💐💐”প্ৰাচুৰ্য্যৰ মাজতো নাৰীৰ বুকুত অংকিত হ’ব পাৰে এখন অনিৰুদ্ধৰ ছবি”💐💐

বিনীশা দেৱীৰ উপন্যাস ‘গোসাঁনী’ৰ এটি উল্লেখযোগ্য বাক্য য’ত এগৰাকী জীৱন্ত নাৰীক উপস্থাপন কৰিছে লেখিকাই ‘গোসাঁনী’ৰ ৰূপত।

কিন্তু এই গোসাঁনী কোনো ঐশ্বৰিক শক্তিৰ ৰূপ নহয়, এইখন সমাজৰে এগৰাকী নাৰীৰ কাহিনী এয়া ৷

এগৰাকী নিঃসন্তান নাৰীয়ে কেনেকৈ নিজকে মমতাময়ী মাতৃ ৰূপে প্ৰমাণিত কৰিবলৈ গৈ জীৱনৰ সবাতোকৈ কঠিন নিৰ্মম সত্যক উদ্‌ঘাটন কৰি অৱশেষত শূন্যতাক সাৱতি ল’ব লগা হ’ল তাকেই লেখিকাই অতি বলিষ্ঠ ৰূপত প্ৰকাশ কৰিছে ৷

শেষৰ ফালে লেখিকাই কাহিনীক যি অসাধাৰণ হিচাপে উপস্থাপন কৰিলে সেয়া অভূৰ্তপূব ৷

সময়ৰ দাবীত অসমৰ ইতিহাসৰ কেতবোৰ স্পৰ্শকাতৰ ঘটনাকো উপন্যাসখনে চুই গৈছে।

নিঃসন্দেহে কাহিনীক নতুনত্বৰ মাত্ৰা প্ৰদান কৰা এই উপন্যাসখনে যেন অতীজৰ উপন্যাস পঢ়াৰ মাদকতা পুনৰ ঘূৰাই আনিব পাৰিছে ৷

M R Publication ৰ পৰা প্ৰকাশিত ‘গোসাঁনী’ক পঢ়ুৱৈ সমাজে আদৰি লৈছে ৷

এবাৰ পঢ়িব ।

💐💐💐ধন্যবাদেৰে –গ্ৰন্থ সুবাস ।💐💐💐💐

Leave a Reply

Your email address will not be published. Required fields are marked *