💐’খেলৰত্ন লাভলীনা’ পঢ়িলেনে আপুনি….

💐সাঁতোৰ শিকিবলৈ পুখুৰী খন্দা ছোৱালীজনী💐

                  ঃ দেৱজিৎ ফুকনঃ

সহযোগী অধ্যাপক, ডি আৰ কলেজ, গোলাঘাট

তেতিয়া লাভলীনা সপ্তম শ্ৰেণীৰ ছোৱালী৷

দেউতাক কৰ্মসূত্ৰে দূৰত থাকে বাবে ঘৰত দুই জ্যেষ্ঠ ভগ্নী আৰু মাকৰ সৈতে লাভলীনা থাকে৷

গতিকে পুৰুষবিহীন ঘৰখনত সকলো পুৰুষৰ কাম ছোৱালী তিনিজনী আৰু মাকেই কৰিবলগীয়া হয়৷

চাউল মিলত ধান কুটাই অনাৰ পৰা ঘৰৰ খৰি-খেৰ গোটোৱালৈকে সকলো কাম লাভলীনা আৰু দুই জেষ্ঠ ভগ্নী লিছা আৰু লিমাই কৰিবলগীয়া হয়৷

লাভলীনাহঁতৰ সাঁতোৰ শিকিবলৈ মন৷

কিন্তু ঘৰত নিজাকৈ এটা পুখুৰীৰ অভাৱ৷

নগৰীয়া মধ্যবিত্ত পৰিয়ালৰ ছোৱালী হোৱাহেঁতেনে দেউতাকে কোনো চুইমিং ট্ৰেইনিং চেণ্টাৰত লাভলীনাহঁতক নাম লগাই দিলেহেঁতেন৷ লগতে দামী দামী চুইমিং কষ্টিউম্‌৷

কিন্তু বৰপথাৰ বাৰমুখীয়া গাঁৱত চুইমিং কষ্টিউম্‌ পিন্ধি চুইমিং পুলত সাঁতোৰ শিকা দূৰৰ কথা, লাভলীনাহঁতৰ নিজা এটা পুখুৰীও নাছিল৷

কিন্তু দৃঢ়মনা লাভলীনা আৰু দুই জ্যেষ্ঠ ভগ্নীয়ে সাঁতোৰ শিকিবলৈ দৃঢ় প্ৰতিজ্ঞ আছিল৷

গতিকে তিনিও ভগ্নী লগ হৈ ঘৰৰ পিছফালে নিজেই পুখুৰী খান্দিবলৈ লাগিল৷

দেউতাক টিকেন বৰগোহাঁয়ে আমাক জনোৱা অনুসৰি ঘৰৰ সেই পুখুৰী খন্দাৰ উদ্দেশ্য মাছ পোহা নাছিল, আছিল ছোৱালী তিনিগৰাকীৰ সাঁতোৰ শিকাৰ ইচ্ছা৷

আৰু সেই ইচ্ছাক বাস্তৱায়িত কৰিবলৈ তিনিজনী ছোৱালীয়ে প্ৰায় অসাধ্য সাধন কৰি ঘৰৰ পিছফালে পুখুৰীটো খান্দি উলিয়াইছিল আৰু তিনিজনী ছোৱালী সাঁতোৰত পাৰ্গত হৈ উঠিছিল৷

সেইজনীয়ে লাভলীনা, যাক কোনো প্ৰতিবন্ধকতাই বাধা দি ৰাখিব নোৱাৰে৷

পুৰুষ নথকা ঘৰখনত ছোৱালী তিনিজনীয়ে ……

Leave a Reply

Your email address will not be published. Required fields are marked *