ড° দিলীপ ৰঞ্জন বৰঠাকুৰ এগৰাকী প্ৰথিতযশা নিপুণ তবলাবাদক, গৱেষক, সংগীতবিদ, সংগীত সংগঠক আৰু সংগীতৰ প্ৰচাৰক ৰূপে পৰিচিত।

এখেত সাধাৰণ শিক্ষাত পৰিসংখ্যা বিজ্ঞানৰ স্নাতকোত্তৰ।

সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ।

বৰ্তমান মহাবিদ্যালয়ৰ ন্যাসৰ সভাপতি।

১৯৯৭ চনত উত্তৰ-পূব ভাৰতৰ বাদ্য যন্ত্ৰৰ ওপৰত লিখা এখেতৰ গৱেষণা গ্রন্থৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এই নীৰৱ কৰ্মী গৱেষকগৰাকীক ‘ডক্টৰেট’ ডিগ্রী প্রদান কৰে।

উল্লেখযোগ্য যে সংগীতৰ ওপৰত গৱেষণা কৰি পি.এইচ. ডি. ডিগ্রী সন্মান লাভ কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ড° বৰঠাকুৰেই প্ৰথম গৰাকী ব্যক্তি।

ইতিমধ্যে এখেতৰ ৰচিত ১৩ টাকৈ সংস্কৰণ প্ৰকাশ পোৱা তবলা শিক্ষাৰ বিজ্ঞানসন্মত গ্রন্থ ‘তবলা বিজ্ঞান’খন ১৯৭৫ চনতে প্ৰথম প্ৰকাশ পাইছিল।

ড° বৰঠাকুৰৰ ‘The Music and Musical Instruments of North Eastern India’ নামৰ বৃহৎ কলেৱৰৰ গ্ৰন্থখন ইংৰাজী ভাষাত প্ৰকাশ পাইছিল ২০০৩ চনত।

তথ্যমূলক গৱেষণালব্ধ এই গ্রন্থখনি ইতিমধ্যে ভাৰতৰ বিভিন্ন ঠাইত সমাদৃত হোৱাৰ লগতে বিদেশৰ বজাৰতো সমাদৰ লাভ কৰিছে।

এখেতৰ দ্বাৰা ৰচিত অন্য গ্ৰন্থসমূহৰ ভিতৰত ‘ভাৰতীয় সংগীত সাধক’, ‘সংগীত পৰিচয়’, ‘স্বৰবাদ্য বিজ্ঞান’ (ড° বৰঠাকুৰ আৰু তেখেতৰ সহধর্মিণী চেতাৰ বিশেষজ্ঞা নীলিমা বৰঠাকুৰৰ দ্বাৰা যুটীয়াভাৱে লিখিত), ডিবৰু পাৰৰ সংগীত’ উল্লেখযোগ্য।

ড° বৰঠাকুৰে বাংলা ভাষাত লিখা ‘সংগীত বিজ্ঞানে তবলা’ গ্ৰন্থখনে ভাৰত আৰু বাংলাদেশত সমাদৃত লাভ কৰিছে।

তদুপৰি ড° বৰঠাকুৰে প্ৰণয়ন কৰা সংগীত বিষয়ৰ বহু তথ্যগধুৰ প্ৰবন্ধ আৰু ৰচনা সময়ে সময়ে প্রকাশ পাই আহিছে।

ড° বৰঠাকুৰে ‘সুবন্ধন খোল’ নামেৰে, সংগত কৰোতে লগে লগে সুৰ বান্ধিব পৰাকৈ, এটি খোল নির্মাণ কৰিছিল।

এই খোলটি ২০০১ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘সত্ৰীয়া সংগীত অধ্যয়ন কেন্দ্ৰ’ৰ দ্বাৰা, অসমৰ বহু গৰাকী সত্ৰীয়া সংগীতৰ পুৰুধা ব্যক্তিৰ আগত প্ৰদৰ্শন কৰাত এই খোলে অসমৰ সংগীতলৈ এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি স্বীকৃতি দিয়ে।

আকাশবাণীৰ কেন্দ্ৰীয় চৰকাৰৰ অনুৰোধত এখেতে ২০০১ চনত ১৩টা খণ্ডত Musical Instruments of North East- ern India’ এক বহুমূলীয়া সম্পদ আগবঢ়ায়।

ৰাজ্যিক চৰকাৰে ২০১২ চনত শিল্পী দিৱসৰ দিনা এইগৰাকী মহান শিল্পীক ‘শিল্পী বঁটা’ৰে সন্মানিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *