
🌹❤️🌹❤️মেঘালী দত্ত ঠাকুৰীয়া বাইদেউৰ কথাৰে আহক পঢ়িব।🌹❤️🌹❤️
গ্ৰন্থ আলোচনা
কিতাপৰ নাম —- গহ্বৰ ।
লেখক —– ড০ ভবেন্দ্ৰ নাথ শইকীয়া ।
প্ৰকাশক —— জ্যোতি প্ৰকাশন ।
মূল্য —— ১২০’০০
"গহ্বৰ" ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ এখন চুটি গল্প সংকলন । ইয়াত মুঠতে এঘাৰটা চুটি গল্প আছে । ভবেন্দ্ৰ নাথ শইকীয়া দেৱৰ গ্ৰন্থ মোৰ প্ৰিয় । গোটেই কেইটা গল্প বৰ সুন্দৰ আৰু ব্যতিক্ৰমী । তেখেতে একোটা পৰিবেশ, পৰিস্থিতিক বৰ সুন্দৰ কৈ গল্পৰ ৰূপ দিছে। গল্পৰ চৰিত্ৰত গভীৰ ভাবে সোমাই বৰ্ণনা কৰা গল্পবোৰে সদায় আকৰ্ষণ কৰে।
"গহ্বৰ" গল্পটোত মিঃ পিয়েনাৰে হৃদযন্ত্ৰৰ অসুখত ভুগি মুমূৰ্ষু অৱস্হাত অইন দহজন ৰোগীৰ নিচিনাকৈ হাস্পতাললৈ আহিছিল। তেওঁৰ অৱস্থা দিনে দিনে বেয়াৰ
ফাললৈ গৈছিল।শেষত চিকিৎসক সকলে তেওঁৰ অন্তিম মুহূৰ্তবোৰ গণনা কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু এনে সময়তে ডঃ কেম্পবেলে দুৰ্ঘটনাত নিহত প্ৰায় একত্ৰিশ
বছৰীয়া যুবক স্মিথৰ স্পন্দনৰত হৃদপিণ্ড মিঃ পিয়েনাৰৰ দেহত স্হাপন কৰিলে । তেখেতৰ অকামিলা হৃদপিণ্ড আতৰাই পেলোৱা হ’ল ।
মিঃ পিয়েনাৰে নতুন জীৱন পালে । আগৰ দৰে সম্পূৰ্ণ সুস্থ হৈ উঠিল। কিন্তু মিচেচ পিয়েনাৰে এই আকস্মিকতাত মানসিক অন্তৰ্দণ্ডত ভুগিবলৈ ধৰিলে।মিঃ পিয়েনাৰৰ যেন হৃদপিণ্ড সলনিৰ লগে লগে মনো সলনি হ'ল । মিচেচ পিয়েনাৰৰ সকলো ওলট-পালত যেন ভাৱ হ'ল ।
ইফালে দুৰ্ঘটনাত মৃত্যু হোৱা স্মিথৰ হৃদপিণ্ড মিঃ পিয়েনাৰৰ শৰীৰত সংস্থাপন হোৱাত তেওঁৰ পত্নী আপোন মৰমৰ স্বামীৰ হৃদয়ৰ সান্নিধ্য বিচাৰি মিঃ পিয়েনাৰৰ ওচৰলৈ আহিল। এনেদৰে মিচেচ পিয়েনাৰ আৰু স্মিথৰ পত্নী মেৰীৰ অন্তৰৰ আবেগ,অনুভূতি গল্পটোত প্ৰকাশ পাইছে। বৰ সুন্দৰ আৰু পঢ়ি ভাল লগা এটা অনন্য গল্প।
"যৌতুক" গল্পটো বিবাহৰ নামত অযথা অৰ্থ ব্যয় তেখেতে সমৰ্থন নকৰি গল্পৰ মাজেৰে তেখেতে সুন্দৰ কৈ
প্ৰকাশ কৰিছে। সুৰভী আৰু প্ৰমোদৰ প্ৰেম, বিবাহ আদিৰ মাজেৰে যৌতুকৰ তেখেতে ঘোৰ বিৰোধিতা কৰিছে। ,সুন্দৰ উপস্থাপনৰ মাজেৰে তেখেতে বিবাহৰ প্ৰকৃত অৰ্থৰ প্ৰকাশ কৰিছে।
“অমৃত” গল্পটোও বৰ সুন্দৰ। বৈবাহিক জীৱনৰ সুখ, আনন্দ,ত্যাগ আদিৰ মাজেৰে একোটা সম্বন্ধ কেনেকৈ সুন্দৰ হৈ উঠে তাকে গল্পৰ মাজেৰে প্ৰকাশ কৰিছে। মায়া আৰু দিবাকৰৰ প্ৰেম, ত্যাগ,সহনসীলতাৰ মাজেৰে বৈবাহিক জীৱনৰ সুন্দৰতা খিনি লেখকে মনোমোহা কৈ দেখুৱাইছে ।
"বয়স" গল্পটো এটা সুন্দৰ গল্প। চন্দ্ৰিকা, লাহতী, নীৰলা, সাবিত্ৰী হঁতৰ দৰে গাঁৱৰ মহিলা সকলৰ কষ্ট, দায়িত্ব আৰু মনৰ ধাৰনা সুন্দৰ কৈ প্ৰকাশ কৰিছে।
" গহ্বৰ" ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ এখন সুন্দৰ গল্প সংকলন ।
🌿🌿🌿🌿🌿🌿

