💐”মাতৃৰ পৰা বিদায়ৰ ক্ষণত দেৱী গংগাই দেৱব্ৰতৰ শিৰত হাত থৈ আশীৰ্বাদ দি ক’লে–“এতিয়া তুমি তোমাৰ পিতৃ মহাৰাজৰ লগত হস্তিনাপুৰলৈ গমন কৰা, য’ত ইতিহাসে তোমাৰ কাৰণে প্ৰতীক্ষা কৰি আছে। “💐

সেই ইতিহাস আছিল কাৰুণ্যৰ।ৰাজকীয় সম্ভ্ৰম আৰু সন্মানেৰে পৰিৱেষ্টিত হৈও কোনোবাখিনিত আজীৱন বঞ্চিত আৰু অসহায় হৈ ৰ’ল মহাভাৰতৰ সৱাতোকৈ গাম্ভীৰ্যপূৰ্ণ সেই স্থিতপ্ৰজ্ঞ চৰিত্ৰ—ভীষ্ম। পৱিত্ৰতম নদী গংগাৰ এই সন্তান দেৱব্ৰতৰ জীৱনৰ হৃদয়স্পৰ্শী কাহিনীৰে লিখি উলিওৱা এখনি মননশীল উপন্যাস–“গংগাপুত্ৰ ভীষ্ম”। বন্তি বৰঠাকুৰ বৰুৱাৰ উপন্যাসখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ন প্ৰকাশনে।

মূলতঃ বৰ্ণনাধৰ্মী উপন্যাসখনত মহাভাৰতৰ প্ৰতিটো চৰিত্ৰ, প্ৰতিটো কাহিনী-উপকাহিনীক লেখিকাই সাৰ্থকৰূপত তুলি ধৰিছে। অৰ্থাৎ কাহিনীভাগ ভীষ্ম-কেন্দ্ৰিক হ’লেও আনুষংগিক চৰিত্ৰাৱলীক যথাযোগ্যভাৱে উপস্থাপন কৰাত তেওঁ পাৰদৰ্শিতা দেখুৱাব পাৰিছে; যাৰ বাবে ‘গংগাপুত্ৰ ভীষ্ম’ই মহাভাৰত আধাৰিত উপন্যাস হিচাপে পূৰামাত্ৰাই সফলতা দাবী কৰিব পাৰে।

ঔপন্যাসিকৰ ভাষা আৰু লেখন-শৈলী সহজ আৰু সাৱলীল। তদুপৰি, খুব কম পৰিসৰতে অধিক তথ্য আৰু প্ৰসংগৰ অন্তৰ্ভুক্তি উপন্যাসখনৰ অন্যতম আকৰ্ষণীয় দিশ।

উপন্যাসখনৰ সন্দৰ্ভত বাটচ’ৰাতে জনপ্ৰিয় লেখিকা ৰাস্না পালকে লিখিছে–

”প্ৰাচীন সাহিত্যৰ যি নৱৰস, সেই ৰস প্ৰদানেৰে পাঠকে ‘গংগাপুত্ৰ ভীষ্ম’ উপন্যাসখনক আধুনিক মহাভাৰত বুলি উল্লেখ কৰিলেও ভুল কোৱা নহয়।… মূলসুঁতিৰ পৰা ফালৰি নাকাটি নিজস্ব শৈলী আৰু সাৱলীল প্ৰকাশভংগীৰে ঔপন্যাসিকে গ্ৰন্থখনত মৌলিকতাও প্ৰদান কৰিছে। এক সুন্দৰ গতিৰে আঁত হেৰুৱাবলৈ নিদি ‘গংগাপুত্ৰ ভীষ্ম’ গ্ৰন্থখনৰ সমাপ্তি কৰিছে। “

“গংগাপুত্ৰ ভীষ্ম”

বন্তি বৰঠাকুৰ বৰুৱা

পূৰ্বায়ণ প্ৰকাশন

দাম ১৯০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *