💐💐💐💐গোপী উদ্ধৱ সম্বাদ💐💐💐💐💐

বিশাল পাণ্ডিত্য আৰু প্ৰতিভাৰ আকৰ শ্ৰীমন্ত শংকৰদেৱে একুৰি সোতৰখন পুথি ৰচনা কৰিছিল যদিও তাৰে ছাব্বিছ-সাতাইছখনমান পুথিহে উদ্ধাৰ কৰা হ’ল বুলি জানিব পৰা যায়।

‘গোপী উদ্ধৱ সম্বাদ’ কাব্যগ্ৰন্থখন শংকৰদেৱৰ দ্বাৰা ৰচিত গ্ৰন্থৰ মাজত পূৰ্বে অন্তৰ্ভুক্ত হোৱা নাছিল যদিও বহু পণ্ডিতৰ মতে এইখন কাব্যগ্ৰন্থ শংকৰদেৱৰ প্ৰথম কাব্য।

তিলকচন্দ্ৰ মজুমদাৰৰ দ্বাৰা সম্পাদিত এই গ্ৰন্থখন অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰথম প্ৰকাশিত হয় ২০২০ চনৰ আগষ্ট মাহত।

এই গ্ৰন্থত অসমীয়া লিপিৰ সৈতে কাইথেলী লিপিও দিয়া হৈছে।

ঐতিহাসিক গুৰুত্ব থকা ‘ গোপী উদ্ধৱ সম্বাদ ‘ৰ মূল্য ২৫০ টকা মাত্ৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *