
🌹🌹🌹🌹গিজু ভাই বাধেকা🌹🌹🌹🌹
ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত মণ্টেছৰী আৰ্হিৰ শিক্ষা ব্যৱস্থাৰ বাটকটীয়া আছিল গিজুভাই বাধেকা।
ব্যক্তিগতভাবে তেখেতে উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা আছিল যদিও শিশুসকলৰ সামগ্রিক উৎকর্ষ সাধন আৰু শিক্ষাৰ প্ৰতিহে অধিক আগ্রহশীল আছিল।
১৯২০ চনত বাধেকাই ‘বাল মন্দিৰ’ নামৰ প্রাক প্রাথমিক শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰিছিল।
✍️শ্ৰী তৰুণ চন্দ্ৰ শইকীয়াই এটা ৰাজহুৱা খণ্ডৰ তৈল উদ্যোগৰ পৰা এজন জোষ্ঠ ভূ-বিজ্ঞানী হিচাপে অৱসৰ গ্ৰহণ কৰিছে।
অসমৰ লগতে উত্তৰাখণ্ড আৰু গুজৰাতত তেখেতে সেৱা আগবঢ়াইছিল।
গুজৰাতত থকা সময়ছোৱাত শইকীয়াই গুজৰাতী ভাষা-সংস্কৃতি অধ্যয়ন কৰিছিল, তাৰ চানেকি হিচাপে জনপ্ৰিয় গুজৰাতী লেখক সিজুভাই বাধেকাৰ এখন সুখপাঠ্য কিতাপ ‘দিবাস্বপ্ন’ অসমীয়ালৈ অনুবাদ কৰি অসমৰ পঢ়ুকৈসমাজলৈ আগবঢ়াইছে।
গৰীয়সী,প্ৰান্তিক, সাতসৰী, দৈনিক জনমভূমি, সাদিন, অসমীয়া প্রতিদিন আদি কাকত-আলোচনীত তেওঁৰ বিভিন্ন লেখা প্রকাশ পাইছে।

