফালে প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে অৱতীৰ্ণ হৈ কলা স্নাতক পৰীক্ষাতো উত্তীৰ্ণ হওঁ।
সপ্তম শ্ৰেণীৰ পৰাই কবিতাৰ চৰ্চা কৰিবলৈ লওঁ। বগুৱান হাইস্কুলৰ মুখপত্ৰ “ভাস্কৰ”ত প্ৰথম কবিতা প্ৰকাশ পায়। পৰৱৰ্তী দিনবোৰত গোৱালপাৰা মহাবিদ্যালয় আলোচনী, বিভিন্ন বাতৰি কাকত, কাব্যালোচনী, স্মৃতিগ্ৰন্থ আদিত কবিতা, প্ৰবন্ধ আদি প্ৰকাশ হৈ আহিছে। ইতিমধ্যে “জোনাকী অনুভৱ” (২০১৬) আৰু “নৈশব্দৰ মালিতা” (২০১৮) শীৰ্ষক দুখন কবিতা পুথি প্ৰকাশ পাইছে।
একনিষ্ঠতাৰে শিক্ষকতাক সাৰথি কৰি আগবঢ়া বাবেই হয়তো ২০১১ খ্ৰীষ্টাব্দত প্ৰধান শিক্ষক হিচাপে ৪২৭ নং চাটামাৰী প্ৰাথমিক বিদ্যালয়ে গোৱালপাৰা জিলাৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান অৰ্জন আৰু ২০১৭ খ্ৰীষ্টাব্দত জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ দ্বাৰা কৃতী শিক্ষক হিচাপে সম্বৰ্ধিত হওঁ।
ইয়াৰ উপৰি বগুৱান প্ৰেছগীল্ড, বগুৱান অভিযাত্ৰী সংঘ আদিৰ দ্বাৰাও কৃতী শিক্ষক হিচাপে সম্বৰ্ধিত হওঁ।
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, অসম সাহিত্য সভাৰ আজীৱন সভ্য, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সংস্থাৰ আজীৱন সভ্য, অসম বিজ্ঞান সমিতিৰ আজীৱন সদস্য, অসম নাথ সাহিত্য সভাৰ বৰ্তমানৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আদি সংগঠনৰ লগত জড়িত হৈ আছোঁ। পূৰ্বে ‘নতুন দৈনিক’, অসমীয়া প্ৰতিদিন’, দৈনিক অগ্ৰদূত’ আদি বাতৰি কাকতত ‘বগুৱান’ আস্থানৰ পৰা সংবাদদাতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলোঁ।
পুথি অধ্যয়ন এটা নিচা হোৱা বাবে গ্ৰন্থ ক্ৰয় কৰি পঢ়িবলৈ ভাল পাওঁ। পঢ়ি উঠি গ্ৰন্থখনৰ বিষয়ে কিছু কথা লিখি অথবা গ্ৰন্থখনৰ বিষয়ে আলোকপাত কৰি লিখি থোৱাটো এটা কৰ্তব্য বুলিয়ে ভাবোঁ। আলোকপাত কৰা কথাখিনিয়ে আনকো গ্ৰন্থখনৰ বিষয়ে জনাত সহায় কৰিব পাৰে আৰু নিজেও বহুদিন পিছত হ’লেও গ্ৰন্থখনত কি লিখা আছিল সেই কথাৰ উমান পাব পাৰিম বুলি ভাবোঁ। সেয়ে পঢ়ি উঠি আলোকপাত লিখাৰ এটা অভ্যাস গঢ়ি উঠিছে। গ্ৰন্থ সুবাসৰ জৰিয়তেও কিছু গ্ৰন্থৰ আলোকপাত দাঙি ধৰাৰ প্ৰয়াস কৰি আহিছোঁ।
তিলক চন্দ্ৰ নাথ।
বগুৱান, গোৱালপাৰা
ডাক সূচাংকঃ ৭৮৩১২৯
ফোনঃ ৯৯৫৭৮-২৬৯৭৭
তাং- ৬ জুলাই, ২০২৫ খ্ৰীষ্টাব্দ
